peepl-small

হিন্দু লোকক মুছলমান হিচাপে চৌদি আৰৱত কবৰস্থঃ আদালতত পৰিয়াল

PUBLISHED:

গুৱাহাটীঃ বিগত ২৪ জানুৱাৰীত চৌদি আৰৱত মৃত্যু হোৱা এজন ভাৰতীয় হিন্দু লোকক ভুলবশতঃ মুছলমান ৰীতি-নীতিৰে কবৰস্থ কৰা হয়। ইয়াৰ পাছতে লোকজনৰ নশ্বৰ দেহ বিচাৰি তেওঁৰ পত্নীয়ে আদালতৰ দ্বাৰস্থ হোৱাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে।

বৃহস্পতিবাৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে দিল্লী উচ্চ ন্যায়ালয়ক জনোৱা অনুসৰি লোকজনৰ নশ্বৰ দেহ স্বদেশলৈ আনিবলৈ জেদ্দাহস্থিত ভাৰতীয় দূতাবাসে চৌদি আৰৱৰ এখন স্থানীয় আদালতত আইনী প্ৰক্ৰিয়াৰ আশ্ৰয় গ্ৰহণ কৰিছে।

৫১ বছৰীয়া সঞ্জীৱ কুমাৰ নামৰ লোকজনৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল। লোকজনৰ নশ্বৰ দেহ সৎকাৰ কৰিবলৈ পৰিয়ালৰ সদস্যসকলে অপেক্ষা কৰি থকাৰ সময়তে ১৮ ফেব্ৰুৱাৰীত লাভ কৰা এটা খবৰে সকলোকে হতচকিত কৰি তোলে।

“জেদ্দাহত থকা ভাৰতীয় দূতাবাসৰ অনুবাদকগৰাকীয়ে লোকজনৰ মৃত্যুৰ প্ৰমাণপত্ৰত তেওঁক ভুলতে ইছলামধৰ্মী বুলি উল্লেখ কৰাৰ বাবে এই ঘটনা ঘটে। দূতাবাসৰ ফালৰ পৰা ক্ষমা বিচাৰি এখন পত্ৰও প্ৰেৰণ কৰা হৈছে।”–লোকজনৰ পত্নী অঞ্জু শৰ্মাই দাখিল কৰা গোচৰটোত এনেদৰে উল্লেখ কৰা হৈছে।

মৃত সঞ্জীৱ কুমাৰৰ পত্নীয়ে অভিযোগ কৰা অনুসৰি তেওঁৰ লগতে পৰিয়ালৰ কোনো লোকে মৃতদেহটো কবৰস্থ কৰিবলৈ সন্মতি প্ৰদান কৰা নাছিল। আনকি শৱদেহ শীঘ্ৰে সৎকাৰ কৰি লোকজনৰ অস্থি প্ৰেৰণ কৰিবলৈ ভাৰতীয় দূতাবাসক পৰিয়ালে কৰা অনুৰোধক কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান নকৰাৰো অভিযোগ উত্থাপন হৈছে।

Photo by Brett Sayles from Pexels

RELATED ARTICLES