peepl-small

আজিৰ পৰা ‘ৰং’ত নতুন ধাৰাবাহিক ‘শকুন্তলা’

PUBLISHED:

গুৱাহাটী: প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্টছ প্রাইভেট লিমিটেডৰ অন্যতম মনোৰঞ্জনধর্মী চেনেল ‘ৰং’৷ জন্মলগ্ণৰে পৰা ‘ৰং’ চেনেল হৈ আহিছে দর্শকৰ প্রথম পছন্দৰ চেনেল৷ প্রকৃতার্থত দর্শকৰ মৰম, আশীর্বাদ আৰু সঁহাৰিয়েই ‘ৰং’ চেনেলৰ জনপ্রিয়তাৰ মূল সঞ্জীৱনী৷ কাইলৈৰ পৰা ‘ৰং’ত সম্প্রচাৰ হ’ব এখন নতুন ধাৰাবাহিক শকুন্তলা৷

অসমীয়া নৱবর্ষত দর্শকলৈ ‘ৰং’ৰ তৰফৰ এক অনন্য উপহাৰ এই নতুন ধাৰাবাহিকখন৷ এগৰাকী সহজ–সৰল ছোৱালী৷ নাম শকুন্তলা৷ গাঁৱৰ নিভাঁজ পৰিৱেশত দুই বান্ধৱী শেৱালি আৰু নির্মালিৰ সৈতে সময়বোৰ পাৰ কৰা শকুন্তলা অত্যন্ত মেধাৱী ছাত্রী৷ মাক–দেডতাকৰ নয়নৰ মণি, কোনো কোনো সময়ত ককায়েকৰ ঈর্ষাৰ কাৰণ হৈ পৰা শকুন্তলা গাঁৱৰ সকলোৰে বৰ মৰমৰ৷ পঢ়া–শুনা কৰি নিজকে প্রতিষ্ঠা কৰাৰ এক সপোনে অহৰহ খেদি ফুৰা শকুন্তলাৰ জীৱন আৰু সপোনে কি ৰূপ ল’ব? কেনেদৰে বাস্তৱ জীৱনৰ কঠোৰ সংগ্রামৰ মুখামুখি হ’ব শকুন্তলা? কোনোবা আহিব নেকি দুহাত প্রসাৰিত কৰি তাইৰ সপোনবোৰ সার্থক কৰাত সহায় কৰিবলৈ?

এনে বহুবোৰ ঘটনাক্রমেৰেই আগবাঢ়িব ‘শকুন্তলা’ৰ কাহিনী৷ জনপ্রিয় নাট্যকাৰ জ্ঞান বৰুৱাৰ কাহিনীৰে চিত্রনাট্য আৰু সংলাপ লিখিছে নৱপ্রজন্মৰ শিল্পীকা মধুকল্যই৷ নৱপ্রজন্মৰ মাজৰ প্রতিভাক সুযোগ প্রদান কৰাৰ এক মানসেৰে ৰং চেনেলৰ ব্যতিক্রমী প্রয়াস হিচাপে ধাৰাবাহিকখনৰ প্রায়বোৰ অভিনেতা–ভিনেত্রীয়েই নতুন যদিও কেইবাগৰাকীও বিশিষ্ট অভিনেতা, অভিনেত্রীয়ে ধাৰাবাহিকখনত অভিনয় কৰিছে৷ শকুন্তলাৰ মুখ্য ভূমিকাত নৱাগত অভিনেত্রী সুকন্যা বৰুৱাই অভিনয় কৰাৰ বিপৰীতে মুখ্য দুটা চৰিত্রত দেখা যাব ‘বৈদেহী’ৰ জৰিয়তে দর্শকৰ মাজত বিশেষ জনপ্রিয়তা লাভ কৰা দীপাংকৰ ৰয় আৰু হিমাংশু গগৈক৷

বিজিয়েতা পাটগিৰিৰ কথাৰে শীর্ষগীতটি সংগীত আৰু কণ্ঠৰে সজাইছে জনপ্রিয় গায়ক দীক্ষু শর্মাই৷ গুৱাহাটী আৰু দাঁতিকাষৰীয়া সোণাপুৰ, চন্দ্রপুৰ আদিৰ মনোৰম লোকেচনত শ্বুটিং কৰা হৈছে৷ দৃশ্যগ্রহণ প্রণৱ বৰাৰ৷ ধাৰাবাহিকখনৰ অন্য বিশিষ্ট অভিনেতা–ভিনেত্রীসক হ’ল– অমিতাভ ৰাজখোৱা, পাপৰি শইকীয়া, কল্যাণজ্যোতি কোঁৱৰ, বর্ষা ভট্টাচার্য, সাত্ব্ন্না বৰা ঠাকুৰীয়া, নর্মদা দাস, ফুনুপ্রভা সেনাপতি দাস, লিতি বৰা, অপূর্ব গোস্বামী, জয়ন্তজিৎ দাস, নীলোৎপল নাথ, মানসপ্রতিম মুদৈ, ৰূপচন্দা শর্মা, মমী বৰা, শ্যামলীমা দাস, বন্দিতা ডেকা, ৰিমলী দাস, চন্দন দাস, মণিৰাজ বৰঠাকুৰ, দেৱজিৎ ডেকা, ভৈৰৱজ্যোতি ভূঞা, গুঞ্জন দাস, বিকাশ বৰা, ডেভিদ কাশ্য, জ্যোতিষ্মান শর্মা, মাধৱ কেওট, সন্ধানী শর্মা, জ্যোতিশ্রী বৈশ্য, চিৰঞ্জীয় কাশ্যপ, গৌৰাংগ হাজৰিকা, দিগাংগনা বৰা, অর্ণৱ পৰাশৰ, জিণ্টু বৰুৱা, সঞ্জীৱ সূত্রধৰ, অমৰেন্দ্র ডেকা, অংকিত ডেকা, অভিনন্দন, শর্মিষ্ঠা আদি৷

আনহাতে ‘শকুন্তলা’ত ভুমুকি মাৰিব কেইবাগৰাকীও শিশু শিল্পীয়ে৷ তাৰ ভিতৰত ‘দামিনী’ ধাৰাবাহিকৰ বিভু চৰিত্রৰ জৰিয়তে দর্শকৰ মৰম বোটলা অর্ণৱ আকাশ মহন্তই এটা বিশেষ চৰিত্রত ৰূপদান কৰিব৷ আনহাতে অম্লানজ্যোতি কৌশিক, আৰনিচ দাস, নিধিজীতা শর্মা আৰু নীল দাসক কেইবাটাও গুৰুত্বপূর্ণ চৰিত্রত দেখা যাব৷ নৈবেদ্য হাজৰিকাই আৱহ সংগীতেৰে নতুন মাত্রা প্রদান কৰা ধাৰাবাহিকখনৰ পুনঃশব্দগ্রহণৰ দায়িত্বত আছে ধ্রুৱজ্যোতি কলিতা, ধীৰাজ বৰা আৰু পংকজ বৰা৷ ডল্লেখ্য যে নীলোৎপল নাথ আৰু দেৱজিৎ মাজুলীয়ে সহকাৰী পৰিচালনাৰ দায়িত্ব বহন কৰা ধাৰাবাহিকখনত সুন্দৰভাৱে গ্রাফিক্সৰ কাম কৰিছে ৰাকেশ বর্মন আৰু দীপাংকৰ চহৰীয়াই৷ দৃশ্যসজ্জাৰ দায়িত্বত আছে বিকাশ শর্মা, প্রযোজনা নিয়ন্ত্রণত সহযোগ কৰিছে হিৰণ্য গোস্বামী, বিত্ত বিভাগৰ দায়িত্বত আছে নিভাৰাণী দাস আৰু ধাৰাবাহিকখনৰ সমগ্র ব্যৱস্থাপনাৰ দায়িত্বত আছে কৃষা বৰুৱা৷ মুনীন্দ্র কলিতা আৰু কৌশিকে কেমেৰা সহকাৰী হিচাপে কাম কৰা ধাৰাবাহিকখনৰ পোহৰ বিভাগত আছে ৰত্ন বৰা, ধর্মেন্দ্র নাথ, মণ্টু, তপন, ৰাতুল, ৰামপ্রসাদ ৰায় আদি৷

নিতৌ নতুন পৰিকল্পনাৰে দর্শকক মনোৰঞ্জন প্রদানৰ প্রয়াস অব্যাহত ৰখা ৰং চেনেলৰ অভিনৱ আয়োজন ‘শকুন্তলা’ ধাৰাবাহিকখনৰ পৰিচালনা ‘ডমাল বুকুৰ হেজাৰ কাহিনী’, ‘পিতাপুত্র’, ‘ব’হাগতে পাতি যাম বিয়া’, ‘উপাসনা’ আদি অনুষ্ঠানৰ সফলভাৱে পৰিচালনা কৰা সুনয়না ফুকন মহন্তৰ৷ পৰিচালকে নতুন মুখৰ পয়োভৰ ঘটাই সম্পৰীক্ষামূলকভাৱে প্রতিটো দৃশ্য সুন্দৰকৈ উপস্থাপন কৰিবলৈ যত্ন কৰা ধাৰাবাহিকখনৰ সম্পাদনা ৰাষ্ট্রীয় বঁটা বিজয়ী পৰিচালক ৰমেন বৰাৰ৷ কাইলৈৰ পৰা সম্প্রচাৰ হ’ব ধাৰাবাহিকখন৷ সোমবাৰৰ পৰা শনিবাৰলৈ নিশা ৮ বজাত আৰু ১০ বজাত সম্প্রচাৰ হ’ব লগা ‘শকুন্তলা’ ধাৰাবাহিকখনক দর্শকে মৰম–সঁহাৰিৰে আঁকোৱালি ল’ব বুলি আশা কৰা হৈছে৷

RELATED ARTICLES