peepl-small

১ ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠানঃ শিক্ষামন্ত্ৰী ৰণোজ পেগু

PUBLISHED:

গুৱাহাটী: ছেপ্টেম্বৰৰ পৰা খুলিব ৰাজ্যৰ সকলো শিক্ষানুষ্ঠান। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ আৰম্ভ হ’ব পাঠদান। এই ঘোষণা শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ।

আনহাতে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ বৃদ্ধি পালেও নামভৰ্তিৰ ক্ষেত্ৰত কোনোধৰণৰ অসুবিধা নহয় বুলিও মন্তব্য কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে।

এই সন্দৰ্ভত সংবাদমাধ্যমৰ আগত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে কয়, “ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নত হৈছে। মুখ্যমন্ত্ৰীৰ সৈতেও এই সন্দৰ্ভত আলোচনা কৰা হৈছে। অহা ১ ছেপ্টেম্বৰৰ পৰা ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ পৰ্যায়ক্ৰমে খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিশেষকৈ নৱম-দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীসমূহ যাতে প্ৰণালীবদ্ধ ভাৱে খুলিব পৰা যায়, তাৰ বাবে এটা নিৰ্দিষ্ট এছঅ’পি প্ৰস্তুত ৰ কামআৰম্ভ হৈছে।”

ইপিনে এইবাৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হ’ব বুলি বহু জিলাত ৰাতিটোৰ ভিতৰতে কাঠফুলাৰ দৰে জুনিয়ৰ কলেজ স্থাপন কৰিছে। গতিকে চৰকাৰীভাৱে স্বীকৃতি নথকা বিদ্যালয়ত নামভৰ্তি কৰাৰ পৰা বিৰত থাকি এইবাৰ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক চৰকাৰী বিদ্যালয়তেই নামভৰ্তি কৰাৰো আহ্বান জনায় শিক্ষামন্ত্ৰীগৰাকীয়ে।

 

RELATED ARTICLES