ফেচবুক পোষ্টটোত মন্ত্রী দাসে কয় যে তেওঁ মন্ত্রিত্বৰ দায়িত্ব লোৱাৰ পাছৰে পৰাই একাংশ দুষ্ট তথা দালাল প্রকৃতিৰ লোকে তেওঁৰ সৈতে চিনাকি থকা হেতু জনস্বাস্থ্য কাৰিকৰী, পঞ্চায়ত আৰু গ্রামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান তিনিওটা বিভাগতে তেওঁৰ জৰিয়তে কাম কৰাই দিম বুলি কিছুসংখ্যক ব্যক্তিৰ লগত যোগাযোগ কৰিছে৷ ইতিমধ্যে বিভিন্ন উৎসৰ পৰা তেওঁ সেই বিষয়ে সম্ভেদ পোৱাৰ কথা উল্লেখ কৰি কয় যে যদি তেনেধৰণৰ কোনো অসৎ তথা দালাল প্রকৃতিৰ লোকে তেওঁৰ সৈতে থকা সু–সম্পর্কৰ গইনা লৈ কাৰোবাক কিবা কাম আদায় কৰি দিব বুলি কোৱাৰ খবৰ পায়, তেতিয়াহ’লে তাৎক্ষণিকভাৱে আৰক্ষী প্রশাসনক বিষয়টো অৱগত কৰোৱাৰ আহ্বান জনায়৷ অথবা তেনেধৰণৰ কিবা বিষয় থাকিলে তেওঁৰ ফেচবুক পোষ্টৰ কমেণ্ট বক্সত উক্ত ব্যক্তিৰ নাম, ফোন নম্বৰ, ঠিকনাসহ উল্লেখ কৰি জনোৱাৰ আহ্বান জনায়, যাতে তেওঁ সেইসকল ব্যক্তিৰ ওপৰত বিহিত ব্যৱস্থা গ্রহণ কৰিব পাৰে৷
মন্ত্রী দাসৰ এই মুকলি আহ্বানে দিছপুৰত দালালি ব্যৱস্থাই কিমান ভয়াৱহ ৰূপ ধাৰণ কৰিছে, সেই ছবিখনকেই উন্মোচিত কৰিছে৷ সেইদৰে নতুন নিযুক্তি আদিৰ ক্ষেত্রতো যে ৰাজ্যত ব্যাপক দুর্নীতি, অনিয়মৰ অভিযোগ এতিয়াও বিদ্যমান, সেয়া অসম চৰকাৰৰ আন এগৰাকী মন্ত্রী উর্খাও গৌৰা ব্রহ্মৰ ফেচবুকতেই প্রতিফলিত হৈছে৷ মন্ত্রী ব্রহ্মই যোৱা ১৫ জুনত নিজৰ ফেচবুক পৃষ্ঠাত উল্লেখ কৰে যে ৰেচম, হস্ততাঁত, বস্ত্রশিল্প বিভাগত নতুন নিযুক্তিৰ প্রক্রিয়া সন্দর্ভত তেওঁ যোৱা কেইটামান দিনত যথেষ্টসংখ্যক মেছেজ আৰু পোষ্ট লাভ কৰিছে৷
সম্প্রতি বিভিন্ন কাৰণত ওলমি থকা নতুন নিযুক্তিৰ বিষয়টো বিভাগে ছিৰিয়াছলী গ্রহণ কৰিছে আৰু বিভিন্ন পর্যায়ত সেই সম্পর্কত আলোচনা কৰি থকা হৈছে৷ মন্ত্রী ব্রহ্মৰ এই ভাষ্যতো নিযুক্তি আদিৰ নামত ৰাজ্যখনত এতিয়াও যে অশুভ শক্তি এটা সক্রিয় হৈ আছে, এই বক্তব্যই স্পষ্ট কৰে৷ ইপিনে, বছৰৰ পাছত বছৰ ধৰি বিভাগে বিভাগে চলি অহা দুর্নীতি–ঠিকাদাৰৰাজ ব্যৱস্থাই কার্যতঃ বিভাগসমূহকে কোঙা কৰি আহিছে৷ চৰকাৰে বিভিন্ন আঁচনিৰ জৰিয়তে ধার্য কৰা জনকল্যাণৰ ধন দুর্নীতিগ্রস্ত বিষয়া–ঠিকাদাৰ–যোগ উপকৃত কৰাৰ বাহিৰে আন একো হোনা নাই৷ ফলত ৰাইজ আজিও সমস্যাৰে ভাৰাক্রান্ত, শোষিত–বঞ্চিত হৈ আহিছে৷ এনে পৰিস্থিতিৰ অৱসান ঘটাবলৈ ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ অধীনত চলি থকা পৰিপূৰক পুষ্টি আঁচনিৰ চাউল এতিয়াৰে পৰা ভাৰতীয় খাদ্য নিগমৰ পৰা ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰে৷ পূর্বতে ঠিকাদাৰে মুকলি বজাৰৰ পৰা সেই আঁচনিৰ চাউল ক্রয় কৰাৰ ফলত বিভাগটোত বছৰি ৫০–৬০ কোটি টকা অতিৰিক্ত ব্যয় হৈছিল৷
বিভাগটোত অতিৰিক্ত ব্যয় ৰোধৰ লগতে ঠিকাদাৰৰাজৰ অৱসান ঘটাবলৈকে অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকে কালি সেই গুৰুত্বপূর্ণ সিদ্ধান্ত গ্রহণ কৰে৷ একেদৰে যোৱা দিনকেইটাত জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ভঙা তথা দুর্বল মথাউৰি পৰিদর্শন আৰু গৰাখহনীয়া অঞ্চল পৰিদর্শন কৰি ঠিকাদাৰসকলক সময়মতে কাম কৰা, গুণগত কাম কৰাৰ বাবে সকীয়নি দিবলগীয়া হৈছে৷ তেওঁ আনকি বিভাগটোত এতিয়াৰে পৰা ‘ছাব কনট্রেক্ট’ নচলিব বুলি সকীয়নি দি সংস্কাৰমুখী পদক্ষেপ গ্রহণ কৰিবলৈ বাধ্য হয়৷ অনুৰূপ ধৰণে যোৱা দিনসমূহত শক্তি, কৃষি, পশুপালন, গুৱাহাটী উন্নয়নকে ধৰি প্রতিটো বিভাগে সংস্কাৰমুখী পদক্ষেপ গ্রহণ কৰিবলগীয়া হোৱা ঘটনাই দুর্নীতি–লুণ্ঠনে বিভাগবোৰক কেনেদৰে কোঙা কৰি আহিছে, সেই ছবিখন জলজল–পটপটকৈ ওলাই পৰিছে৷