peepl-small

ৰিপুণ বৰা–ৰকিবুলে কংগ্রেছক শেষ কৰি পেলালে

PUBLISHED:

গুৱাহাটী: শোচনীয় নির্বাচনী বিপর্যয়ৰ পাছত কংগ্রেছত মোক্ষম আঘাত৷ দল এৰিলে মৰিয়নি সমষ্টিৰ চাৰিবাৰৰ বিধায়ক ৰূপজ্যোতি কুর্মীয়ে৷ অকল দল এৰাই নহয়, উজনি অসমত কংগ্রেছৰ শক্তিশালী কণ্ঠ ৰূপে পৰিচিত কুর্মীয়ে বিধায়ক পদো ত্যাগ কৰিছে৷ শুকুৰবাৰে পুৱাৰ ভাগত বিধানসভা সচিবালয়ত উপস্থিত হৈ তেওঁ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত পদত্যাগ পত্র দাখিল কৰে৷

সমান্তৰালভাৱে কুর্মীয়ে কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীলৈ প্রেৰণ কৰে দলৰ প্রাথমিক সদস্য পদ এৰা সম্পর্কীয় নিজৰ পত্র৷ সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত আনুষ্ঠানিকভাৱে পদত্যাগ পত্র দাখিল কৰাৰ পাছতে সংবাদ মাধ্যমৰ আগত এআইচিচি আৰু এপিচিচিৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি কুর্মীয়ে কেতবোৰ বিস্ফোৰক মন্তব্য কৰে৷ একে সময়তে কুর্মীয়ে অহা সোমবাৰে লখিমপুৰত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব বুলিও জানিবলৈ দিয়ে৷

যোগ্যতা থকা সত্ত্বেও কংগ্রেছে উপযুক্ত মর্যাদা তথা পদবী নিদিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ কয় যে নির্বাচনী ফলাফলত বিপর্যয়ৰ পাছত অসমত কংগ্রেছে ৰাজনৈতিক বাতাৱৰণ সুস্থিৰভাৱে চলাই নিয়াৰ বাবে যিদৰে আৰম্ভণি কৰিব লাগিছিল, সেয়া দেখিবলৈ পোৱা নাই৷ মই কৈছিলোঁ– বিৰোধী দলপতি হোৱাৰ বাবে মই উপযুক্ত৷ ইয়াৰ বাবে জিতেন্দ্র সিং আৰু মুকুল চাংমাই মোৰ সাক্ষাৎকাৰো লৈছিল৷ পিছে মোক বিৰোধী দলপতিৰ পদ দিম বুলি কোৱা সত্ত্বেও নিদিলে৷ ইয়াৰ পাছত মই কৈছিলোঁ– প্রদেশ কংগ্রেছৰ সভাপতি পদটো খালী হৈ আছে, পাৰিলে দিব লাগে৷ কিন্তু নিদিলে৷ বিধানসভাৰ এখন গুৰুত্বপূর্ণ কমিটী আছে, যিয়ে আমাৰ চৰকাৰক জবাবদিহি কৰিব–শ’লঠেকত পেলাব পাৰিলেহেঁতেন৷ সেয়া হ’ল ৰাজহুৱা হিচাপ পৰীক্ষা (পিএচি) কমিটী৷ তাতো মোক নিদিলে৷ কোনো এটা নির্দিষ্ট ধর্মীয় লোককহে কংগ্রেছে প্রাধান্য দিয়া দেখা গৈছে৷ পিএচিৰ সভাপতিৰ পদ দিলে ৱাজেদ আলী চৌধুৰীক৷ এটা সময়ত তেওঁ মন্ত্রী আছিল৷ কংগ্রেছে এক ব্যক্তি এক পদৰ কথা কয়৷ কিন্তু এজন মানুহকেই দুটা–তিনিটা পদবী কিয়? 

নতুন চামে জ্ঞান লাভ কৰিব নালাগে নেকি? নতুন চামক কংগ্রেছে আগুৱাই নিব নালাগে নেকি? চতুর্থবাৰৰ বাবে বিধায়ক হিচাপে মোক পিএচিৰ সভাপতি পদটো দিব পাৰিলেহেঁতেন৷ কংগ্রেছত পঞ্চমবাৰৰ বাবে বিধায়ক হোৱা দুই–তিনিজনমানহে আছে৷ ৱাজেদ আলী চৌধুৰী, ভৰত নৰহ আৰু ৰকিবুল হুছেইন৷ তাৰ পাছতে মই আছিলোঁ৷ কংগ্রেছ তথা বিধায়ক পদ ত্যাগ কৰা কুর্মীয়ে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰা আৰু কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনক চোকা ভাষাৰে সমালোচনা কৰে৷ তেওঁ কয় যে এজনেই মানুহ অনুশাসন কমিটীৰ সভাপতি, প্রদেশ কংগ্রেছৰ উপ–সভাপতি আৰু কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতিৰ পদত আছে৷ এজন মানুহে তিনি–চাৰিটা পদ এইদৰে দখল কৰিছে৷ তেৱেঁই বিৰোধী দলপতি বহাব পাৰে, প্রদেশ কংগ্রেছৰ সভাপতি পদ ৰখাব পাৰে৷ নির্বাচনী বিপর্যয়ৰ পাছত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই পদত্যাগ কৰিলে৷ তাৰ পাছত তেওঁ ম’বাইল ফোনৰ ছুইচ অফ কৰি ক’ৰবাত ফুৰিবলৈ গুচি যাব লাগিছিল৷ কিন্তু পদটো খামোচ মাৰি ধৰি থকাৰ কি কাৰণ আছে? আমি কি যোগ্য নহয় নেকি? আমাক এই দায়িত্বভাৰ দিব নালাগিছিল নেকি? অর্থাৎ ৰিপুণ বৰা–ৰকিবুল হুছেইনে কংগ্রেছ দলটোক একেবাৰে শেষ কৰি পেলালে৷ আৰু বহু মানুহ আছিল, মই এই মুহূর্তত তেওঁলোকৰ নাম ল’ব বিচৰা নাই৷ তেওঁলোকৰ কিঞ্চিৎ ভুল নীৰৱে থকাটো৷ তেওঁলোক নীৰৱে থকা বাবেই আজি দলৰ এই বিপর্যয়৷ যিমানদিন তেওঁলোকে নীৰৱে থাকিব কংগ্রেছ দলটোৰ আৰু ক্ষতি হৈ গৈ থাকিব৷ আজি মই শুনিবলৈ পাইছোঁ যে জিলা কংগ্রেছৰ বহু সভাপতি–সভানেত্রীয় পদত্যাগ কৰিব৷ কাইলৈ–পৰহি হয়তো আৰু বহুতে পদত্যাগ কৰিব৷ বিগত নির্বাচনত এআইইউডিএফৰে মিত্রতা কৰাৰ বাবেই কংগ্রেছত বিপর্যয় হোৱা বুলিও তেওঁ দোহাৰে৷ একে সময়তে শেহতীয়াকৈ নির্বাচন অনুষ্ঠিত হোৱা আন ৰাজ্যসমূহতো এআইচিচিৰ নেতৃত্বৰ চৰম ব্যর্থতাৰ বাবেই কংগ্রেছৰ পৰাজয় হোৱা বুলি উল্লেখ কৰে কুর্মীয়ে৷

এই প্রসংগত তেওঁ কয়– শেহতীয়াকৈ যি ৫খন ৰাজ্যত নির্বাচন অনুষ্ঠিত হৈ গ’ল, তাত এআইচিচিৰ নেতৃবৃন্দৰ চৰম ব্যর্থতাৰ কাৰণেই আমি পৰাজিত হ’লোঁ৷ কেৰালাৰ দৰে ৰাজ্যত চৰকাৰতো গঠন কৰিবই নোৱাৰিলোঁ, এজন বা দুজন বিধায়কো জয়ী কৰাই আনিব নোৱাৰিলোঁ৷ সেইদৰে পশ্চিমবংগ, পডুচেৰী আৰু তামিলনাডুত কংগ্রেছৰ বিপর্যয়ৰ কথাও তেওঁ উল্লেখ কৰে৷ কুর্মীৰ মতে, এআইচিচিৰ নেতৃবৃন্দৰ ক’ৰবাত নহয় ক’ৰবাত ব্যর্থতাৰ বাবে বা তৃণমূল পর্যায়ৰ কর্মীৰ কণ্ঠ শুনিবলৈ ইচ্ছা নকৰাৰ কাৰণেই কংগ্রেছৰ সাংগঠনিক দিশ দুর্বল হৈ পৰিছে৷ প্রাক্তন কংগ্রেছ সভাপতি ৰাহুল গান্ধীকো তেওঁ তীক্ষ্ণ কটাক্ষ কৰে৷ কেন্দ্রীয় নেতৃত্বৰ পৰিৱর্তে ৰাজস্থানত অশোক গেহলট–শচীন পাইলট, চত্তিছগড়ত ভূপেশ ৱাঘেল আৰু পঞ্জাবত কেপ্ঢেইন অমৰেন্দ্র সিঙৰহে অৱদান পৰিলক্ষিত হৈছিল বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়– আমি যদিও বিধায়ক তথাপি তৃণমূল কর্মী৷ উজনি অসমৰ পৰা আমি এটা কণ্ঠ আগবঢ়াইছিলোঁ৷ যদি এআইইউডিএফৰ লগত মিত্রতা কৰা হয়, তেন্তে উজনি অসমৰ ৰাইজে আমাক উৎখাত কৰিব৷ কিন্তু আমাৰ কেন্দ্রীয় নেতৃত্বই হওক বা ৰাজ্যিক নেতৃত্বই হওক আমাৰ কথা চিন্তা নকৰিলে৷ ৰাইজৰ দল আৰু অজাপৰ সৈতে মিত্রতা কৰিলে আমি চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লোঁহেঁতেন৷ বন্ধুত্বমূলকভাৱে নির্বাচন খেলিও দেখা গ’ল যে সংখ্যালঘু লোকেও ক’ৰবাত ক’ৰবাত কংগ্রেছক ভোট দিছে৷ উদাহৰণস্বৰূপে– শ্বেৰমান আলী আহমেদ–জাকিৰ হুছেইন সিকদাৰৰ বিজয়৷ কংগ্রেছৰ কেন্দ্রীয় আৰু ৰাজ্যিক নেতৃবর্গই যুৱচামক আগবাঢ়িব দিব বিচৰা নাই, গুৰুত্বহীনহে কৰিছে৷ চাহ জনগোষ্ঠী বা সৰু সৰু জনগোষ্ঠীৰ নেতৃত্ব বহন কৰি থকাসকলৰ কণ্ঠ শুনাৰ ইচ্ছা প্রকাশ কৰা নাই৷ যাৰ কাৰণে আজি দলৰ এই গতি হৈছে৷ বিজেপিত যোগদানৰ সিদ্ধান্ত লোৱাৰ কাৰণো ব্যাখ্যা কৰে কুর্মীয়ে৷ এই সন্দর্ভত তেওঁৰ ভাষ্য আছিল এনেধৰণৰ– চতুর্থবাৰৰ বাবে মৰিয়নি সমষ্টবাসীয়ে জয়ী কৰোৱাৰ পাছত মই দেখা পাইছোঁ– ক’ৰবাত মই উন্নয়ন কৰিব নোৱাৰিম নেকি? যোৱা ৫ বছৰ বিৰোধীৰ বিধায়ক হিচাপে থাকিলোঁ যদিও মই কিঞ্চিৎ সা–সুবিধা আদায় কৰিবলৈ সক্ষম হৈছিলোঁ৷ পিছে মই বহু কাম কৰিবলৈ সক্ষম হোৱা নাছিলোঁ৷ যাৰ কাৰণত মৰিয়নি সমষ্টিৰ ৰাইজ বঞ্চিত হ’ব নেকি? মৰিয়নি সমষ্টিৰ উন্নয়ন স্তব্ধ হৈ যাব নেকি? সেয়ে মই সিদ্ধান্ত লৈছোঁ– অহা সোমবাৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সন্মুখত মই বিজেপিত যোগদান কৰিম৷

কংগ্রেছ ত্যাগী কুর্মীয়ে মুখ্যমন্ত্রী ড০ শর্মাক উচ্চ প্রশংসা কৰে৷ বিশেষকৈ চৰকাৰ গঠনৰ পাছতে মুখ্যমন্ত্রী ড০ শর্মাৰ নির্দেশত চলা ড্রাগ্ছবিৰোধী অভিযান, মঠ–মন্দিৰত চলা বেদখল উচ্ছেদ, গো–হত্যাৰ বিৰুদ্ধে অভিযান, মুখ্যমন্ত্রীৰ কার্যালয় দিনটোৰ ২৪ ঘণ্টাই খোলা ৰখা আদি পদক্ষেপক তেওঁ আদৰণি জনায়৷ আৰু কোনোবা কংগ্রেছ বিধায়কে দলত্যাগ কৰিব নেকি বুলি সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত দুজনমান বিধায়কে ঠেং দাঙি আছে৷ মই তিনিজন বুলি নকওঁ৷ দুজন বুলি কৈছোঁ৷ অৱশ্যে তেওঁ এই বিধায়ক দুজনৰ নাম প্রকাশৰ পৰা বিৰত থাকে৷ মন কৰিবলগীয়া যে বিধায়ক তথা দলৰ প্রাথমিক সদস্য পদ ত্যাগী কুর্মীক কংগ্রেছে এক নির্দেশনাযোগে আজি বহিষ্কাৰ কৰা বুলি ঘোষণা কৰিছে৷ এ আই চি চিৰ অনুমোদনক্রমে এই ঘোষণা কৰে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই৷ একে সময়তে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই কুর্মীৰ অভিযোগ নস্যাৎ কৰি কয় যে যিখিনি মর্যাদা তেওঁক দিব পাৰি আমি দিছোঁ৷ যেতিয়াই দলীয় স্বার্থতকৈ ব্যক্তিগত স্বার্থই অগ্রাধিকাৰ পাব, তেতিয়াই দন্দ্ববিলাক থাকে৷ তেওঁ বিজেপিলৈ যাব বিচৰাটো আমাৰ বাবে এটা দুর্বোধ্য সাঁথৰৰ নিচিনা হৈছে৷ কুর্মীয়ে উত্থাপন কৰা অভিযোগ সন্দর্ভত মন্তব্য কৰাৰ পৰা বিৰত থাকে কংগ্রেছ বিধায়িনী দলৰ উপ–দলপতি ৰকিবুল হুছেইনে৷ ইয়াৰ বিপৰীতে কুর্মীৰ কংগ্রেছ ত্যাগ আৰু বিজেপিত যোগদানৰ সিদ্ধান্ত সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই কয় যে বয়সত মোৰ ভাতৃৰ দৰে হ’লেও সংসদীয় ৰাজনীতিত তেওঁ মোতকৈ জ্যেষ্ঠ৷ তেওঁৰ পদত্যাগত মই দুঃখিত৷

RELATED ARTICLES