peepl-small

সংকটৰ মাজতে অসমবাসীৰ বাবে এটি সুখবৰঃ পলাশবাৰীত ৰেমডেচিভিৰ ইনজেকচন উৎপাদন ছান ফার্মাৰ

PUBLISHED:

গুৱাহাটীঃ  ক’ভিডৰ দ্বিতীয় পর্যায়ৰ সংক্রমণে সমগ্র দেশৰ লগতে অসমতো সংকট–আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ সময়তে ৰাজ্যবাসীৰ বাবে এক সুখবৰ৷ ক’ভিড চিকিৎসাৰ ক্ষেত্রত অত্যন্ত প্রয়োজনীয় হিচাপে পৰিগণিত ৰেমডেচিভিৰ ইনজেকচন এইবাৰ অসমতে উৎপাদন আৰম্ভ হৈছে৷ দক্ষিণ কামৰূপৰ পলাশবাৰীস্থিত ঔষধ প্রস্তুতকাৰী উদ্যোগ ছান ফার্মাই আৰম্ভ কৰিছে ৰেমডেচিভিৰ ইনজেকচনৰ উৎপাদন৷ ৰাজ্যৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই দেওবাৰে পুৱাই উদ্যোগটোত উপস্থিত হৈ প্রতিষ্ঠানটোৰ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়৷

বৈঠকৰ অন্তত মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে পলাশবাৰীত ছান ফার্মাই সপ্তাহত প্রায় ৮০ হাজাৰ ৰেমডেচিভিৰ ইনজেকচন প্রস্তুত কৰি আহিছে৷ মাহে এই প্রতিষ্ঠানটোৱে ৩ লাখ ৬০ হাজাৰ ইনজেকচন উৎপাদন কৰে৷ সমগ্র দেশৰ বাবে ৰেমডেচিভিৰ ইনজেকচন প্রস্তুতৰ বাবে ছান ফার্মাই প্রয়োজনীয় কেঁচামাল লাভ কৰি আহিছে৷ অসম চৰকাৰে প্রয়োজন হোৱা ৰেমডেচিভিৰ ইনজেকচন প্রতিষ্ঠানটোৰ পৰা বিচৰাত আজি তেওঁলোকে ১০ হাজাৰ ইনজেকচন দিয়াৰ ব্যৱস্থা কৰে৷ অসমবাসীৰ বাবে এয়া স্বস্তিৰ খবৰ বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে অহা ১০–১৫ দিনৰ বাবে ৰাজ্যখনত ৰেমডেচিভিৰ ইনজেকচন নাটনি নোহোৱা হ’ল৷ কালি মাইলেণ্ড নামৰ কোম্পানীটোৱে ২০০০ ৰেমডেচিভিৰ ইনজেকচন অসম চৰকাৰক দিয়ে৷ আজি ছান ফার্মাই ১০ হাজাৰ দিয়াৰ ফলত ৰাজ্যখনত এতিয়া ৰেমডেচিভিৰ ইনজেকচনৰ ষ্টক ২৫ হাজাৰলৈ বৃদ্ধি পালে৷ ফলত ১০–১৫ দিনলৈ অসমত ৰেমডেচিভিৰ ইনজেকচনৰ কোনো অভাৱ নাথাকিব৷

ৰেমডেচিভিৰ কোনো প্রতিষেধক নহয়, এণ্টি ভাইৰেলহে বুলি জানিবলৈ দি মন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত কয় যে ক’ভিডত আক্রান্ত কোনো ৰোগীৰ দেহত অক্সিজেনৰ পৰিমাণ ৯৫ৰ তললৈ নামি আহিলে ৰেমডেচিভিৰ ইনজেকচন প্রয়োগ কৰা হয়৷ ফলত তেওঁলোকে ক’ভিড জয় কৰিবলৈ সক্ষম হয়৷ অসমে প্রথমৰে পৰাই ক’ভিড ৰোগীক ৰেমডেচিভিৰ ইনজেকচন দি আহিছে৷ তাৰ বাবে ৰাজ্যখনত ক’ভিডত মৃত্যুৰ হাৰ কমি আছিল৷ আই চি এম আৰেও শেহতীয়াকৈ ক’ভিড যুদ্ধৰ ক্ষেত্রত অসমে লোৱা পথকে সমগ্র দেশে লোৱা উচিত বুলি মন্তব্য কৰিছে৷ তেওঁ আৰু কয় যে আজি ছান ফার্মাৰ পৰা লাভ কৰা ১০ হাজাৰ ৰেমডেচিভিৰ ইনজেকচনৰ আঢ়ৈ হাজাৰ নার্ছিং হোমসমূহৰ বাবে আছুতীয়াকৈ ৰখা হৈছে৷ তেওঁলোকে ইচ্ছা কৰিলে চৰকাৰৰ পৰা চৰকাৰী দৰত সেই ইনজেকচন ক্রয় কৰিব পাৰিব৷ অৱশ্যে চৰকাৰৰ পৰা ক্রয় কৰা ইনজেকচন নার্ছিং হোমসমূহে চৰকাৰী দৰতে ৰোগীক দিব লাগিব৷

ইপিনে, অক্সিজেনৰ ক্ষেত্রতো অসম এতিয়ালৈ সমস্যাত ভোগা নাই বুলি জানিবলৈ দি তেওঁ কয় যে জি এম চি এইচত তিনিটা, যোৰহাট মেডিকেল কলেজ হাস্পতালত দুটা, ডিফু মেডিকেল কলেজ হাস্পতাল–বৰপেটা মেডিকেল কলেজ হাস্পতাল আৰু তেজপুৰ মেডিকেল কলেজ হাস্পতালত এটাকৈ মুঠ আঠটা অক্সিজেন প্লাণ্ট ইতিমধ্যে আৰম্ভ হৈছে৷ ডিব্রুগড় মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ আৰু মহেন্দ্র মোহন চৌধুৰী হাস্পতালত এটাকৈ অক্সিজেন প্লাণ্টৰ কাম পূর্ণগতিত চলি আছে৷ মহেন্দ্র মোহন চৌধুৰী হাস্পতাল আৰু শিলচৰ মেডিকেল কলেজ হাস্পতালৰ অক্সিজেন প্লাণ্ট দুটা অহা তিনি দিনৰ ভিতৰত আৰম্ভ কৰিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ সেয়ে তেওঁ অহা ২–৩ মে’ পর্যন্ত অসমত অক্সিজেনৰ নাটনি নহ’ব বুলিও মত প্রকাশ কৰে৷ তেওঁ আৰু কয় যে ভূটানত দৈনিক ৫০ মেট্রিকটন অক্সিজেন উৎপাদনৰ প্লাণ্ট এটাৰ কাম চলি আছে৷ এমাহৰ ভিতৰত প্লাণ্টটো সম্পূর্ণ হৈ উঠাৰ আশা আছে৷

ভূটানৰ সেই প্লাণ্টৰ পৰা অসমলৈ অক্সিজেন আমদানিৰ বাবে দেওবাৰে তেওঁ ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাক চুবুৰীয়া ৰাষ্ট্রখনলৈ পঠিয়াইছে৷ প্লাণ্টটোৰ কর্তৃপক্ষক আগতীয়াকৈ ২–৩ মাহৰ অক্সিজেনৰ দাম অসম চৰকাৰে বহন কৰাৰ বিষয়েও কথা পাতিছে, যাতে তেওঁলোকে সোনকালে প্লাণ্টটো কার্যক্ষম কৰি তোলে৷ ইফালে ভূটানৰ ছানদ্রুপঝংখাৰস্থিত্ প্লাণ্টটো পৰিদর্শন কৰি কর্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হোৱাৰ পিছত সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই প্রকাশ কৰা অনুসৰি লকডাউনৰ বাবে বিগত সময়ছোৱাত প্লাণ্টটোৰ কামত স্থৱিৰতা আহি পৰিছিল৷ কাইলৈৰ পৰা পূর্ণগতিত প্লাণ্টটোৰ কাম আৰম্ভ হ’ব৷ অহা ৪০ দিনৰ ভিতৰত প্লাণ্টটো সম্পূর্ণ হ’লে অসমে তাৰ পৰা অক্সিজেন লাভ কৰিব৷
ভূটানৰ অক্সিজেন প্লাণ্ট পৰিদর্শন মন্ত্রী পীয়ূষ হাজৰিকাৰ
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে আজি ভূটানৰ ছানদ্রুপঝংখাৰ জিলাত নির্মীয়মাণ অক্সিজেন প্লাণ্টটো পৰিদর্শন কৰে৷ অক্সিজেন প্লাণ্টটো পৰিদর্শন কৰি আহি তামুলপুৰত সাংবাদিকৰ আগত মন্ত্রী হাজৰিকাই কয় যে যোৱা বছৰ ক’ভিডৰ সংক্রমণ হোৱাৰ সময়তে গুৱাহাটীৰ এজন যুৱ ব্যৱসায়ী আৰু ছানদ্রুপঝংখাৰৰ এজন ব্যৱসায়ীয়ে যুটীয়াভাৱে অক্সিজেন প্লাণ্টটোৰ কাম আৰম্ভ কৰে৷ কিন্তু ভূটান চৰকাৰে দিয়া তলাবন্ধৰ বাবে প্লাণ্টটোৰ নির্মাণৰ কাম বন্ধ হৈ আছিল৷ প্লাণ্টটো সম্পূর্ণ হৈ উঠিবলৈ আৰু প্রায় ৪০ দিন সময় লাগিব৷ প্লাণ্টটো সম্পূর্ণ হৈ উঠিলে অসমে দৈনিক ৫০ মেট্রিকটন অক্সিজেন লাভ কৰিবলৈ সক্ষম হ’ব৷ তেওঁ আৰু কয় যে মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিশেষ উদ্যোগত কেন্দ্রীয় চৰকাৰে ভূটান চৰকাৰৰ লগত অক্সিজেন প্লাণ্টটো নির্মাণ কৰি উলিয়াবলৈ আলোচনা অব্যাহত ৰাখিছে৷

ক’ভিডৰ দ্বিতীয় সংক্রমণৰ প্রসংগত মন্ত্রী হাজৰিকাই কয় যে ক’ভিড এইবাৰ নতুনকৈ গ্রামাঞ্চলতো পোৱা গৈছে৷ প্রথমটো সংক্রমণ গাঁও অঞ্চলত বিশেষ হোৱা নাছিল৷ সেয়ে এতিয়া মানুহ অত্যন্ত সাৱধান হ’ব লাগিব৷ পৰাপক্ষত মানুহক ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ পৰা বিৰত থকাৰ লগতে মাস্ক পিন্ধা, সঘনে হাত ধোৱাৰ লগতে জনসমাগম এৰাই চলিবলৈ আহ্বান জনায়৷ সেইদৰে ৰাজ্যখনত শেহতীয়াকৈ ক’ভিড ভেকচিন ল’বলৈ ৰাইজৰ মাজত হোৱা হেতা–ওপৰাৰ প্রসংগত তেওঁ কয় যে প্রথম অৱস্থাত স্বাস্থ্য বিভাগৰ ওচৰত পর্যাপ্ত ভেকচিন মজুত থকাৰ পিছতো মানুহে ভেকচিন ল’বলৈ আগবাঢ়ি অহা নাছিল৷ কিন্তু দ্বিতীয় সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ লগে লগে মানুহৰ মাজত হেতা–ওপৰা লাগিছে৷ স্বাস্থ্য বিভাগৰ হাতত এতিয়াও পর্যাপ্ত ভেকচিন মজুত থকাৰ উল্লেখ কৰি তেওঁ ৰাইজক ধৈর্যসহকাৰে ভেকচিন ল’বলৈ আহ্বান জনায়৷

RELATED ARTICLES