peepl-small

মহিলা সৱলীকৰণৰ ৰাষ্ট্রীয় পৰ্যায়ৰ মঞ্চ ‘ওমেনিয়াছ’ মুকলি ৰিণিকি ভূঞা শৰ্মাৰ

PUBLISHED:

গুৱাহাটী: জু-ৰোডস্থিত টি ছিৰিজ একাডেমীত ‘ওমেনিয়াছ’ নামৰ এক ৰাষ্ট্রীয় পৰ্যায়ৰ মহিলা মঞ্চৰ আত্মপ্ৰকাশ ঘটে কালি। ব্যৱসায়, উচ্চ শিক্ষা আদিৰ ক্ষেত্ৰত মহিলাসকলক উদগনি যোগাব এই মঞ্চই।

অনুষ্ঠানটোত প্ৰায় ২০০ৰো অধিক মহিলাৰ উপস্থিতিত ‘ওমেনিয়াছ’ মুকলি কৰে প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শৰ্মাই।

দিব্যা ছিয়োটিয়া, নুপূৰ আগৰৱালা আৰু নীতা শৰ্মাৰ উদ্যোগত স্থাপিত ‘ওমেনিয়াছ’ সম্পৰ্কে ৰিণিকি ভূঞা শৰ্মাই কয়- ‘এয়া অতি সুন্দৰ পদক্ষেপ। ইতিমধ্যে এওঁলোকৰ প্ৰায় ১০,০০০ সদস্য আছে। গৃহিণীৰ পৰা প্ৰতিষ্ঠিত মহিলালৈ জড়িত থকা সংগঠনটোৰ সকলো সদস্যই পাৰস্পৰিক সহযোগ আগবঢ়াই আহিছে। ‘আদ্যা’ৰ জৰিয়তে আমিও ইয়াত অংশ লৈছো।’

উল্লেখ্য যে বিভিন্ন সামাজিক কাম-কাজত জড়িত হ’ব ওমেনিয়াছ, বিশেষকৈ মহিলা সবলীকৰণৰ বাবে কাম কৰি যাব ওমেনিয়াছে। ওমেনিয়াছৰ এগৰাকী উদ্যোক্তাই কয় যে ফেচবুক পেজ Mommies of Guwahati 777ৰ জৰিয়তে মহিলা সবলীকৰণৰ প্লেটফৰ্ম ওমেনিয়াছ মুকলি কৰা হৈছে। ইয়াৰ জৰিয়তে সকলো প্ৰতিভাৱান মহিলাৰে বিকাশ সুনিশ্চিত কৰাৰ দিশত গুৰুত্ব আৰোপ কৰা হ’ব।

RELATED ARTICLES