peepl-small

দুধনৈত গ্ৰেপ্তাৰ তিনি দুৰ্ধৰ্ষ ডকাইতঃ ফ্লিপকাৰ্টৰ ডেলিভাৰী কেন্দ্ৰত কৰিছিল লুট

PUBLISHED:

গুৱাহাটী: দুধনৈত গ্ৰেপ্তাৰ তিনিজন দুৰ্ধৰ্ষ ডকাইত ৷ দুধনৈ-দামৰা ৰোডস্থিত ফ্লিপকাৰ্টৰ ডেলিভাৰী কেন্দ্ৰত সংঘটিত চাঞ্চল্য ডকাইতি কাণ্ডৰ সতে জড়িত এই তিনিজন ডকাইত ৷ ধৃত ডকাইত কেইজনৰ পৰা তিনিখন বাইক-স্কুটি, দুটা পুতলা পিষ্টল,তিনিটা মোবাইল ফোনসহ বিয়াল্লিশ হাজাৰ ছয় শ টকা জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ।

ধৃত ডকাইত কেইটা হল- দুধনৈ-বালাচাৰাৰ সুনীল বড়ো, আপাৰ মোৱামাৰীৰ অৰূপ দৈমাৰী আৰু কুশধোৱা-তিনি আলিৰ কমল খাখলাৰী । ছয় জনীয়া ডকাইতৰ দলে পৰিকল্পনা অনুসৰি পুতলা পিষ্টল লৈ তিনিজন ডকাইতে মুখত মাস্ক পৰিধান কৰি অতৰ্কিতে ফ্লিপকাৰ্টৰ ডেলিভাৰী কেন্দ্ৰটোত প্ৰৱেশ কৰিছিল ৷

প্ৰায় তেৰ লক্ষাধিক টকা পিষ্টল দেখুৱাই লুট কৰি নিছিল বুলি কেন্দ্ৰটোৰ কৰ্মচাৰীয়ে দুধনৈ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছিল ৷

ইপিনে ডকাইতৰ ছয়জনীয়া দলটোৰ অভিজিৎ ওৰফে লাংগা, জন্মেজয় বসুমতাৰী ওৰফে চুজু আৰু তুতি বসুমতাৰী বৰ্তমান পলাতক অৱস্থাত আছে ।

আজি দুধনৈ আৰক্ষী থানাত গোৱালপাৰা জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা উপস্থিত হৈ ডকাইতৰ বিৰুদ্ধে চলোৱা অভিযানৰ বিষয়ে সদৰি কৰে । লগতে উক্ত ডকাইতি কাণ্ডৰ সতে জড়িত পলাতক হৈ থকা তিনিজন ডকাইতক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব পৰা যাব বুলি কয় ।

RELATED ARTICLES