peepl-small

অসমবাসীৰ মাজত গা কৰি উঠিছে এক নতুন আত্মবিশ্বাসে

PUBLISHED:

‘অহা পাঁচ বছৰত অসমৰ বিকাশৰ অনিৰুদ্ধ যাত্রা হ’ব৷ দিনে–নিশাই আমি কাম কৰিছোঁ আৰু কৰি থাকিম৷ ৰাজ্য চৰকাৰখনক অসমৰ ৰাইজৰ দুখ–হতাশা আঁতৰাই আনন্দ, বিকাশ আৰু আলোকযাত্রাৰ এক আশ্রয় হিচাপে গঢ়ি তোলাৰ বাবে প্রচেষ্টা চলাই থাকিম৷’ –এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

বিজেপি নেতৃত্বাধীন দ্বিতীয়টো কার্যকালৰ মিত্রজোঁট চৰকাৰৰ শুকুৰবাৰে ১০০ দিন সম্পূর্ণ হোৱাৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড০ শর্মাই খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী প্রশিক্ষণ মহাবিদ্যালয়ত এখন সংবাদ মেল সম্বোধন কৰে৷ এই সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই প্রধানতঃ বর্তমানৰ ৰাজ্য চৰকাৰখনৰ ১০০ দিনীয়া পৰিক্রমা তথা এই সময়ছোৱাত গ্রহণ কৰা গুৰুত্বপূর্ণ সিদ্ধান্তসমূহৰ ওপৰত আলোকপাত কৰে৷

সংবাদ মেলৰ আৰম্ভণিতে উন্মোচন কৰা ‘অনিৰুদ্ধ যাত্রাৰ ১০০টা দিন’ শীর্ষক পুস্তিকাখনত এই বিষয়ে বিস্তৃতভাৱে উল্লেখ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ১০০টা দিনৰ যাত্রাপথত আমি গ্রহণ বা ৰূপায়ণ কৰা সিদ্ধান্তসমূহে কম দিনৰ ভিতৰতে অসমৰ জনজীৱনক স্পর্শ কৰিব পাৰিছে৷ ইতিমধ্যে ৰাজ্যবাসীৰ মাজত গা কৰি উঠিছে এক নতুন আত্মবিশ্বাসে৷ এই প্রসংগত তেওঁ ক’ভিডৰ সংক্রমণ প্রতিৰোধ আৰু প্রতিষেধক প্রদানৰ ক্ষেত্রত ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে৷

মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰা মতে, যোৱা ১০ মে’ৰ পৰা ১৯ আগষ্টলৈকে এই ৯৯ দিনত ৰাজ্যত সর্বমুঠ ১,২১,৫৯,১৬২জন লোকক ক’ভিড প্রতিষেধক প্রদান কৰা হৈছে৷ তদুপৰি কালি ৰাজ্যত সামগ্রিকভাৱে ক’ভিড প্রতিষেধক প্রদান কৰা লোকৰ সংখ্যাই ডেৰ কোটি অতিক্রমি হৈছেগৈ ১,৫১,৭৩,৮২৬জন৷ প্রতিদিনে প্রায় ১.২৫ লাখৰ পৰা ১.৩০ লাখ লোকক ক’ভিড প্রতিষেধক দিবলৈ সক্ষম হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এসময়ত ক’ভিড প্রতিষেধকৰ অপচয়ক লৈ আলোচনা হৈছিল৷ কিন্তু আজি আমি ক’ভিড প্রতিষেধক ৰাহি কৰিবলৈ সক্ষম হৈছোঁ৷ প্রতিটো ভাইলত এক ড’জকৈ ৰাহি কৰিব পৰাত কেন্দ্রীয় চৰকাৰে আমাক যিমান ক’ভিড প্রতিষেধক দিছিল, তাৰ তুলনাত আমি অতিৰিক্তভাৱে ৫ লাখ ড’জ প্রদান কৰিব পাৰিছোঁ৷ দৈনিক ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা ১১ মে’ত ৬,২৫৮গৰাকীৰ পৰা ১৭ আগষ্টত ৭৪১গৰাকীলৈ হ্রাস পাইছে৷ এই সময়ছোৱাত পজিটিভিটীৰ হাৰো ৯.১৩ শতাংশৰ পৰা হ্রাস পাইছে ০.৭৩ শতাংশলৈ৷ সম্পূর্ণ লকডাউন নিদিয়াকৈ আমি ক’ভিডৰ দ্বিতীয় জোৱাৰ নিয়ন্ত্রণলৈ আনিবলৈ সক্ষম হোৱাৰ লগতে তৃতীয় জোৱাৰৰ বাবেও সাজু হ’ব পাৰিছোঁ৷ ক’ভিড মহামাৰীৰ বলি হোৱা পৰিয়ালসমূহলৈ ৰাজ্য চৰকাৰে আগবঢ়োৱা সাহায্যৰ বিষয়ে ‘অনিৰুদ্ধ যাত্রাৰ ১০০টা দিন’ শীর্ষক পুস্তিকাত উল্লেখ কৰি কোৱা হৈছে যে ক’ভিড মহামাৰীত অনাথ হোৱা প্রতিটো শিশুলৈ মুখ্যমন্ত্রীৰ শিশু সেৱা আঁচনিৰ অধীনত প্রতিমাহে ৩,৫০০ টকাৰ আর্থিক সাহায্যৰ উপৰি এটা লেপটপ আৰু ২৪ বছৰ বয়সত তেওঁলোকে পাব পৰাকৈ ৭.৮১ লাখ টকাৰ ফিক্সড ডিপ’জিট কৰা হৈছে৷ এতিয়ালৈকে ৮গৰাকী শিশু এনেদৰে উপকৃত হৈছে৷

RELATED ARTICLES