peepl-small

আজি ৰাজ্যৰ ৩৯ সমষ্টিত দ্বিতীয় পর্যায়ৰ নির্বাচন

PUBLISHED:

গুৱাহাটীত: সামগ্রিকভাৱে শান্তিপূর্ণকৈ প্রথম পর্যায়ৰ নির্বাচন সম্পন্ন হৈ যোৱাৰ পাছত আজিৰ ৰাজ্যৰ ৩৯টা সমষ্টিত অনুষ্ঠিত হ’ব দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ৷ পুৱা ৭ বজাৰ পৰা বিয়লি ৬ বজালৈ মুঠ ১০,৫৯২টা কেন্দ্রত নিকা, মুক্ত আৰু শান্তিপূর্ণ পৰিৱেশত ভোটগ্রহণ প্রক্রিয়া  সমাপন কৰিবলৈ সকলো দিশৰ পৰা প্রস্তুতি ইতিমধ্যে সম্পন্ন কৰিছে দেশৰ নির্বাচন আয়োগে৷

বুধবাৰে জনতা ভৱনত আয়োজিত এখন সংবাদ মেলত অসমৰ মুখ্য নির্বাচনী বিষয়া নীতিন খাড়েই ভোটগ্রহণ প্রক্রিয়াৰ বিষয়ে বিশদভাৱে সদৰী কৰে৷ তেওঁ জানিবলৈ দিয়া অনুসৰি দ্বিতীয় পর্যায়ৰ নির্বাচনী ৰণত অৱতীর্ণ হোৱা মুঠ প্রার্থীৰ সংখ্যা গৈছে ৩৪৫জন৷ ইয়াৰে ৩১৯জন পুৰুষ হোৱাৰ বিপৰীতে ২৬গৰাকী মহিলা৷ এই ৩৪৫জন প্রার্থীৰ ভাগ্য নির্ণয় কৰিব ৩৯টা সমষ্টিৰ ৭৩,৪৪,৬৩১জন ভোটাৰে৷ মুঠ ভোটাৰৰ ভিতৰত ৩৭,৩৪,৫৩৭জন পুৰুষ আৰু ৩৬,০৯,৯৫৯গৰাকী মহিলা৷ ক’ভিড–১৯ পৰিস্থিতিৰ পৰিপ্রেক্ষিতত দেশৰ নির্বাচন আয়োগে ইতিপূর্বে জাৰি কৰা গাইডলাইন তথা ক’ভিড প্রট’কল কঠোৰভাৱে ভোটদানৰ সময়ত বলৱৎ কৰা হ’ব বুলি মুখ্য নির্বাচনী বিষয়া খাড়েই স্পষ্ট কৰি দিয়ে৷

তেওঁ কয় যে ভোটগ্রহণ কেন্দ্রসমূহত ফেচ মাস্ক, হাত ধোৱা চাবোন, ছেনিটাইজাৰ আদিৰ সম্পূর্ণ ব্যৱস্থা থাকিব৷ মুখ্য নির্বাচনী বিষয়া খাড়েই দিয়া তথ্য অনুসৰি দ্বিতীয় পর্যায়ৰ ভোটগ্রহণ হ’বলগীয় সমষ্টিসমূহৰ ভিতৰত সর্বাধিক ২,৬৫,৮৮৬জন ভোটাৰ আছে হোজাই সমষ্টিত৷ সেইদৰে সর্বনিম্ন ১,৩২,৩৩৯জন ভোটাৰ থকা সমষ্টিটো হৈছে হাওৰাঘাট৷ আলগাপুৰ সমষ্টিত সর্বাধিক ১৯জন প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে ওদালগুৰি সমষ্টিত আছে মাত্র দুজন প্রতিদ্বন্দ্বী৷

দ্বিতীয় পর্যায়ৰ নির্বাচনত অৱতীর্ণ হোৱা প্রার্থীসকলৰ ভিতৰত আছে অগপৰ ৬জন, অসম জাতীয় পৰিষদৰ ১৯জন, বিজেপিৰ ৩৪জন, ইউ পি পি এলৰ ৩জন, বি পি এফৰ ৪জন, কংগ্রেছৰ ২৮জন, এ আই ইউ ডি এফৰ ৭জন আৰু নির্দলীয় ১৭৬জন৷ কাইলৈ ভোটগ্রহণ প্রক্রিয়া সম্পন্ন হোৱাৰ লগে লগে শাসক–বিৰোধী উভয় শিবিৰৰ কেইবাজনো হেভীৱেইট প্রার্থীৰ ভাগ্য ই ভি এমত বন্দী হ’ব৷ ইয়াৰে বিজেপিৰ উল্লেখযোগ্য ৰথী–মহাৰথীসকল হৈছে মন্ত্রী পৰিমল শুক্লবৈদ্য, পীয়ূষ হাজৰিকা, ভবেশ কলিতা, অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰ, বিধায়ক বিজয় মালাকাৰ, কৃষ্ণেন্দু পাল, মিহিৰকান্তি সোম, নোমল মমিন, গুৰুজ্যোতি দাস, ৰমাকান্ত দেউৰী, ৰূপক শর্মা, শিবু মিশ্র, ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী, প্রাক্তন মন্ত্রী গৌতম ৰয়, অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশী, প্রাক্তন বিধায়ক জয়ন্ত মল্ল বৰুৱা, বিদ্যাছিং ইংলেং, বিজেপি নেতা জিতু গোস্বামী, দিগন্ত কলিতা, বিশ্বৰূপ ভট্টাচার্য, দ্বিপায়ন চক্রৱর্তী, মিত্রদল অগপৰ ছাবিৰ আহমেদ, আজিজ আহমেদ খান, আফতাবুদ্দিন লস্কৰ, বিষ্ণু দাস, ছাদিক উল্লাহ ভূঞা, মিত্রদল ইউ পি পি এলৰ গোবিন্দ বসুমতাৰী আদি৷

সেইদৰে মহাজোঁটৰ ৰথী–মহাৰথীসকল হৈছে– কংগ্রেছৰ বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ, ইলিয়াছ আলী, প্রাক্তন মন্ত্রী ছিদ্দিক আহমেদ, অজিত সিং, মিছবাহুল ইছলাম লস্কৰ, বসন্ত দাস, ছুম ৰংহাং, প্রাক্তন বিধায়ক স্বপন কৰ, শম্ভু সিং মাল্লা, কংগ্রেছ নেতা নির্মল লাংথাছা, কিশোৰ ভট্টচার্য, প্রদ্যুৎ ভূঞা, কুলদীপ বৰুৱা, আছিফ মহম্মদ নজৰ, শান্তনু শর্মা, শশীকান্ত দাস, সুৰেশ বৰা, অংশীদাৰ দল এ আই ইউ ডি এফৰ আব্দুল আজিজ, জাকিৰ হুছেইন লস্কৰ, সুজামুদ্দিন লস্কৰ, নিজামুদ্দিন চৌধুৰী, কৰিমউদ্দিন বৰভূঞা, মজিবুৰ ৰহমান, চি পি আইৰ মুনীন মহন্ত, চি পি আই (এম)ৰ ভগৱান দেৱমিশ্র, বি পি এফৰ মন্ত্রী ৰিহণ দৈমাৰী, চৰণ বড়ো, কৰুণাকান্ত স্বর্গীয়াৰী, দুর্গা দাস বড়ো আদি৷

বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা শিলচৰৰ বিধায়ক তথা অসম বিধানসভাৰ প্রাক্তন উপাধ্যক্ষ দিলীপ কুমাৰ পালে এইবাৰ নির্দলীয় হিচাপে সমষ্টিটোত অৱতীর্ণ হৈছে৷ একেদৰে কংগ্রেছৰ টিকটৰ পৰা বঞ্চিত হোৱা সোণাইৰ প্রাক্তন বিধায়ক এনামুল হকেও এই নির্বাচনত নির্দলীয় হিচাপে যুঁজত নামিছে৷ সেইদৰে এইবাৰ বিজেপিৰ টিকটৰ পৰা বঞ্চিত হোৱা মন্ত্রী ছুম ৰংহাং ডিফু সমষ্টিৰ পৰা কংগ্রেছ প্রার্থী হিচাপে নির্বাচনী যুঁজত অৱতীর্ণ হৈছে৷ উল্লেখ্য যে দ্বিতীয় পর্যায়ত কাইলৈ নির্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহ হৈছে– ৰাতাবাৰী, পাথাৰকান্দি, কৰিমগঞ্জ উত্তৰ, কৰিমগঞ্জ দক্ষিণ, বদৰপুৰ, হাইলাকান্দি, কাটলিচেৰা, আলগাপুৰ, শিলচৰ, সোণাই, ধলাই, উদাৰবন্দ, লক্ষীপুৰ, বৰখলা, কাটিগড়া, হাফলং, বোকাজান, হাওৰাঘাট, ডিফু, বৈঠালাংছ’, কমলপুৰ, ৰঙিয়া, নলবাৰী, পানেৰী, ওদালগুৰি, কলাইগাঁও, ছিপাঝাৰ, মঙলদৈ, দলগাঁও, মাজবাট, জাগীৰোড, মৰিগাঁও, লাহৰীঘাট, ৰহা, নগাঁও, বঢ়মপুৰ, যমুনামুখ, হোজাই আৰু লামডিং৷

ইফালে সংবাদ মেলত সকলোকে গণতন্ত্রৰ উৎসৱৰ দিনা নিজৰ গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে ওলাই আহিবলৈ আহ্বান জনাই মুখ্য নির্বাচনী বিষয়া খাড়েই কয় যে দ্বিতীয় পর্যায়ৰ নির্বাচনত মুঠ ৪২,৩৬৮জন বিষয়া–কর্মচাৰী নিয়োজিত কৰা হৈছে৷ এই বিষয়া–কর্মচাৰীসক বুধবাৰে নিজৰ নিজৰ দায়িত্বত থকা ভোটগ্রহণ কেন্দ্রত উপস্থিত হ’ব৷ তদুপৰি দ্বিতীয় পর্যায়ৰ নির্বাচনত মুঠ ৫৫৬টা ভোটগ্রহণ কেন্দ্রৰ কাম–কাজ কেৱল মহিলা বিষয়া–কর্মচাৰীয়েই পৰিচালনা কৰিব৷

আজি ভোটগ্রহণৰ বাবে ২৬জন সাধাৰণ পর্যবেক্ষক, ১২জন আৰক্ষী পর্যবেক্ষক আৰু ১৬জন ব্যয় পর্যবেক্ষক দায়িত্বত থাকিব৷ ছেক্টৰ আৰু জ’নেল আৰক্ষী বিষয়াসকলে আইন–শৃংখলাজনিত পৰিস্থিতি পর্যবেক্ষণ কৰাৰ উপৰি প্রতিটো ভোটগ্রহণ কেন্দ্রতেই এজন কনিষ্টবল আৰু এজন গৃহৰক্ষী বাহিনীৰ জোৱান নিয়োজিত কৰা হ’ব৷ সামগ্রিকভাৱে দ্বিতীয় পর্যায়ৰ নির্বাচনৰ বাবে নিৰাপত্তা বাহিনীৰ ৩১০টা কোম্পানী আৰু অসম আৰক্ষীৰ অতিৰিক্ত ৯০টা কোম্পানী নিয়োজিত কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে৷ ভোটগ্রহণ প্রক্রিয়া মুক্ত আৰু নিকাভাৱে সম্পন্ন কৰাৰ প্রতি লক্ষ্য ৰাখি ৫০ শতাংশ অর্থাৎ ৫,৩১৫টা কেন্দ্রত ৱেব কাষ্টিং কৰাৰ ব্যৱস্থা কৰা হৈছে বুলিও মুখ্য নির্বাচনী বিষয়াজনে সদৰী কৰে৷ ইফালে সংবাদ মেলত উপস্থিত থকা ৰাজ্যিক আৰক্ষী ন’ডেল বিষয়া দীপক কেডিয়াই আদর্শ আচৰণবিধি বলৱৎ হোৱাৰ পূর্বে আৰু বলৱৎ হৈ থকাৰ সময়ছোৱাত জামিনবিহীন গ্রেপ্তাৰী পৰোৱানা জাৰি, মাৰণাস্ত্র জব্দ আদি সম্পর্কীয় তথ্য দাঙি ধৰে৷

RELATED ARTICLES