peepl-small

সাময়িকভাৱে স্থগিত ৰাখিলে অসমীয়াবিৰোধী জাননী

PUBLISHED:

গুৱাহাটী: ছাত্র সন্থাৰ দাবীত অৱশেষত সেও মানিলে অসম মাধ্যমিক শিক্ষা পৰিষদ, চমুকৈ ছেবাই৷ যোৱা ১২ এপ্রিলত ছেবা কর্তৃপক্ষই এক জাননীৰ যোগেদি অসমীয়া ভাষাটোক চৰম এলাগী কৰিছিল৷ ছেবাৰ এই জাননীত উল্লেখ আছিল যে অসমীয়া ভাষাটো কোনো ছাত্র–ছাত্রীয়ে মুখ্য বিষয় হিচাপে নলৈ ঐচ্ছিক বিষয় হিচাপে ল’ব পাৰিব আৰু যদি মুখ্য বা ঐচ্ছিক কোনো এটা শিতানতেই ল’ব নোখোজে তেতিয়াও নম্বৰৰ তালিকাত যোগ নোহোৱা এটি বিষয় হিচাপে পঢ়িব লাগিব৷ অর্থাৎ অসমীয়া মাতৃভাষা কোৱা ছাত্র–ছাত্রীয়েও অসমীয়া বিষয় নপঢ়াকৈয়ে শিক্ষা সাং কৰিব পাৰিব৷ এই অসমীয়া ভাষাবিৰোধী নীতিৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল সদৌ অসম ছাত্র সন্থা৷

ছাত্র সন্থাই ছেবাৰ এই জাননী অসমীয়া ভাষাবিৰোধী, অসমবিৰোধী আখ্যা দি ইয়াক বাতিল কৰাৰ দাবী জনাইছিল৷ ছেবাৰ শিক্ষার্থীৰ বাবে ভাষা বিষয়ক এক নীতিগত সিদ্ধান্ত আছিল যে যিসকল ছাত্র–ছাত্রীৰ মাতৃভাষা অসমীয়া তেওঁলোকে অসমীয়া বিষয়ত উত্তীর্ণ নোহোৱাকৈ পৰীক্ষাত কৃতকার্য হ’ব নোৱাৰে৷ বৰঞ্চ অন্যান্য মাতৃভাষা কোৱা ছাত্র–ছাত্রীয়েও ইচ্ছা কৰিলে অসমীয়া বিষয়টো মুখ্য বিষয় হিচাপে লৈ অধ্যয়ন কৰিব পাৰিব৷ ছাত্র সন্থাই সেই নীতিৰ পৰা এচুলিমানো লৰচৰ নহ’বলৈ ছেবা কর্তৃপক্ষক সকীয়াই দিছিল৷

অৱশেষত অসমীয়া ভাষাবিৰোধী এই জননী সাময়িকভাৱে স্থগিত ৰাখিবলৈ বাধ্য হ’ল ছেবা কর্তৃপক্ষ৷ আজি এক নতুন জাননীৰ জৰিয়তে ছেবাই ১২ এপ্রিলৰ জাননীখন পৰৱর্তী নির্দেশনা পর্যন্ত স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে৷ ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক সংবাদ বিজ্ঞপ্তিযোগে কয় যে অসমীয়া ভাষাবিৰোধী, অসমবিৰোধী কোনো সিদ্ধান্তই ছাত্র সন্থাই মানি নলয়৷ ছেবা কর্তৃপক্ষই অসমীয়াবিৰোধী এই জাননী স্থগিত কৰাটো ইতিবাচক কথা৷ কিন্তু সাময়িক স্থগিতাদেশেই যথেষ্ট নহয়৷ ভৱিষ্যতৰ দিনতো এনে অসমীয়াবিৰোধী কোনো সিদ্ধান্ত গ্রহণ নকৰিবলৈ সংশ্লিষ্ট পক্ষক সকীয়াই দিছে সদৌ অসম ছাত্র সন্থাই৷

RELATED ARTICLES