peepl-small

ভাৰতক সহায় কৰিবলৈ পাকিস্তানী নাগৰিকক অনুৰোধ ছোৱাইব আখতাৰৰ

PUBLISHED:

গুৱাহাটীঃ কৰোনাই দেশত কালৰূপ গ্ৰহণ কৰি অহাৰ সময়তে বিভিন্ন দেশে ভাৰতক সহায়ৰ বাবে হাত আগবঢ়াইছে। এনে সময়তে চিৰ বৈৰী পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়েও সহায় কৰিব বুলি ঘোষণা কৰিছিল।

তাৰ পিছতেই পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱাইব আখতাৰে কৰোনা ভাইৰাছত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা ভাৰতক সহায় কৰিবৰ বাবে পাকিস্তানৰ প্ৰতিগৰাকী নাগৰিককে আগবাঢ়ি আহিবলৈ আহ্বান জনাইছে।

লগতে প্ৰাক্তন ক্ৰিকেটাৰ গৰাকীয়ে কয় যে কৰোনাৰ দ্বিতীয় ঢৌত ভাৰতৰ স্থিতি বেয়া। অক্সিজেনৰ যথেষ্ট অভাৱ আছে। এনে পৰিস্থিতিত, ভাৰতক আন্তৰিকতাৰে সহায় কৰা উচিত আৰু তেওঁলোকক অক্সিজেন টেংক প্ৰদান কৰা উচিত। লগতে আৰু উল্লেখ কৰে যে ভাৰতত প্ৰতিদিনে প্ৰায় ৪ লাখ লোক কৰোনাত আক্ৰান্ত হৈ আছে। দিল্লী আৰু মুম্বাইৰ দৰে ডাঙৰ চহৰ সমূহো ইয়াৰ কৱলত পৰিছে। কোনো চৰকাৰৰ বাবে অকলে ইয়াৰ বিৰুদ্ধে মোকাবিলা কৰাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত মই পাকিস্তান চৰকাৰ আৰু ইয়াৰ জনসাধাৰণক ভাৰতক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনাইছো।

RELATED ARTICLES