peepl-small

‘বেংছতা’ৰ স্রষ্টা অপূর্ব কুমাৰ শইকীয়ালৈ সাহিত্য অকাডেমি বঁটা

PUBLISHED:

গুৱাহাটীঃ ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা শুকুৰবাৰে ঘোষণা কৰা হয়৷ সেই অনুসৰি ‘বেংছতা’ নামৰ গল্প সংকলনৰ বাবে ডাঃ অপূর্ব কুমাৰ শইকীয়াই অসমীয়া ভাষাত, ‘গাওথেনাই লামায়ো গদান আগান’ গল্প সংকলনৰ বাবে প্রয়াত ধৰণীধৰ ৱাৰীয়ে মৰণোত্তৰভাৱে বড়ো ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰিছে৷ যুৱ সাহিত্য অকাডেমি বঁটা অসমীয়া ভাষাত ‘মেঘ–ঘোঁৰা’ কাব্য সংকলনৰ বাবে লাভ কৰিছে দ্বিজেন কুমাৰ দাসে৷ বড়ো ভাষাত এই বঁটা প্রদান কৰা হৈছে নিউটন কুমাৰ বসুমতাৰীক, তেওঁৰ ‘আবৈ আবৌ আৰৌ আঙ’ কাব্যগ্রন্থৰ বাবে৷ ইফালে, ‘ফচঙ’ শীর্ষক শিশু গল্প সংকলনৰ বাবে মাধুৰিমা ঘৰফলীয়াই অসমীয়া ভাষাত, ‘গথছা বিছম্বি’ শীর্ষক ৰচনা সংকলনৰ বাবে অজিত বড়োৱে বড়ো ভাষাত ‘বাল সাহিত্য পুৰস্কাৰ’ লাভ কৰিছে৷ উল্লেখ্য যে সাহিত্য অকাডেমি বঁটাপ্রাপক ডাঃ অপূর্ব কুমাৰ শইকীয়াৰ জন্ম হৈছিল ১৯৬৩ চনত নগাঁৱৰ ডিফলুত৷ বৃত্তিত চিকিৎসক ডাঃ শইকীয়া বর্তমান গুৱাহাটীৰ কর্মচাৰী বীমা নিগম আদর্শ চিকিৎসালয়ত মুখ্য চিকিৎসা বিষয়া হিচাপে কর্মৰত৷ তেওঁৰ অন্যান্য গল্প সংকলনসমূহ হ’ল ‘ব্যর্থ নায়ক’, ‘বিষয় ঃ প্রেমৰ সংবিধান’, ‘মাটি আখৰা’, ‘বজাৰত এদিন’, লিংগমুক্ত পৃথিৱীৰ সাধু এটা, চ’তৰ উৰহী ইত্যাদি৷ শেতীয়াকৈ প্রকাশিত ‘বেংছতা’ শীর্ষক গল্প সংকলনৰ বাবে তেওঁ এই গুৰুত্বপূর্ণ সাহিত্য বঁটা লাভ কৰে৷ ইয়াৰ পূর্বে ডাঃ অপূর্ব কুমাৰ শইকীয়াই অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, সাহিত্য অকাডেমিৰ ‘কথা সন্ধি সন্মান’কে ধৰি ভালেমান বঁটা–বাহন লাভ কৰিছে৷ সাহিত্য অকাডেমি বঁটা লাভৰ খবৰ পোৱাৰ পাছতে তেওঁ প্রতিক্রিয়া প্রকাশ কৰি কয় যে বঁটা লাভৰ খবৰে স্বাভাৱিকতে সুখী কৰিছে৷ তদুপৰি তেওঁৰ সাহিত্য ভালপোৱাসকলৰ বাবেও এয়া এক ভাল খবৰ৷

অসমীয়া ভাষাৰ সাহিত্য অকাডেমি যুৱ বঁটা তামুলপুৰৰ দ্বিজেন কুমাৰ দাসলৈ

২০২০ চনৰ সাহিত্য অকাডেমি যুৱ বঁটা লাভ কৰিছে তামুলপুৰৰ সন্তান দ্বিজেন কুমাৰ দাসে৷ বিশিষ্ট কবি, লেখক দ্বিজেন কুমাৰ দাসৰ দ্বিতীয়খন কাব্য সংলনন ‘মেঘ–ঘোঁৰা’ৰ বাবে লাভ কৰিছে এটা বঁটা৷ তামুলপুৰ মহকুমাৰ অন্তর্গত কালাকুছি গাঁও নিৱাসী প্রয়াত হৰিনাৰায়ণ দাস আৰু প্রয়াত যামিনী দাসৰ একমাত্র সন্তান দ্বিজেন কুমাৰ দাসৰ এই সফলতাই সমগ্র তামুলপুৰ মহকুমালৈ আনন্দৰ বন্য কঢ়িয়াই আনিছে৷ তেওঁ এই বঁটা লাভ কৰাৰ খবৰ পোৱাৰ লগে লগে তামুলপুৰৰ বিভিন্ন দল–সংগঠনে তেওঁক শুভকামনা জনাইছে৷ উল্লেখ্য যে বৰবেলবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক দ্বিজেন কুমাৰ দাসে সৰুৰে পৰাই নিৰলস সাহিত্য চর্চাত মনোনিৱেশ কৰিছিল৷ তেওঁ লিখা অসংখ্য কবিতা, গল্প, প্রবন্ধ ইতিমধ্যে অসমৰ বিভিন্ন আগশাৰীৰ কাকত–আলোচনীত প্রকাশ পাইছে৷ ২০০৭ চনত প্রকাশ পাইছিল দ্বিজেন কুমাৰ দাসৰ প্রথমখন কাব্য সংকলন ‘উশাহ থাকে মান অ’ মনে তৰা’৷ এই কাব্য সংকলনখন প্রকাশৰ পাছতেই পঢ়ুৱৈৰ মাজত বিশেষ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল৷ ২০১৮ চনত প্রকাশ পায় তেওঁৰ এখন শিশুৰ উপযোগী সাধুকথাৰ সংকলন৷ পৰৱর্তী সময়ত দ্বিজেন কুমাৰ দাসৰ দ্বিতীয়খন কাব্য সংকলন প্রকাশ পায়৷ ‘মেঘ–ঘোঁৰা’ শীর্ষক এই কাব্য সংকলনখনৰ বাবে তেওঁ লাভ কৰে ২০২০ চনৰ সাহিত্য অকাডেমি যুৱ বঁটা৷ ইয়াৰ পূর্বে ২০১৮ চনত সেউজী সেউজীৰ পাগলাদিয়া বঁটা লাভ কৰিবলৈ সমর্থ হয় এইগৰাকী প্রতিভাসম্পন্ন যুৱ কবি দ্বিজেন কুমাৰ দাসে৷ উল্লেখ্য যে ১৯৮৫ চনৰ ১৫ মে’ত জন্মগ্রহণ কৰা দ্বিজেন কুমাৰ দাসে ২০০০ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীর্ণ হয়৷ পৰৱর্তী সময়ত তেওঁ অসমীয়া বিষয়ত স্নাতকোত্তৰ আৰু বি এড ডিগ্রী লাভ কৰে৷ সাম্প্রতিক সময়ত তেওঁ শিক্ষকতাৰ সমান্তৰালভাৱে সাহিত্য চর্চা অব্যাহত ৰাখিছে৷

মাধুৰিমা ঘৰফলীয়ালৈ ‘বাল সাহিত্য পুৰস্কাৰ’

অসমীয়া ভাষাৰ বাবে সাহিত্য অকাডেমিৰ ‘বাল পুৰস্কাৰ সন্মান’ লাভ কৰিছে মাধুৰিমা ঘৰফলীয়াই৷ ‘ফচঙ’ শীর্ষক শিশু উপযোগী গল্প সংকলনৰ বাবে তেওঁ এই বঁটা লাভ কৰিছে৷ শিৱসাগৰৰ বকতাত জন্মগ্রহণ কৰা মাধুৰিমা ঘৰফলীয়াই শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা স্নাতক শিক্ষা গ্রহণ কৰে৷ সম্প্রতি তেওঁ দিল্লীৰ নইদাৰ বাসিন্দা৷ মূলতঃ শিশু সাহিত্যৰ চর্চা অব্যাহত ৰখা লেখিকাগৰাকীৰ এইখনেই হৈছে প্রথম প্রকাশিত গ্রন্থ৷ প্রথমখন গ্রন্থৰ বাবে ‘বাল সাহিত্য পুৰস্কাৰ’ লাভ কৰি উৎফুল্লিত হৈ পৰা মাধুৰিমা ঘৰফলীয়াৰ দুটা শিশু সাহিত্য ছিৰিজ ‘মায়া’ আৰু ‘অন্য এক পৃথিৱী’ ইতিমধ্যে ‘মৌচাক’ আলোচনীত প্রকাশ পাইছে৷ এই দুখন গ্রন্থও শীঘ্রে প্রকাশ পাব৷

বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ অজিত বড়োলৈ বড়ো ভাষাৰ শিশু সাহিত্য অকাডেমি বঁটা

‘খবৰটো মই যেতিয়া পাইছিলোঁ, তেতিয়া মই ফুটবল খেলি আছিলোঁ৷ প্রথম অৱস্থাত অবিশ্বাস্য যেন লাগিছিল যদিও সঁচা বুলি গম পালোঁ৷’ –এই মন্তব্য কৰিছে ভাৰতীয় সাহিত্য অকাডেমিয়ে ঘোষণা কৰা ২০২০ চনৰ শিশু সাহিত্য বঁটাপ্রাপ্ত বিশিষ্ট সাহিত্যিক, শিক্ষাবিদ ড০ অজিত বড়োৱে৷ সাহিত্য অকাডেমিৰ শিশু সাহিত্য বঁটা পোৱাৰ খবৰটো বড়ো সাহিত্য সভাৰ সভাপতি তৰেণ বড়োৱে ফোনযোগে অৱগত কৰাৰ পাছতহে জ্ঞাত হয় বুলি বড়োৱে জানিবলৈ দিছে৷ ড০ বড়োৱে লগতে কয় যে সাহিত্যৰ প্রতি পূর্বৰে পৰাই তেওঁৰ এক বিশেষ আকর্ষণ আছিল৷ এই বঁটা লাভ কৰাৰ পাছত ভৱিষ্যতে নতুন নতুন সাহিত্য সৃষ্টি কৰাৰ বাবে মোক আৰু অধিক অনুপ্রাণিত কৰিব৷ কোকৰাঝাৰবাসী ৰাইজে সাহিত্য সৃষ্টিৰ বহুখিনি অনুপ্রেৰণা যোগাই আহিছে বুলি মন্তব্য কৰি কোকৰাঝাৰবাসী ৰাইজলৈ ধন্যবাদ জ্ঞাপন কৰিছে ড০ অজিত বড়োৱে৷ উল্লেখ্য যে কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও বি এড কলেজৰ অধ্যক্ষ হিচাপে কর্মৰত ড০ অজিত বড়োৱে বড়ো ভাষাত লিখা ‘গথছা বিছম্বি’ৰ বাবে শিশু সাহিত্য বঁটা লাভ কৰিছে৷ তদুপৰি ড০ বড়োৱে বড়ো ভাষাত অতি কমেও ১২খন প্রবন্ধ, উপন্যাস আদি প্রকাশ কৰি উলিওৱাৰ উপৰি ইংৰাজী আৰু বড়ো ভাষাৰ ৬৫খনতকৈ অধিক আলোচনী, স্মৃতিগ্রন্থ আদি সম্পাদনা কৰাৰ লগতে ২২খনকৈ আলোচনীৰ মুখ্য সম্পাদক হিচাপে বিশেষ দায়িত্ব পালন কৰিছে৷ কোকৰাঝাৰ চহৰৰ থুলুংগাপুৰীশ নিৱাসী ড০ অজিত বড়োৱে শিশু সাহিত্য বঁটা লাভ কৰাত কোকৰাঝাৰত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে৷

নিউটন কুমাৰ বসুমতাৰীলৈ বড়ো ভাষাৰ ‘যুৱ সাহিত্য অকাডেমি’

কাব্য সংকলন ‘আবৈ আবৌ আৰৌ আঙ’ৰ বাবে ২০২০ বর্ষৰ বাবে বড়ো ভাষাৰ যুৱ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে নিউটন কুমাৰ বসুমতাৰীয়ে৷ ১৯৯০ চনত মৰিগাঁও জিলাৰ নিজ গেৰুৱা গাঁৱত জন্মগ্রহণ কৰা নিউটনে বড়ো ভাষাত সাহিত্য চর্চা কৰি আহিছে৷ ইতিমধ্যে তেওঁৰ তিনিখন কাব্য সংকলন প্রকাশ পাইছে৷ ইয়াৰ উপৰি তেওঁ নিজৰ মাতৃভাষাতে লিখি উলিয়াইছে কেইবাখনো উপন্যাস আৰু গল্পও৷ এই সংকলনসমূহো প্রকাশৰ বাবে চিন্তা–চর্চা কৰি আছে বুলি জানিবলৈ দিয়ে যুৱ সাহিত্য অকাডেমি বঁটাপ্রাপক নিউটন কুমাৰ বসুমতাৰীয়ে৷ পেছাত তেওঁ এগৰাকী ব্যৱসায়ী৷

RELATED ARTICLES