peepl-small

বিজেপিৰ প্রাক্তন ৰাজ্যিক সভাপতিৰ ত্যাগ–কষ্টৰ ফল পাইছোঁ

PUBLISHED:

গুৱাহাটীঃ ভাৰতীয় জনতা পার্টীৰ অসম ৰাজ্যিক সমিতিৰ প্রাক্তন সভাপতিসকলৰ অশেষ ত্যাগ আৰু কষ্টৰ বিনিময়ত আজি আমি এই ফল লাভ কৰিবলৈ সক্ষম হৈছোঁ৷ চৰকাৰ থাকিলে দলৰ সংগঠন কৰাৰ সুবিধা বেছি৷ চৰকাৰ নাথাকিলে সংগঠন কৰাত কি যন্ত্রণা পোৱা যায় সেয়া ভুক্তভোগীসকলেহে জানে৷ –এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি, জনস্বাস্থ্য কাৰিকৰী আৰু খাদ্য তথা অসামৰিক যোগান বিভাগৰ মন্ত্রী ৰঞ্জিত দাসৰ৷ আজি পুৱা মন্ত্রী দাসে বিজেপিৰ প্রাক্তন সভাপতি তথা প্রাক্তন কেন্দ্রীয় ৰে’ল ৰাজ্য মন্ত্রী ৰাজেন গোহাঁয়ে তেওঁৰ নগাঁৱৰবাসভৱনত্ মত বিনিময় কৰে৷

ইয়াৰ পাছত সংবাদ মাধ্যমৰ আগত মন্ত্রীগৰাকীয়ে কয়– যোৱাবাৰ আমি চৰকাৰত আছিলোঁ, এইবাৰো আমি চৰকাৰ গঠন কৰিছোঁ৷ এয়া সম্ভৱ হৈছে প্রাক্তন সভাপতিসকলে অশেষ ত্যাগ স্বীকাৰ কৰি দলটোক আগুৱাই নিয়াৰ বাবে৷ আজি মই প্রাক্তন সভাপতি ৰাজেন গোহঁাইৰ লগত প্রায় এঘণ্টা ধৰি মনৰ কথাৰ লগতে বিভিন্ন ধৰণৰ কথা–বতৰা আৰু দলটোক কেনেকৈ অধিক শক্তিশালী কৰিব পাৰি সেই সম্পর্কে আলোচনা কৰিছোঁ৷ তেওঁৰ পৰা মই আশীর্বাদ গ্রহণ কৰিছোঁ৷ অনাগত দিনত অসমখনক কেনেকৈ আগুৱাই নিব পাৰি, কৃষিৰ ক্ষেত্রতে হওক বা নিয়োগৰ ক্ষেত্রতে হওক আদিৰ বিভিন্ন দিশত ৰাজেন গোহাঁই পৰামর্শ আগবঢ়াইছে৷ ইতিপূর্বে মই প্রাক্তন সভাপতি সর্বানন্দ সোণোৱাল, ৰমেন ডেকা, নাৰায়ণ বৰকটকী, সিদ্ধার্থ ভট্টাচার্যৰ লগত মত বিনিময় কৰাৰ লগতে ইন্দ্রমণি বৰাৰ পৰিয়ালৰ লগত কথা পাতিছেছা৷

তেওঁ লগতে কয়– এটা সময়ত আমি দেখিছিলোঁ ৰাজেন গোহাঁই, ৰমেন ডেকা, নাৰায়ণ বৰকটকী আদিয়ে ফাঁচীবজাৰ, পল্টন বজাৰৰ দোকানে দোকানে ৫০–১০০ টকাকৈ দলৰ বাবে ধন সংগ্রহ কৰিছিল৷ একোখন পুৰণা গাড়ী লৈ অসম ঘূৰিছিল৷ সেইবোৰ আমি জানো৷ এতিয়া আমি চৰকাৰ গঠন কৰিছোঁ৷ মই ৰাজ্যিক সভাপতি হিচাপে তেওঁলোকৰ ত্যাগক স্বীকৃতি দিয়াৰ লগে লগে তেওঁলোকৰ পৰা দুটা নতুন কথা শিকিব পাৰিছেছা৷ আজি মই সভাপতি হৈ আছোঁ৷ কাইলৈ নাথাকিম৷ ভাৰতীয় জনতা পার্টী এটা দল নহয়, এটা মিছন বুলি অভিহিত কৰি ৰঞ্জিত দাসে কয়– দলটোক আগুৱাই নিয়াৰ ক্ষেত্রত আমাক প্রবীণ কার্যকর্তাৰ উপদেশ–পৰামর্শ লাগিব৷ নিশ্চিতভাৱে নবীন কার্যকর্তাৰ সহযোগ লাগিব৷ মই সদায়েই কৈ থাকোঁ, প্রবীণক শ্রদ্ধা কৰা আৰু নবীনক মৰম কৰা৷ এই দুটা নীতিৰে বিজেপিক আগুৱাই নিয়াৰ বাবে সংকল্প লৈছেছা৷ সেই কাৰণে আজি মই প্রাক্তন সভাপতি ৰাজেন গোহঁাইৰ আশীর্বাদ আৰু দিহা–পৰামর্শ ল’লোঁ৷ তেওঁ আমাক যথেষ্ট উৎসাহ জনোৱাৰ লগতে পৰামর্শ আৰু মাগদর্শন দিছে৷

ৰাজেন গোহাইৰ লগত ৰঞ্জিত দাসৰ হোৱা আলোচনাই পৰৱর্তী ৰাজ্যিক সভাপতি হিচাপে ৰাজেন গোহাঁইক নিযুক্তি দিয়াৰ ইংগিত বহন কৰিছে নেকি বুলি সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত ৰঞ্জিত দাসে কয়– এইক্ষেত্রত ৰাষ্ট্রীয় নেতৃত্বই থিৰাং কৰিব৷ ৰাষ্ট্রীয় কার্যকর্তাই ৰাজ্যিক সভাপতি নিয়োগৰ ক্ষেত্রত সিদ্ধান্ত ল’ব৷ ৰাজেন গোহাঁই সভাপতি হ’বনে নহয় মই নকওঁ৷ যোৱা চৰকাৰৰ দিনত প্রথম অৱস্থাত মই বিধানসভাৰ অধ্যক্ষ আছিলোঁ৷ সাত মাহ পাৰ হোৱাৰ পাছত দলৰ ৰাষ্ট্রীয় নেতৃত্বই মোক বিজেপিৰ ৰাজ্যিক সভাপতি হিচাপে নিযুক্তি দিয়ে আৰু মই নিষ্ঠাৰে আজি চাৰিবছৰে এই দায়িত্ব পালন কৰি আহিছেছা৷ সাংবাদিকে সোধা আন এক প্রশ্ণৰ উত্তৰত দাসে কয়– প্রবীণ কার্যকর্তাৰ লগতে নবীনকো আঁকোৱালি ল’ব লাগিব৷ নবীনক আঁকোৱালি লৈছোঁ বাবেই আমাৰ ৪২ লাখ সদস্য আছে৷ যাৰ বাবে আমি এইবাৰ ৮৪ লাখ ৫০ হাজাৰতকৈ অধিক ভোট লাভ কৰিছোঁ৷ ভাৰতীয় জনতা পার্টীয়ে অকল চৰকাৰ গঠনৰ বাবে অহা নাই, ৰাষ্ট্র নির্মাণ, জাতি নির্মাণ, অসম নির্মাণৰ বাবে আহিছে৷ এতিয়া মই চৰকাৰত আছোঁ, চৰকাৰত থাকিলে দলৰ কাম–কাজ কৰাত কিছু অসুবিধা হয়৷ দলৰ বিধি অনুযায়ী মোৰ কার্যকাল শেষ হ’বলৈ ছয় মাহ আছে৷ পৰৱর্তী সময়ত বিষয়টোৰ ওপৰত ৰাষ্ট্রীয় নেতৃত্বই ব্যৱস্থা গ্রহণ কৰিব৷ মূল্যবৃদ্ধি সম্পর্কত সাংবাদিকে সোধা এক প্রশ্ণৰ উত্তৰত মন্ত্রীগৰাকীয়ে কয়– সমগ্র দেশৰ লগতে অসমতো মূল্যবৃদ্ধি হৈছে৷

RELATED ARTICLES