peepl-small

পৃথিৱীৰ মানচিত্রত অন্তর্ভুক্ত হ’ল পঞ্চমখন মহাসাগৰ

PUBLISHED:

গুৱাহাটী: পৃথিৱীৰ মানচিত্রত নতুনকৈ অন্তর্ভুক্ত হ’ল এখন মহাসাগৰ৷ বিগত বছৰ বছৰ ধৰি চাৰি মহাসাগৰৰ স্থল হিচাপে খ্যাত পৃথিৱীত এতিয়াৰে পৰা আৰু এখন মহাসাগৰ সংযোজন হ’ল৷ ইয়াকে লৈ পৃথিৱীপৃষ্ঠত ৫খন মহাসাগৰ হৈ পৰিল৷ বিশ্বখ্যাত মানচিত্র প্রস্তুত কৰোঁতা ‘নেচনেল জি’গ্রাফিক’–এ পৃথিৱীত পঞ্চমখন মহাসাগৰ ঘোষণা কৰিলে৷ নতুনকৈ ঘোষিত এই মহাসাগৰখনৰ নাম ছাউদার্ন অ’চেন তথা দক্ষিণ মহাসাগৰ৷

উল্লেখ্য যে বছৰ বছৰ ধৰি পঢ়ি অহা চাৰি মহাসাগৰ হৈছে আটলাণ্টিক, ভাৰত, উত্তৰ আৰু প্রশান্ত মহাসাগৰ৷ এই চাৰিখনৰ পাছত নতুনকৈ স্বীকৃতি পোৱা দক্ষিণ মহাসাগৰ হৈছে একমাত্র মহাসাগৰ৷ যিখনে তিনিখন মহাসাগৰৰ সৈতে সংযুক্ত হৈ আছে৷ মন কৰিবলগীয়া যে বিগত বছৰ বছৰ ধৰি ছাউদার্ন অ’চেনক মহাসাগৰ হিচাপে স্বীকৃতি দিবলৈ বিজ্ঞানীসকলে প্রচেষ্টা চলাই আহিছে যদিও আন্তর্জাতিক পর্যায়ৰ দেশসমূহে ঐকমত্যত উপনীত নোহোৱাৰ বাবে সেয়া সম্ভৱ হোৱা নাছিল৷ ‘নেচনেল জি’গ্রাফিক’–এ আনুষ্ঠানিকভাৱে স্বীকৃতি দিব পৰা নাছিল৷ কিন্তু শেহতীয়াভাৱে আন্তর্জাতিক পর্যায়ত এই মহাসাগৰখনক স্বীকৃতি প্রদান কৰাৰ পাছতেই মানচিত্রত সন্নিৱিষ্ট কৰা হ’ল বুলি ‘নেচনেল জি’গ্রাফিক’ ছ’চাইটীৰ জি’গ্রাফাৰ এলেক্স টাইটে অফিচিয়েল ৱেবছাইটত প্রকাশ কৰিছে৷

পঞ্চমখন মহাসাগৰ ‘দক্ষিণ মহাসাগৰ’–এ এণ্টার্কটিকাক সাঙুৰি আছে৷ এণ্টার্কটিকাক সাঙুৰি থকা এই নতুন মহাসাগৰখনে এতিয়াৰে পৰা পূর্বৰ চাৰি মহাসাগৰৰ সৈতে স্থান লাভ কৰিলে৷ প্রসংগক্রমে উনুকিয়াব পাৰি যে ছাউদার্ন অ’চেন তথা দক্ষিণ মহাসাগৰ এতিয়াৰ সৃষ্টি নহয়৷ এণ্টার্কটিকা আৰু দক্ষিণ আমেৰিকা ৩০ নিযুত বছৰ পূর্বে বিভক্ত হোৱাৰ পৰাই এই বিশাল জলাশয়টোৰ অৱস্থিতি আছিল৷ এই মহাসাগৰখন ৬০ ডিগ্রী দক্ষিণ দ্রাঘিমাংশত অৱস্থিত৷ তথ্য মতে, ২০০০ চনত এই মহাসাগৰখনৰ সীমা নির্ধাৰণৰ বাবে আন্তর্জাতিক পর্যায়ত প্রস্তাৱ আগবঢ়োৱা হৈছিল যদিও দেশসমূহে সন্মতি প্রদান কৰা নাছিল৷ এনে পৰিপ্রেক্ষিতত ইণ্টাৰনেচনেল হাইড্র’গ্রাফিক অর্গেনাইজেচন চমুকৈ আই এইচ অ’ই স্বীকৃতি দিয়াটো কঠিন হৈ পৰিছিল৷ কিন্তু শেহতীয়াভাৱে এই মহাসাগৰখনক আন্তর্জাতিক পর্যায়ত স্বীকৃতি প্রদান কৰা হয় আৰু ই পৃথিৱীৰ পঞ্চমখন মহাসাগৰ হিচাপে এতিয়াৰে পৰা মানচিত্রত স্থান লাভ কৰিলে৷

RELATED ARTICLES