peepl-small

ডিব্রুগড় থানাৰ লকআপত স্বয়ম্ভু ভগৱান

PUBLISHED:

গুৱাহাটী: অৱশেষত গ্রেপ্তাৰ হ’ল স্বয়ম্ভূ ভগৱান৷ সুর্দীঘ সময় মৰাণত হিন্দুুু তথা বৈষ্ণৱ ধর্মৰ পৰম্পৰা বিকৃত কৰি খ্রীষ্টিয়ান ধর্ম প্রচাৰৰ লগতে বিভিন্ন চিকিৎসা প্রদানৰ নামত লুণ্ঠন চলাই আহিছিল ৰঞ্জন চুতীয়া নামৰ ভণ্ড লোকজনে৷ অৱশেষত ডিব্রুগড় আৰক্ষীয়ে মৰাণৰ ডুমৰ দলংস্থিত নিজা বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰে ৰঞ্জন চুতীয়া নামৰ স্বয়ম্ভূ ঈশ্বৰ জনক৷ লোকজনে ৰোগী শুশ্রূষাৰ নামত বহু বিতর্কিত কর্মকাণ্ডৰে বিগত প্রায় ১৬ বছৰে ধর্মপ্রচাৰ কৰি আহিছিল৷

গুৰুজনাৰ সৃষ্ট নাম–ঘোষা, বৰগীত আদি বিকৃত কৰি যীচুৰ নাম অন্তর্ভুক্ত কৰি সুদীর্ঘদিন প্রচাৰ চলাই আহিছিল ৰঞ্জন চুতীয়াই৷ কেৱল সিমানেই নহয়, দেৱ বাদ্যকো কৰিছে ঘোৰ অপমান৷ আনহাতে অসমীয়াৰ বাপতি সাহোন বিহুত যীচুৰ নাম অন্তর্ভুক্তিৰে বিকৃত ৰূপত উপস্থাপন কৰিছিল বিতর্কীত ৰঞ্জন চুতীয়াই৷ এইগৰাকী স্বয়ম্ভূ ভগৱানে ইউ টিউবত ৱর্ল্ড হিলিং প্রেয়াৰ চেণ্টাৰ বুলি এটা একাউণ্ট খুলি সমগ্র ঘটনাৰাজী উপস্থাপন কৰি আহিছিল৷ মৰাণৰ ডুমৰ দলংস্থিত বাসগৃহতে ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা অহা ৰোগীক চিকিৎসা কৰা প্রদর্শন কৰিছিল৷ শেহতীয়াকৈ এই কর্মকাণ্ডৰ বিৰুদ্ধে বিশ্ব হিন্দুুু পৰিষদ, হিন্দুুু যুৱ–ছাত্র পৰিষদ আদিয়ে ৰঞ্জন চুতীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাত ডিব্রুগড আৰক্ষীয়ে গ্রেপ্তাৰ কৰে ৰঞ্জন চুতীয়াক৷

ইফালে গ্রেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষা কৰোতে চুতীয়াৰ ক’ভিড পজিটিভ ধৰা পৰাত পোনে পোনে অসম চিকিৎসা মহাবিদ্যালয়ত ভর্তি কৰা হয়৷ ডিব্রুগড আৰক্ষীয়ে গোচৰ নং ১৩৫/২১ মৰাণ পি এছ ভিত্তিত ১৫৩এ/২৯৫এ আইপিচি ধাৰাত গ্রেপ্তাৰ কৰিছে ৰঞ্জন চুতীয়াক৷ আনহাতে ক’ভিড নিগেটিভ হ’লেহে ডিব্রুগড আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিব পাৰিব বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে প্রথমে এটা জুপুৰি সদৃশ গৃহত ধর্মপ্রচাৰ আৰম্ভ কৰা ৰঞ্জন চুতীয়া এতিয়া বিশাল সম্পত্তিৰো গৰাকী৷ ‘জগতৰ ৰোগী শুশ্রূষাকাৰী প্রার্থনা ভৱন’ নামে এক বিশাল ভৱন নির্মাণ কৰি ৰোগীৰ বিভিন্ন চিকিৎসা কৰি আহিছে ৰঞ্জন চুতীয়াই৷ আনহাতে ৰঞ্জন চুতীয়াৰ এই কার্যত একাংশ বহু বিতর্কীত ব্যক্তি জডিত হৈ থকা অভিযোগ উত্থাপিত হৈছে৷বছৰ বছৰ ধৰি প্রশাসনৰ চকুত ধূলি দি হিন্দুুু ধর্মৰ বিকৃতকৰণৰ লগতে এই বিশ্বায়নৰ দিনটো চিকিৎসাৰ নামত দৰিদ্র শ্রেণীৰ লোকক লুণ্ঠন চলাই অন্ধবিশ্বাসৰ বৃহৎ বজাৰ সৃষ্টি কৰি অহা ভণ্ড লোকজনৰ সন্দর্ভত যদিহে সঠিকভাৱে তদন্ত কৰা হয়, তেন্তে বহু বিস্ফোৰক তথ্য উদ্ঘাটন হোৱাতো নিশ্চিত বুলি আশংকা কৰা হৈছে৷ এতিয়া আৰক্ষীয়ে তদন্ত কি প্রক্রিয়াৰে আগুৱাই নিয়ে সেয়া লক্ষণীয় হৈ পৰিছে৷

RELATED ARTICLES