peepl-small

APSCৰ দুর্নীতিৰ সদাগৰলৈ সাময়িক সকাহঃ জামিন লাভ কৰিলেও জে’লতে থাকিব লাগিব ৰাকেশ পাল

PUBLISHED:

গুৱাহাটীঃ দুর্নীতি–নিয়মেৰে অসম লোকসেৱা আয়োগ (এপিএছচি)ক কলংকিত কৰা আয়োগৰ প্রাক্তন অধ্যক্ষ ৰাকেশ পালে আদালতত লাভ কৰিছে সাময়িক সকাহ৷ তেওঁৰ বিৰুদ্ধে চিআইডিত ৰুজু হৈ থকা গোচৰত বৃহস্পতিবাৰে জামিন মঞ্জুৰ কৰিছে বিশেষ ন্যায়াধীশৰ আদালতে৷

অৱশ্যে জামিন মঞ্জুৰ হ’লেও জে’লতে থাকিব লাগিব দুর্নীতিৰ সদাগৰ ৰাকেশ পাল৷ এতিয়াও ভঙাগড় আৰক্ষী থানাৰ গোচৰত জামিন লাভ কৰা নাই এপিএছচিৰ ধনৰ বিনিময়ত নিযুক্তি কেলেংকাৰিৰ মূল অভিযুক্তজন৷ সেয়েহে তেওঁ কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰিব মুকলি আকাশৰ তললৈ৷

ইপিনে, জামিন মঞ্জুৰ কৰিলেও আদালতে কেইবাটাও কঠোৰ চর্ত বান্ধি দিছে ৰাকেশ পালক৷ সেই অনুসৰি গোচৰটোৰ বিচাৰ প্রক্রিয়াৰ সময়ত নিয়মীয়াভাৱে আদালতত হাজিৰ হ’ব লাগিব পাল৷ তদুপৰি বিশেষ আদালতৰ অনুমতি অবিহনে তেওঁ কামৰূপ মহানগৰ জিলাৰ বাহিৰলৈ যাব নোৱাৰিব৷ একেদৰে ৰাকেশ পালে আদালতত জমা দিব লাগিব তেওঁৰ পাছপ’ৰ্ট৷

উল্লেখ্য যে ধনৰ বিনিময়ত চাকৰি কেলেংকাৰিত ডিব্রুগড় আৰক্ষীয়ে ৰাকেশ পালক গ্রেপ্তাৰ কৰাৰ পিছত কেতবোৰ বিস্ফোৰক তথ্য পোহৰলৈ আহিছিল৷ মন পছন্দৰ প্রার্থীক চাকৰিত নিযুক্তি দিবলৈ তেওঁ গ্রহণ কৰা বক্রপথে সকলোৰে চকু কপালত তুলিছিল৷ ডিব্রুগড় আৰক্ষীৰ সমান্তৰালকৈ বিভিন্ন অভিযোগত চিআইডিসহ কেইবাখনো আৰক্ষী থানাত পালৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে৷ চিআইডিৰ গোচৰত পালৰ বিৰুদ্ধে ধাৰা আৰোপ কৰা হৈছে৷ সম্প্রতি গোচৰটোৰ বিচাৰ প্রক্রিয়া বিশেষ আদালতত অব্যাহত আছে৷

RELATED ARTICLES