peepl-small

বৰভাগ–ধুবুৰী–গৌৰী স্মৃতি ইৰাণীৰ মাৰাথন প্রচাৰ

PUBLISHED:

গুৱাহাটী: ৰাজ্যৰ তিনিটা স্থানত মঙলবাৰে বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণীয়ে কংগ্রেছ আৰু এআইইউডিএফৰ নেতৃত্বত গঠিত মহাজোঁটক তীব্র আক্রমণৰ লক্ষ্য কৰি লয়৷ ধুবুৰী সমষ্টিৰ প্রার্থী ডাঃ দেৱময় সান্যালৰ হৈ স্থানীয় ৰজা প্রভাত চন্দ্র বৰুৱা খেলপথাৰত এখন নির্বাচনী সভা সম্বোধন কৰি তেওঁ কয় যে দীর্ঘদিনে কংগ্রেছৰ নেতৃত্বত গঠিত মহাজোঁটে    ৰাজ্যত সাম্প্রদায়িকতাৰ বিষবাষ্প বিয়পাইছে৷

এই প্রসংগতে ইৰাণীয়ে কয়– ‘এআইইউডিএফে ভেদভাবৰ অসুখ বিয়পালে৷ আমি চিকিৎসা কৰিবলগীয়া হৈছে৷ আপোনালোকৰ চিহ্ণ হৈছে তলা–চাবি৷ কিন্তু ধুবুৰীৰ ভৱিষ্যতত তলা লগাব নোৱাৰিব এআইইউডিএফে৷ ইভিএমত বুটাম টিপি ৰাইজে বিজেপিক বিজয়ী কৰিব৷’ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰৰ কার্যকালত গ্রহণ কৰা বিভিন্ন উন্নয়নমূলক কাম–কাজসমূহৰ বিষয়ে উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে দুখীয়া পৰিয়ালৰ বাবে শৌচালয় নির্মাণৰ দৰে পদক্ষেপ গ্রহণ কৰিছে৷ ধুবুৰী আৰু ফুলবাৰী দলঙৰ কাম আগবঢ়াই নিয়া হৈছে৷ একেদৰে তেওঁ কয় যে ৰাষ্ট্রৰ উন্নয়নৰ বাবে বিজেপিয়ে কাম কৰি আহিছে৷ যি ৰাজনৈতিক দলে হিন্দু আৰু মুছলমানৰ মাজত ভোটৰ বাবে ভেদাভেদৰ সৃষ্টি কৰিব, সেই ৰাজনৈতিক দলক ৰাইজে যোগ্য প্রত্যুত্তৰ দিব৷

ইফালে, মঙলবাৰে দুপৰীয়া গৌৰীপুৰৰ মহামায়া খেলপথাৰত সমষ্টিটোৰ প্রার্থী বনেন্দ্র কুমাৰ মুছাহাৰীৰ হৈ এখন নির্বাচনী প্রচাৰ সভাতো স্মৃতি ইৰাণীয়ে অংশগ্রহণ কৰে৷ অসমত পুনৰ বিজেপি চৰকাৰ গঠন হ’ব বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কংগ্রেছৰ শাসনকালত ব্যাপক দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰে৷

এই প্রসংগত তেওঁ কয়–‘কংগ্রেছ চৰকাৰৰ শাসনকালত ৰাজ্যত ২,৫০,০০০খন ভুৱা ৰেচন কার্ড বনাই কংগ্রেছৰ নেতাসকলে ৰাজকোষৰ ধন লুণ্ঠন কৰিছিল৷ জ্যেষ্ঠ নাগৰিকৰ নামত ৭০ হাজাৰ ভুৱা পেন্সনাৰ বনাই সমুদায় ধন তেওঁলোকে আত্মসাৎ কৰিছে৷ কেন্দ্রত কংগ্রেছৰ শাসনকালত অসমৰ ৰয়েলটীৰ ধন আৰু পূর্ণাংগ বিকাশৰ বাবে পুঁজি মোকলাই দিয়া নাছিল৷ ধুবুৰী–ফুলবাৰী দলঙৰ প্রস্তাৱক কংগ্রেছে আওকাণ কৰি আহিছে৷ ৰাজ্যখনত মহাজোঁটে সাম্প্রদায়িক বাতাৱৰণ সৃষ্টি কৰি ভাতৃঘাতী সংঘর্ষ চলোৱাৰ বাবে চেষ্টা কৰা কেতিয়াও সফল নহ’ব৷’ কেইবাসহস্র সমর্থকৰ উপস্থিতিত অনুষ্ঠিত সভাখনত কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয় যে গৌৰীপুৰত পদুম ফুলিব আৰু মহাজোঁটৰ প্রার্থীৰ ভাগ্যত ৰাইজে তলা লগাব৷

ক’ভিড মহামাৰীৰ সময়ত কংগ্রেছ আৰু এআইইউডিএফে কোনো সহযোগ ৰাইজক আগবঢ়োৱা নাছিল বুলি উল্লেখ কৰি তেওঁ কয়– ‘বিজেপি চৰকাৰে সমগ্র ভাৰতৰ ৮০ কোটি দৰিদ্র পৰিয়ালক আঠ মাহলৈকে বিনামূলীয়া ৰেচন দিয়াৰ বাবে ক’ৰোনাৰ সময়ত সিদ্ধান্ত লৈছিল৷ দৰিদ্র পৰিয়ালৰ ঘৰত শৌচালয় নির্মাণৰ লগতে আয়ুস্মান ভাৰতৰ জৰিয়তে বিনামূলীয়া স্বাস্থ্য সেৱা প্রদান কৰা হৈছে৷’ বিজেপি চৰকাৰ পুনৰ গঠন হ’লেই অৰুণোদয় আঁচনিৰ ধন বৃদ্ধিৰ লগতে ২০২২ বর্ষৰ ৩১ মার্চৰ ভিতৰত ১ লাখ যুৱক–যুৱতীক চৰকাৰী চাকৰি দিয়াৰ লগতে ভূমিহীনক মাটি পট্টা প্রদানৰো প্রতিশ্রুতি দিয়ে৷

কালিৰ সভাত সমষ্টিটোৰ প্রার্থী মুছাহাৰীৰ লগতে ইউপিপিএলৰ প্রার্থী উত্তম হাজোৱাৰী, অগপ আৰু বিজেপিৰ জিলা নেতৃত্ব উপস্থিত থাকে৷ সেই দুখন সভাৰ উপৰি বৰক্ষেত্রী সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী নাৰায়ণ ডেকাৰ হৈ প্রচাৰ চলায় মন্ত্রী ইৰাণীয়ে৷ বৰভাগৰ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত সভাখনত ভাষণ প্রদান কৰি স্মৃতি ইৰাণীয়ে কয় যে দুখীয়া মানুহৰ মর্মবেদনা বুজি নোপোৱা কংগ্রেছে কেৱল লুটপাতৰ ৰাজনীতি চলাই আহিছে৷

দৰিদ্র পৰিয়ালৰ বাবে এটা শৌচাগাৰ নির্মাণ কৰিব নোৱাৰা কংগ্রেছে উন্নয়নৰ নামত দুুর্নীতিৰ সকলো সীমা অতিক্রম কৰি ৰেকর্ড কৰিবলৈ সক্ষম হোৱাৰ বাহিৰে ৰাইজৰ আন একো উপকাৰ কৰিবলৈ সক্ষম নহ’ল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীক ৰাইজে নির্বাচিত কৰাৰ পিছত আশা–আকাংক্ষা পূৰণ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি কেন্দ্রীয় মন্ত্রীগৰাকীয়ে কয়– ‘অসমত কংগ্রেছে জনতাৰ আশা–আকাংক্ষাক পিঠি দি ৰাইজৰ সপোন পূৰণত ব্যর্থ হ’ল৷ তেওঁলোকে কেৱল লুটপাতৰ ৰাজনীতি কৰিলে৷ দীর্ঘদিন কংগ্রেছে অসমত ৰাজত্ব কৰিলে, কিন্তু দৰিদ্র জনসাধাৰণৰ অৱস্থাৰ কোনো পৰিৱর্তন নহ’ল৷ ৭০ বছৰ শাসনৰ গাদীত থাকিও এটা শৌচালয় নির্মাণ কৰিব নোৱাৰিলে কংগ্রেছে৷

ইয়াৰ বিপৰীতে বিজেপিয়ে দেশত ১০ কোটি লোকৰ বাবে শৌচালয় নির্মাণ কৰিলে৷ অসমত এইম্ছৰ দৰে চিকিৎসালয় স্থাপন কৰা হ’ল৷’ আজিৰ সভাত হাৰিয়ানাৰ প্রাক্তন মন্ত্রী বিপুল গোৱেল, সাংসদ কুইন ওজা, প্রভাৰী ত্রিনয়ন বর্মন, হৰিপ্রসাদ মজুমদাৰ, গুণমণি ভূঞাকে ধৰি বহুসংখ্যক বিজেপিৰ শীর্ষনেতা উপস্থিত থাকে৷

RELATED ARTICLES