peepl-small

অসমৰ জলপথত ৰ’–ৰ’ৰ পৰিৱর্তে শীঘ্রে চলিব ৰোপেক্স জাহাজ

PUBLISHED:

গুৱাহাটীঃ  অসমৰ বাবে সুবিধাজনক নহয় ৰ’–ৰ’ জাহাজ৷ প্রকৃতার্থত ব্রহ্মপুত্রত সুচল চলাচলৰ বাবে উপযোগী নহয় ৰ’–ৰ’ জাহাজ৷ যাৰবাবে অসমলৈ অনা আটাইকেইখন ৰ’–ৰ’ জাহাজ ওভতাই দি ৰোপেক্স জাহাজ চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে অসম চৰকাৰে৷

কামৰূপ জিলাৰ চাংসাৰিৰ ভাৰতীয় খাদ্য নিগমৰ গুডাম পৰিদর্শন কৰি মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে এই কথা জানিবলৈ দিয়ে৷ মন্ত্রীগৰাকীয়ে লগতে শীঘ্রে কুৰিখনৰো অধিক ৰোপেক্স জাহাজ অসম পাবহি বুলিও সদৰী কৰে৷ ভাৰতীয় খাদ্য নিগমৰ গুডাম ঘৰ পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যৰ বাবে পর্যাপ্ত খাদ্যসামগ্রী মজুত থকা বুলিও সংবাদ মাধ্যমক জানিব দিয়ে৷

চাংসাৰিৰ খাদ্য নিগমৰ গুডামৰ লগতে ৰে’ল ষ্টেচনৰো পৰিদর্শন কৰি মন্ত্রীগৰাকীয়ে ৰাজ্যত নৈ পৰিবহণৰ ক্ষেত্রত আমুল পৰিৱর্তন হ’ব বুলিও সংবাদ মাধ্যমক জানিব দিয়ে৷ শীঘ্রে ৰাজ্যৰ পাৰঘাটসমূহ আধুনিকীকৰণ হ’ব বুলি মত প্রকাশ কৰে মন্ত্রীগৰাকীয়ে৷ ৰে’ল ষ্টেচনৰ লেখিয়াসকলো সা–সুবিধা পাৰঘাটসমূহত উপলব্ধ কৰা হ’ব বুলিও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷

RELATED ARTICLES