peepl-small

মেট্রিক পৰীক্ষাত নাপালে ঈপ্সিত ফলঃ সৰভোগত ছাত্রীৰ আত্মহত্যা

PUBLISHED:

গুৱাহাটী: সৰভোগত  এক শোকাৱহ ঘটনা সংঘটিত হয়৷ সৰভোগৰ ভুলুকাডোবা গাঁৱৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত আকাংক্ষিত ফল নোপোৱাত বৰষা ৰাজবংশীয়ে (১৬) কালি আত্মহত্যা কৰে৷ ভুলুকাডোবাৰ দিবাকৰ ৰাজবংশীৰ কন্যা তথা পশ্চিম বৰনগৰ ছোৱালী হাইস্কুলৰ ছাত্রী বৰষা ৰাজবংশীয়ে কালি ঘোষণা কৰা মেট্রিকৰ ফলাফলত হতাশ হৈ আত্মহত্যা কৰে বুলি পৰিয়ালৰ লোকে জানিব দিয়ে৷

উল্লেখ্য যে বৰষা ৰাজবংশীয়ে দ্বিতীয় বিভাগত উত্তীর্ণ হৈছিল৷ ফলাফল লাভ কৰাৰ পাছত ছাত্রীগৰাকীয়ে সহপাঠীসকলৰ লগত যথেষ্ট আনন্দ–স্ফূর্তি কৰিছিল৷ পাছত ঘৰলৈ উভতি অহাৰ কিছুসময় পাছত পৰিয়ালৰ লোকে ছাত্রীগৰাকীক ঘৰত নেদেখি ইফালে–সিফালে বিচাৰ–খোচাৰ কৰে৷ সন্দেহবশতঃ দেউতাকে ঘৰৰ পিছফালে থকা পুখুৰীত বহু সময় বিচাৰি বৰষাক মৃত অৱস্থাত উদ্ধাৰ কৰে৷

RELATED ARTICLES