peepl-small

সম্পূর্ণ লকডাউনৰ সমর্থনত ৰাহুল গান্ধী

PUBLISHED:

গুৱাহাটী: দেশজুৰি ক’ভিড–১৯ৰ সংক্রমণৰ সম্প্রসাৰণ বন্ধ কৰাৰ একমাত্র পথ সম্পূর্ণ লকডাউন৷ আজি কংগ্রেছৰ প্রাক্তন সভাপতি তথা সাংসদ ৰাহুল গান্ধীয়ে কেন্দ্রীয় চৰকাৰৰ ক’ভিড নীতিক কঠোৰ ভাষাৰে সমালোচনা কৰি আশ্চর্যজনকভাৱে দেশজোৰা সম্পূর্ণ লকডাউনৰ পক্ষত থিয় দিলে৷

বিগত বর্ষত প্রাদুর্ভাৱ ঘটা তথা ক’ভিড–১৯ৰ প্রথম জোৱাৰত কেন্দ্রীয় চৰকাৰে বলৱৎ কৰা সম্পূর্ণ লকডাউনক কঠোৰ ভাষাৰে সমালোচনা কৰি অহা কংগ্রেছৰ শীর্ষ নেতাগৰাকীয়ে ক’ৰোনা ভাইৰাছৰ সম্প্রসাৰণ বন্ধ কৰাৰ একমাত্র পথ সম্পূর্ণ লকডাউন বুলি মন্তব্য কৰিছে৷ ক’ভিড–১৯ সৃষ্ট পৰিস্থিতিৰ ব্যৱস্থাপনাত কেন্দ্রীয় চৰকাৰ সম্পূর্ণকৈ ব্যর্থ হোৱা বুলি গৰিহণা দি কংগ্রেছৰ শীর্ষ নেতাগৰাকীয়ে দেশজুৰি জনতাৰ মৃত্যু ঘটি আছে অথচ মোদী চৰকাৰৰ এইক্ষেত্রত কোনো অনুশোচনা নাই বুলি অভিযোগ কৰে৷ মোদী চৰকাৰৰ নিষ্ক্রিয়তাৰ বাবেই প্রতিদিনে ক’ভিড–১৯ত আক্রান্ত হৈ নিৰীহ লোকৰ প্রাণহানি হৈছে বুলিও কংগ্রেছৰ শীর্ষ নেতাগৰাকীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

RELATED ARTICLES