peepl-small

পথৰ ওপৰত বাহন ৰাখিলে গৰাকীৰ বিৰুদ্ধে ল’ব আইনী ব্যৱস্থা

PUBLISHED:

গুৱাহাটীঃ  গুৱাহাটী মহানগৰবাসীয়ে বছৰৰ পিছত বছৰ ধৰি যান–জঁটৰ সমস্যাৰ সন্মুখীন হৈ আহিছে৷ যান–জঁটৰ সমস্যাৰ পৰা মহানগৰবাসীক সকাহ দিয়াৰ বাবে যান–বাহন শাখাৰ আৰক্ষীয়ে কেতবোৰ পদক্ষেপ গ্রহণ কৰি আহিছে৷ কিন্তু আজিলৈকে যান–জঁটৰ সমস্যাৰ স্থায়ী সমাধান হোৱা নাই৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰ, পৰিবহণ বিভাগ, যান–বাহন আৰক্ষীকে ধৰি বিভিন্ন বিভাগৰ সৈতে হোৱা এক উচ্চস্তৰীয় আলোচনাৰ অন্তত মহানগৰীৰ পথসমূহ এশ শতাংশ ব্যৱহাৰৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়৷ এই উচ্চস্তৰৰ বৈঠকৰ সিদ্ধান্ত মর্মে গুৱাহাটীৰ মূল পথ–উপ পথসমূহত একাংশ লোকে পার্কিং কৰাৰ লগতে পথৰ ওপৰত ৰখাই থোৱা পৰিত্যক্ত বাহনসমূহ আঁতৰাই নিয়াৰ বাবে সিদ্ধান্ত গ্রহণ কৰা হয়৷

যান–জঁটৰ সমস্যা সমাধানৰ বাবে অহা ২৭ মে’ৰ ভিতৰত মহানগৰীৰ মূল পথ আৰু উপ–পথত ৰখাই থোৱা পৰিত্যক্ত বাহনসমূহ গৰাকীয়ে আঁতৰাই নিব লাগিব৷ দেওবাৰে এক সংবাদ মেলত আনুষ্ঠানিকভাৱে যান–বাহন শাখাৰ ডিচিপি প্রাণজিৎ বৰাই এই নির্দেশনা জাৰি কৰে৷ সংবাদ মেলত তেওঁ লগতে কয় যে ৰাজপথৰ ওপৰত অবৈধভাৱে ৰখাই থোৱা বাহনসমূহ আঁতৰাই নিনিলে বাহনৰ গৰাকীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা ল’ব৷ ২৮ মে’ৰ পৰা যান–বাহন শাখাৰ আৰক্ষীয়ে এনে বাহনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷

তেওঁ লগতে মহানগৰবাসীক পথৰ ওপৰত এনেদৰে বাহন পার্কিং কৰা দেখিলে আৰক্ষীক অৱগত কৰাবলৈ আহ্বান জনায়৷ যান–বাহন শাখাৰ আৰক্ষীয়ে মহানগৰীৰ মূল পথ আৰু উপ পথসমূহ এশ শতাংশ ব্যৱহাৰৰ বাবে এই পদক্ষেপ গ্রহণ কৰা বুলি সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷ যান–জঁটৰ সমস্যা সমাধান আৰু মহানগৰীৰ পথ–উপ পথসমূহৰ এশ শতাংশ ব্যৱহাৰৰ বাবে যান–বাহন আৰক্ষীয়ে এই পদক্ষেপ গ্রহণ কৰিছে যদিও সেয়া কার্যত কিমান ফলপ্রসূ হয় সেয়া সময়েহে ক’ব৷ এই সংবাদ মেলতে ডি চি পি প্রাণজিৎ বৰাই ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে চৰকাৰে জাৰি কৰা নির্দেশনা মহানগৰবাসীয়ে মানি চলা বুলি অৱগত কৰায়৷

অৱশ্যে ক’ভিড বিধি উলংঘা কৰিও একাংশ লোকে সান্ধ্য আইনৰ সময়ছোৱাত যাতায়াত কৰি আহিছে৷ সান্ধ্য আইন উলংঘা কৰা এনে লোকৰ বিৰুদ্ধে যান–বাহন শাখাৰ আৰক্ষীয়ে যোৱা ৪ মে’ৰ পৰা ২২ মে’লৈ অভিযান চলাই ১,১৮৫টা জৰিমনাৰ গোচৰ ৰুজু কৰিছে৷ এই সময়ছোৱাত যান–বাহন শাখাৰ আৰক্ষীয়ে সর্বমুঠ ১৪,৮৪,৫০০ টকা জৰিমনা সংগ্রহ কৰিছে৷ ইয়াৰ উপৰি ৩,২০০ নন এফ আই আৰ গোচৰ ৰুজু কৰিছে৷

সান্ধ্য আইন উলংঘা কৰাৰ অপৰাধত এই সময়ছোৱাত ৪৩৯খন বাহন মহানগৰ আৰক্ষীয়ে জব্দ কৰিছে৷ ইফালে, সাংবাদিকৰ এক প্রশ্ণৰ উত্তৰত ডি চি পি বৰাই থানাসমূহত পৰিত্যক্ত হৈ থকা বাহনসমূহ গৰলিয়াৰ পার্কিঙলৈ নিয়াৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে৷

RELATED ARTICLES