peepl-small

মুখ্যমন্ত্রীৰ নির্দেশত নিশা বৰপেটাৰ মেডিকেলত ডিচি–এছপিৰ ছাডেন ভিজিট

PUBLISHED:

গুৱাহাটীঃ ৰাজ্যৰ নৱনির্বাচিত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত যোৱানিশা প্রায় দুই বজাত বৰপেটা জিলাৰ উপায়ুক্ত আৰক্ষী অধীক্ষকে বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতি আৰু ৰোগীৰ চিকিৎসা ব্যৱস্থা নিৰীক্ষণ কৰে৷

উল্লেখ্য যে বৃহস্পতিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ ক’ভিড ৱার্ড পৰিদর্শন কৰাৰ লগতে জিলাখনৰ বিধায়ক, চিকিৎসক আৰু স্বাস্থ্যসেৱা বিভাগৰ বিষয়াসকলৰ স’তে এখন পর্যালোচনা বৈঠকত অংশগ্রহণ কৰিছিল৷

মুখ্যমন্ত্রীগৰাকীয়ে নিশাৰভাগত চিকিৎসালয়ত জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতি নিশ্চিত কৰাৰ বাবে প্রশাসন আৰু স্বাস্থ্য বিভাগক নির্দেশ দিয়ে৷ পর্যালোচনা বৈঠকতে মুখ্যমন্ত্রীয়ে জিলা উপায়ুক্ত তেজপ্রসাদ ভূষালক নিশা বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত উপস্থিত হৈ চিকিৎসা ব্যৱস্থা তদাৰকী কৰাৰ লগতে জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতি নিশ্চিত কৰাৰ নির্দেশ দিয়ে৷

মুখ্যমন্ত্রীগৰাকীয়ে উপায়ুক্তক উপস্থিতিৰ সময়ৰ ফটো প্রেৰণ কৰাৰ বাবেও নির্দেশ দিয়ে৷ আনহাতে বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাঃ তীর্থনাথ শর্মাক জিলাখনৰ অন্যান্য প্রান্তত থকা চিকিৎসালয়সমূহ সঘনে পৰিদর্শন কৰিবলৈ মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ মুখ্যমন্ত্রীৰ এই নির্দেশৰ পিছতে কালি নিশা প্রায় দুই বজাত উপায়ুক্ত তেজপ্রসাদ ভূষাল আৰু আৰক্ষী অধীক্ষক অমিতাভ সিন্হাই বৰপেটা চিকিৎসা মহাবিদ্যালয়ত উপস্থিতি হৈ আই চি ইউ কক্ষ পৰিদর্শন কৰে আৰু জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতিৰ বুজ লয়৷

আনহাতে একে সময়তে অতিৰিক্ত উপায়ুক্ত নৱজিৎ পাঠক আৰু সহকাৰী আয়ুক্ত গায়ত্রী শর্মাই কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়ত ৰোগীৰ চিকিৎসা ব্যৱস্থাৰ তদাৰকী কৰে আৰু জ্যেষ্ঠ চিকিৎসকৰ উপস্থিতিৰ বুজ লয়৷ ইপিনে আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গোৱেল বৰপেটালৈ আহি বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদর্শন কৰি ১৫খন আই চি ইউ বিছনা অতিশীঘ্রে আৰম্ভ কৰা আৰু পর্যাপ্ত অক্সিজেনৰ ব্যৱস্থা কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰে৷ তেওঁ চিকিৎসালয়খনৰ ক’ভিড কেয়াৰ অংশৰ উপৰি সমগ্র চিকিৎসালয়খন পৰিদর্শন কৰি অৱস্থাৰ বুজ লয়৷ তেওঁৰ লগত বৰপেটা জিলা উপায়ুক্ত তেজপ্রসাদ ভূষাল আৰু চিকিৎসা মহাবিদ্যালয়খনৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰো উপস্থিত থাকে৷

RELATED ARTICLES