peepl-small

ছয়মাইলত ডিঙি ৰেপি পাচলি ব্যৱসায়ীক হত্যাঃ পত্নীক জে’ললৈ প্রেৰণ

PUBLISHED:

গুৱাহাটী: মহানগৰীৰ ছয়মাইলৰ দ্বাৰান্ধাত অলপতে সংঘটিত হত্যাকাণ্ড সন্দর্ভত ন ন তথ্য পোহৰলৈ আহিছে৷ ছয়মাইল উৰণীয়া সেতুৰ তলত পাচলি ব্যৱসায় কৰি পৰিয়ালক পোহপাল দিয়া বৰপেটা জিলাৰ ভেল্লাৰ জাহিদুল আলী (৪১)ক ডিঙি ৰেপি নৃশংসভাৱে হত্যা কৰা ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে তেওঁৰ পত্নী মঞ্জুৱাৰা বেগমক গ্রেপ্তাৰ কৰি আজি জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷

আৰক্ষী সূত্রই জনোৱা মতে পাচলি ব্যৱসায়ী আলীৰ পত্নী মঞ্জুৱাৰাৰ এজন পৰপুৰুষৰ সৈতে প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল৷

মহিলাগৰাকীৰ এই অবৈধ প্রেমৰ সম্পর্ক পোহৰলৈ অহাত স্বামী জাহিদুলে পত্নী মঞ্জুৱাৰাক সন্দেহৰ চকুৰে চাইছিল৷ এনেকৈ স্বামী–স্ত্রীৰ সম্পর্কৰ মাজত ফাট মেলিছিল৷ অৱশেষত পত্নী মঞ্জুৱাৰাই স্বামী জাহিদুলক হত্যা কৰাৰ পৰিকল্পনা কৰিছিল৷

যোৱা তিনি এপ্রিলৰ নিশা ৯.৩০ বজাত ব্যৱসায় সামৰি ঘৰমুৱা হওঁতেই আলীক দ্বাৰান্ধাৰ পথৰ দাঁতিত দুর্বৃত্তই ডিঙি ৰেপি হত্যাৰ চেষ্টা চলায়৷ দুর্বৃত্তৰ আক্রমণত গুৰুতৰভাৱে আহত হোৱা জাহিদুলক পাছত আৰক্ষীয়ে আহত অৱস্থাত উদ্ধাৰ কৰি ছয়মাইলৰ জি এন আৰ চি হাস্পতালত ভর্তি কৰায় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে৷ ঘটনা সন্দর্ভত আৰক্ষীয়ে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰি এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত আলীৰ পত্নী মঞ্জুৱাৰাক গ্রেপ্তাৰ কৰি আজি আদালতত হাজিৰ কৰোৱাত কামৰূপ মহানগৰ জিলা ন্যায়িক দণ্ডাধীশৰ আদালতে জে’ল–হাজোতলৈ প্রেৰণ কৰে৷ অৱশ্যে ঘটনাৰ মূল অভিযুক্তক আৰক্ষীয়ে আজিও গ্রেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই৷

RELATED ARTICLES