peepl-small

অসম আন্দোলনৰ নেতা সমীৰণ বৰদলৈৰ অকাল বিয়োগ

PUBLISHED:

গুৱাহাটী: অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম হোতা, সদৌ অসম ছাত্র সন্থাৰ একালৰ নেতা, অগ্রণী সমাজ সংগঠক তথা অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত সম্পাদকপ্রধান সমীৰণ বৰদলৈৰ দেওবাৰে ৬৩ বছৰ বয়সত দেহাৱসান ঘটে৷ যোৱা কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটি আজি পুৱা ৭.১৩ বজাত তেওঁ নিজা বাসভৱনতে ইহলীলা সম্বৰণ কৰে৷ বহুমুখী প্রতিভা তথা প্রচণ্ড মনোবলৰ অধিকাৰী সমগ্র যোৰহাটবাসীৰ বাবে প্রচুৰ তথ্য আৰু শক্তিৰ ভঁৰালস্বৰূপ বিশিষ্ট সমাজ সংগঠকজনৰ মৃত্যুত যোৰহাটত গভীৰ শোকৰ ছাঁ পৰিছে৷

১৯৫৮ চনৰ ২২ ফেব্রুৱাৰীত জন্মগ্রহণ কৰা বৰদলৈয়ে যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে পৰিসংখ্যা বিভাগত স্নাতক ডিগ্রী লাভ কৰে৷ অসমৰ এগৰাকী বিশিষ্ট মুক্তিযুঁজাৰু প্রয়াত তিলেশ্বৰ বৰদলৈৰ জ্যেষ্ঠ পুত্র বৰদলৈয়ে মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত যোগদান কৰি যোৰহাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল৷ অসমৰ বিদেশী খেদোৱা আন্দোলনত অত্যন্ত সক্রিয় ভূমিকা পালন কৰা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে বিশ্ববিদ্যালয়ৰ ক’ট সদস্যৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক হিচাপে অসম আন্দোলনৰ জটিল সময়ত কার্যনির্বাহ কৰিছিল৷ তেওঁৰ নেতৃত্বত সেই সময়ত অসম আন্দোলনৰ সুৰ বাহিনীয়ে এক নতুন গতি লাভ কৰিছিল৷

ইয়াৰ পৰৱর্তী পর্যায়ত সদায় জাতীয়তাবাদী সত্তাৰ লগত নিজকে একাত্মভাৱে জড়িত কৰি ৰখা বৰদলৈয়ে বিভিন্ন ক্রীডা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, সামাজিক অনুষ্ঠানৰ লগত জডিত হৈ পৰে৷ যোৰহাটত প্রতিষ্ঠা হোৱা অসম সত্রীয়া সংগীত মহাবিদ্যালয়ৰো তেওঁ অন্যতম প্রতিষ্ঠাপক আছিল৷ ইয়াৰ উপৰি মৃত্যু পর্যন্ত তেওঁ তৰাজান শ্মশান উন্নয়ন সমিতিৰ সভাপতি আৰু অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি হিচাপেও কার্যনির্বাহ কৰি আছিল৷ অসম সাহিত্য সভাৰ দুর্যোগৰ সময়তো তেওঁ ভাৰপ্রাপ্ত সম্পাদকপ্রধান হিচাপে কার্যনির্বাহ কৰি অধিৱেশন অনুষ্ঠিত কৰিছিল৷ যোৰহাটৰ সামাজিক ক্ষেত্রখনৰ সৈতে ওতপ্রোতভাৱে জডিত সমীৰণ বৰদলৈ বকুল বন সমাজৰো সভাপতি হোৱাৰ লগতে সংগীত শিল্পী সন্থা, জ্যোতি চিনে ক্লাব ইত্যাদি অনুষ্ঠানৰ লগতো গভীৰভাৱে জডিত হৈ আছিল৷

RELATED ARTICLES