peepl-small

ৰুক্মিণী নগৰৰ ঘৰে ঘৰে একঁকাল পানীঃ ব্যৱস্থা গ্রহণৰ দাবী জ্যেষ্ঠ নাগৰিকৰ

PUBLISHED:

গুৱাহাটী:  ৰাজ্যৰ ৰাজধানীৰ নিকটৱর্তী অঞ্চল ৰুক্মিণী নগৰৰ হৎ এলেকা বিগত কিছুদিন ধৰি বানপানীৰ কবলত পৰি জুৰুলা হৈ পৰিছে৷ ইফালে, ক’ৰোনাৰ আতংক, আনফালে ঘৰৰ ভিতৰত একাঁঠুৰ পৰা একঁকাললৈকে পানীয়ে অৱস্থা নোহোৱা কৰিছে হু পৰিয়ালৰ৷ এনে পৰিস্থিতিত ৰুক্মিণী নগৰৰ জনজীৱন স্তব্ধ হৈ পৰিছে৷ জলাশয়সদৃশ পৰিস্থিতিয়ে সমগ্র অঞ্চল বোকা–পানীৰে কদর্যময় কৰি পেলাইছে৷ ৰুক্মিণী নগৰৰ বিস্তীর্ণ এলেকাৰ সৈতে বিশেষকৈ দুই আৰু তিনি নম্বৰ উপ–পথত বাস কৰা প্রতিঘৰ মানুহৰ ঘৰৰ ভিতৰত পানী সোমাই গৈছে৷ যাৰ ফলত ভীষণ অসুিবধাৰ সন্মুখীন হৈছে অঞ্চল্বাসী ৰাইজ৷ বিভাগীয় কর্তৃপক্ষই শীঘ্রে পানী আঁতৰোৱাৰ ৱস্থা গ্রহণ কৰি ৰাইজক সকাহ দিবলৈ সকলোৱে দাবী উত্থাপন কৰিছে৷

তীব্র সমস্যাত ককবকাই থকা ৰাইজে গণতান্ত্রিক চৰকাৰখনৰ ওপৰত অতীষ্ঠ হৈ উঠিছে৷ জনসাধাৰণে আস্থা আৰু বিশ্বাসেৰে পৰিৱর্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰক ভোট প্রদান কৰি যন্ত্রণাৰ পৰা মুক্তি পাব লি আশা কৰিছিল৷ নতুনকৈ প্রায়খিনি নলা–নর্দমা নির্মাণ হৈ উঠিছে৷ ৰাস্তােবাৰো ওখ কৰি ভালকৈ নোৱা হৈছে৷ তৎসত্ত্বেও পানীৰ এই ভয়ংকৰ ৰূপত ত্রস্তমান হৈ উঠিছে অঞ্চল্বাসী ৰাইজ৷

ভূতৰ ওপৰত দানহ পৰাৰ দৰে পানীৰ লগতে বিষাক্ত দীঘল দীঘল সাপ, জোক, ডাঁহ আদিয়ে অঞ্চলটোত ত্রাসৰ সৃষ্টি কৰিছে৷ নিশাৰ ভাগত পৰিৱেশ সাংঘাতিক ভয়ংকৰ হৈ উঠে৷ জীৱন মৃত্যুৰ সৈতে প্রতিমুহূর্ততে যুঁজ দ্বিলগীয়া হৈছে ভুক্তভোগী ৰাইজে৷ আতংকময় ক’ৰোনাৰ সংহাৰী ৰূপৰ মাজতে বানপানীৰ এনে ৰুদ্র মূর্তিয়ে দিন নাযায় ৰাতি নুপুৱায় অৱস্থা কৰি পেলাইছে৷ এনে পৰিস্থিতিত তিক্ততা ভুগি থকা ৰাইজক উদ্ধাৰ কৰ্বিলৈ বিভাগীয় কর্তৃপক্ষক অনুৰোধ জনাইছে ৰুক্মিণী নগৰ্বাসী জ্যেষ্ঠ নাগৰিকসকলে৷

RELATED ARTICLES