peepl-small

সাগৰ ৰাণাক লাঠীৰে কোবাই হত্যা কৰিছিল সুশীল কুমাৰে

PUBLISHED:

গুৱাহাটীঃ তাৰকা মল্লযুঁজাৰু সুশীল কুমাৰে উদীয়মান মল্লযুঁজাৰু সাগৰ ৰাণাক লাঠীৰে কোবাই শক্তি প্রদর্শন কৰিছিল৷ সুশীলৰ নেতৃত্বত এদল যুৱকৰ নির্মম প্রহাৰত ২৩ বছৰীয়া সাগৰ ৰাণাই প্রাণত্যাগ কৰিবলগীয়া হৈছিল৷ দিল্লী আৰক্ষীয়ে আজি এটা চাঞ্চল্যকৰ ভিডিঅ’ প্রকাশ কৰাৰ পিছতে এই কথা স্পষ্ট হৈ পৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা অনুসৰি, সুশীল কুমাৰে ক্রীড়া মহলত নিজৰ প্রভাৱ আৰু ভয় প্রদর্শন কৰিবলৈ সাগৰ ৰাণাক নির্মমভাৱে প্রহাৰ কৰি থকাৰ ভিডিঅ’ প্রস্তুত কৰিবলৈ এজন সতীর্থক নির্দেশ দিছিল৷ ভিডি’টোত স্পষ্ট ৰূপত দেখা গৈছে যে সুশীল কুমাৰৰ নেতৃত্বত উদণ্ড যুৱকৰ দলটোৰ নৃশংস প্রহাৰত সাগৰ ৰাণা মাটিত বাগৰি পৰিছিল আৰু অসহায় হৈ চিঞৰিছিল৷ উল্লেখ্য যে যোৱা ৪ মে’ত নতুন দিল্লীৰ ছত্রশাল ষ্টেডিয়ামত এই দুর্ভাগ্যজনক ঘটনা সংঘটিত হৈছিল৷ মাৰপিটৰ ঘটনাত সাগৰ ৰাণা নামৰ যুৱ খেলুৱৈগৰাকীৰ মৃত্যু হোৱাৰ পিছতে সুশীল কুমাৰকে ধৰি তেওঁৰ আন সতীর্থসকল পলাই ফুৰে৷ অৱশেষত যোৱা দেওবাৰে আৰক্ষীয়ে আন এজন সংগীৰ সৈতে সুশীল কুমাৰক দিল্লী আৰু পঞ্জাব সীমান্তৰ পৰা গ্রেপ্তাৰ কৰিছিল৷ সম্প্রতি তেওঁলোক আৰক্ষীৰ জিম্মাত আছে৷

RELATED ARTICLES