peepl-small

কাইলৈ স্বর্ণৰ লক্ষ্যৰে ৰিঙত নামিব শিৱ থাপা; ফোন কৰি শুভেচ্ছা জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই

PUBLISHED:

গুৱাহাটী: এছিয়ান বক্সিং চেম্পিয়নশ্বিপত দুর্দান্ত প্রদর্শনেৰে ফাইনেলত প্রৱেশ কৰা অসম সন্তান শিৱ থাপাই সোমবাৰে স্বর্ণ পদক জয়ৰ লক্ষ্যৰে ৰিঙত নামিব৷ প্রতিযোগিতাখনত একেৰাহে পাঁচটা পদক নিশ্চিত কৰা তাৰকা বক্সাৰগৰাকীয়ে ফাইনেলত এছিয়ান গেমছত ৰূপৰ পদক বিজয়ী মংগোলীয়াৰ বক্সাৰ বাটাৰছুখ চিনজ’ৰিগৰ মুখামুখি হ’ব৷

শুকুৰবাৰে নিশা অনুষ্ঠিত ৬৪ কেজিৰ ছেমি ফাইনেলত শিৱ থাপাই তাজিকিস্তানৰ শীর্ষ বাছনিপ্রাপ্ত তাৰকা বাখ’ডুৰ ওছম’নভক ৪–০ৰ ব্যৱধানত পৰাস্ত কৰিবলৈ সক্ষম হয়৷ এই জয়েৰে গুৱাহাটীৰ বক্সাৰগৰাকীয়ে এছিয়ান বক্সিং চেম্পিয়নশ্বিপত তৃতীয়বাৰৰ বাবে ফাইনেল খেলাৰ যোগ্যতা অর্জন কৰে৷

ইফালে, এছিয়া মহাদেশৰ আগশাৰীৰ বক্সিং প্রতিযোগিতাখনৰ ফাইনেলত প্রৱেশ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা শিৱ থাপাক শনিবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ফোন কৰি শুভেচ্ছা জনায়৷ প্রতিযোগিতাখনত সোণৰ পদক জয়েৰে তেওঁ দেশ তথা ৰাজ্যবাসীক গৌৰৱান্বিত কৰিব বুলি ড০ শর্মাই আশা প্রকাশ কৰে৷

ইফালে, শিৱ থাপাৰ লগতে উত্তৰ–পূবৰ আন এক গৌৰৱ এম চি মেৰী কমেও প্রতিযোগিতাখনৰ ফাইনেলত স্থান সুৰক্ষিত কৰিছে৷ ডুবাইত চলি থকা এছিয়ান বক্সিং চেম্পিয়নশ্বিপৰ ফাইনেলত ছবাৰৰ বিশ্ব চেম্পিয়ন মণিপুৰী বক্সাৰগৰাকীয়ে দুবাৰৰ বিশ্ব চেম্পিয়ন কাজাখস্তানৰ নাজিম কিজাইবে’ৰ মুখামুখি হ’ব৷ ইয়াৰ পূর্বে মেৰী কমে ঐতিহ্যমণ্ডিত প্রতিযোগিতাখনত পাঁচটা স্বর্ণ পদক অর্জন কৰিবলৈ সক্ষম হৈছে৷ তেওঁ আজি আন এক স্বর্ণৰ লক্ষ্যৰে ৰিঙত নামিব৷

RELATED ARTICLES