peepl-small

কোন হ’ব আছুৰ পৰৱৰ্তী সভাপতি-সম্পাদক?  ব্যাপক জল্পনা-কল্পনা

PUBLISHED:

গুৱাহাটীঃ আগন্তুক সাধাৰণ অধিৱেশনৰ পাছতে সদৌ অসম ছাত্ৰ সন্থাৰ (আছু) বহু শীৰ্ষ নেতাই যোগদান কৰিব নৱগঠিত অসম জাতীয় পৰিষদ চমুকৈ এজেপিত। দুলীয়াজান অধিৱেশনত আছুৰ মজিয়া ত্যাগ কৰিব এইসকল জ্যেষ্ঠ নেতাই। ছাত্ৰ সংগঠনটোৰ নেতৃত্বৰ দায়িত্ব বহন কৰিব কেইবাগৰাকীও নতুন নেতাই। অধিৱেশনৰ পাছত ২০২১ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি আছুত্যাগী নেতাসকলে এজেপিৰ দায়িত্ব গ্ৰহণ কৰিব। ইপিনে, সভাপতি-সম্পাদকৰ পদৰ বাবে উচ্চাৰিত হৈছে কেইবাগৰাকীও নেতাৰ নাম। ইয়াকলৈ চলিছে ব্যাপক জল্পনা-কল্পনা।

আছুৰ নতুন বিয়ববীয়া হিচাপে চৰ্চালৈ আহিছে শিৱসাগৰৰ উদ্দীপজ্যোতি গগৈৰ নাম। আইন, গণসংযোগ আৰু সাংবাদিকতাৰ শিক্ষা সম্পন্ন কৰা উদ্দীপজ্যোতি গগৈ আছুৰ সভাপতি বা সাধাৰণ সম্পাদকৰ প্ৰবল দাবীদাৰ। কেন্দ্ৰীয় সমিতিৰ সদস্য তথা গুৱাহাটীৰ নেতা দিব্যজ্যোতি মেধিকলৈও চৰ্চা চলিছে। অভিযান্ত্ৰিক আৰু গণসংযোগৰ ডিগ্ৰীধাৰী দিব্যজ্যোতি গগৈ সাধাৰণ সম্পাদক পদৰ বাবে অন্যতম দাবীদাৰ।

ডিব্ৰুগড় জিলা আছুৰ সাধাৰণ সম্পাদকৰ শংকৰজ্যোতি বৰুৱায়ো আছুৰ গুৰুত্বপূৰ্ণ পদ লাভ কৰিব পাৰে বুলি গুণা-গথা চলিছে। শংকৰজ্যোতি সমাজকৰ্ম বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী। আনহাতে, গহপুৰৰ আছু নেতা প্ৰজ্ঞান ভূঞায়ো সভাপতি অথবা সম্পাদক পদ লাভ কৰিব পাৰে বুলি বিভিন্ন মহলে দাবী কৰিছে। প্ৰজ্ঞানজ্যোতি ভূঞাই হিন্দীত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে।

আন এগৰাকী কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক মৰিগাঁৱৰ উৎপল শৰ্মাৰ নামো সঘনে উচ্চাৰিচ হৈছে। স্কৰিয় ছাত্ৰ নেতাগৰাকীয়ে আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছে।

এইসকল উদীয়মান নেতাৰ মাজৰ পৰাই দুলীয়াজান অধিৱেশনত ছাত্ৰ সন্থাৰ পৰৱৰ্তী সভাপতি-সম্পাদক নিৰ্বাচিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।  

RELATED ARTICLES