peepl-small

গুৱাহাটীত আৰ এছ এছ প্ৰধান মোহন ভাগৱত

PUBLISHED:

গুৱাহাটীঃ বিধানসভা নির্বাচনৰ প্রাক্ক্ষণত সংগঠনৰ এক বিশেষ বৈঠকত অংশগ্রহণৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হৈছে ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ প্রধান মোহন ভাগৱত৷ চাৰিদিনীয়া কার্যসূচীৰে অসমলৈ অহা আৰএছএছৰ মুৰব্বীগৰাকীয়ে বুধবাৰে মালিগাঁৱৰ আদিংগিৰিস্থিত সেৱা ভাৰতী জনজাতি ছাত্রাৱাসত অনুষ্ঠিত ভাৰতীয় কার্যকৰী মণ্ডল বৈঠকত অংশগ্রহণ কৰে৷ উল্লেখ্য যে অখিল ভাৰতীয় কার্যকৰী মণ্ডলৰ বৈঠক এইবাৰ গুৱাহাটীত অনুষ্ঠিত হৈছে৷ এই বৈঠক দেশৰ ১১টা ক্ষেত্রত অনুষ্ঠিত হ’ব৷ অসম ক্ষেত্র অর্থাৎ উত্তৰ–পূর্বাঞ্চলৰ সাতখন ৰাজ্যৰ বৈঠকখন দুদিনীয়া কার্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে৷ বৈঠকত ৰাষ্ট্রীয় স্বয়ং সেৱক সংঘৰ গতি–বিধি যেনে– ধর্মজাগৰণ, কুটুম্ব প্রভুধন, পর্যাবৰণ, গ্রাম বিকাশ, গো–সেৱা আদি বিষয়বোৰৰ ওপৰত আলোচনা কৰা হ’ব৷ বিশেষকৈ ক’ৰোনা মহামাৰীৰ সময়ত স্বয়ংসেৱকসকলে সমাজত কৰা বিভিন্ন সেৱা কার্যৰ উপৰি বর্তমানৰ পর্যাবৰণৰ দিশতো আলোচনা কৰা হ’ব৷ মোহন ভাগৱতৰ লগতে এই বৈঠকত উপস্থিত থাকে সৰকার্যবাহ ভাইয়াজী যোশী আৰু ৮জন অখিল ভাৰতীয় কার্যকৰী আৰু প্রত্যেক প্রান্তৰ প্রান্তটোলী৷

উল্লেখ্য যে অসমৰ ক্ষেত্রত আৰএছএছৰ বিভিন্ন কার্য সম্পর্কেও এই বৈঠকত এই বিস্তৃতভাৱে আলোচনা কৰাৰ লগতে আগন্তুক বিধানসভা নির্বাচনক লৈও কিছু বার্তালাপ হোৱা বুলি জানিব পৰা গৈছে৷ ইফালে, মোহন ভাগৱতৰ আগমনক কেন্দ্র কৰি ৰাজ্যিক বিজেপিৰ নেতৃবর্গৰ মাজত বিশেষ তৎপৰতা আৰম্ভ হৈছে৷ কেইবাগৰাকীও জ্যেষ্ঠ নেতাই আৰএছএছৰ প্রধানগৰাকীক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ কালি মোহন ভাগৱত গুৱাহাটীত উপস্থিত হোৱাৰ পাছতেই বিজেপিৰ কেইবাজনো নেতাই তেওঁক সৌজন্যমূলক সাক্ষাৎ কৰে৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও মোহন ভাগৱতক সৌজন্যমূলক সাক্ষাৎ কৰিব৷ ৫ ডিচেম্বৰত সংঘৰ কার্যসূচী সম্পন্ন কৰি মোহন ভাগৱত উত্তৰ–পূবৰ আন কেইবাখনো ৰাজ্য ভ্রমণ কৰাৰ সম্ভাৱনা আছে৷ আনহাতে, ৯ ডিচেম্বৰত তেওঁ পুনৰ গুৱাহাটীলৈ আহিব৷ গুৱাহাটীৰ পল্টন বজাৰস্থিত কেশৱ ধামত উপস্থিত হৈ সংঘৰ প্রচাৰপ্রমুখ, বিষয়ববীয়া আৰু কার্যকর্তাৰ সৈতে এক আলোচনাত মিলিত হ’ব৷ তিনিদিনীয়া কার্যসূচীৰে ৯ ডিচেম্বৰত আহিবলগীয়া মোহন ভাগৱতে এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন দল–সংগঠনকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে৷ এক বিশেষ সূত্রই প্রকাশ কৰা অনুসৰি ৯ ডিচেম্বৰৰ ভ্রমণকালতে ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ সম্পর্কে ৰাজ্যিক বিজেপিৰ নেতৃত্বৰ সৈতে গুৰুত্বপূর্ণ বৈঠকতো বহাৰ সম্ভাৱনা আছে৷

RELATED ARTICLES