peepl-small

কয়লা পৰিবাহী ট্রাকৰ চলাচল নিয়ন্ত্রণ কৰিবলৈ এছঅ’পি প্রস্তুতৰ নির্দেশ

PUBLISHED:

গুৱাহাটীঃ সামর্থ্যতকৈ অধিক কয়লা পৰিবাহী ড্রাকৰ চলাচলৰ ক্ষেত্রত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ সুনিশ্চিতকৰণৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ সভাকক্ষত আৰক্ষী, পৰিবহণ আৰু কৰ বিভাগৰ বিষয়াবর্গৰ সৈতে এক গুৰুত্বপূর্ণ বৈঠকত মিলিত হয়৷

বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই উচ্চতম ন্যায়ালয়ৰ ৰায় তথা এই সম্পর্কে ব্যাপক ৰাজহুৱা আপত্তিৰ পৰিপ্রেক্ষিতত সামর্থ্যতকৈ অধিক কয়লা পৰিবাহী ড্রাকৰ চলাচল স্বচ্ছভাৱে বন্ধ কৰাৰ দিশত এই তিনিওটা বিভাগৰ ঐক্যবদ্ধ প্রয়াসৰ ওপৰত গুৰুত্ব আৰোপ কৰে৷ বৈঠকত মুখ্যমন্ত্রী ড০ শর্মাই আন্তঃৰাজ্যিক সীমান্তৰ জৰিয়তে এই কয়লা পৰিবাহী  ট্রাকৰ চলাচল নিয়ন্ত্রণ কৰাৰ বাবে এক বিস্তৃত মানসম্পন্ন পৰিচালনা বিধি (ষ্টেণ্ডার্ড অপাৰেটিং প্রচিডিউৰ) প্রস্তুত কৰাৰ বাবে পৰিবহণ বিভাগক নির্দেশ দিয়ে৷

বৈঠকত আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, বিশেষ আৰক্ষী সঞ্চালকপ্রধান জি পি সিং, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান হীৰেন নাথ, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, পৰিবহণ বিভাগৰ প্রধান সচিব কে কে দ্বিবেদী, পৰিবহণ আয়ুক্ত আদিল খান, কৰ বিভাগৰ আয়ুক্ত ৰাকেশ আগৰৱালা তথা অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে৷

RELATED ARTICLES