peepl-small

মাস্ক পৰিধান নকৰা লোকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

PUBLISHED:

গুৱাহাটী: অতিমাৰীৰ ৰূপ লোৱা ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ পিছতো গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত একাংশ লোকে মাস্ক পৰিধান নকৰাকৈ ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ ক’ৰোনাৰ ভয়াৱহতাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰৰ নির্দেশনা অনুসৰি মহানগৰ জিলা প্রশাসনে সকলোকে মাস্ক পৰিধান কৰিবলৈ আহ্বান জনাইছিল৷ মাস্ক পৰিধান নকৰা লোকক ৫০০ টকা জৰিমণা বিহা হ’ব বুলিও নির্দেশনা জাৰি কৰিছিল৷

মহানগৰ জিলা প্রশাসনৰ নির্দেশনা অনুসৰি আৰক্ষীয়ে গুৱাহাটীৰ বিভিন্ন স্থানত আজি অভিযান চলায়৷ মহানগৰীৰ দিছপুৰ, ছয়মাইল, নুনমাটি, নাৰেংগী, ফটাশিল, লতাশিল, ভৰলুমুখ, ফাঁচীবজাৰ, জালুকবাৰী আদিকে ধৰি বিভিন্ন স্থানত আজি মহানগৰ আৰক্ষীয়ে অভিযান চলাই মাস্ক পৰিধান নকৰা লোকক জৰিমণা বিহাৰ লগতে মাস্ক পৰিধান কৰি চলাফুৰা কৰিবলৈ অনুৰোধ জনায়৷

RELATED ARTICLES