peepl-small

কুইপ’ৰ অপহৃত বিষয়া ৰাম কুমাৰক মুকলি কৰি দিলে আলফা(স্বা)য়ে..

PUBLISHED:

গুৱাহাটী: কুইপৰ আনজন অপহৃত বিষয়া ৰাম কুমাৰক ম্যানমাৰ সীমান্তৰ অজ্ঞাত স্থানত মুকলি কৰি দিলে আলফাই। মুক্তি কৰাৰ পিছতে ম্যানমাৰ সীমান্তত নিউজ লাইভৰ ছীফ ৰিপৰ্টাৰ অনমিত্ৰ গগৈ আৰু জ্যেষ্ঠ সাংবাদিক সুনীল বৰা আৰু জ্যেষ্ঠ ভিডিঅ সাংবাদিক নৱ কৃষ্ণ পেগুৱে লগ পায় ৰাম কুমাৰক।

সাংবাদিকৰ দলটোৱে ৰাম কুমাৰৰ সৈতে বাৰ্তালাপ কৰে। বৰ্তমান অসম ৰাইফলছৰ জিম্মাত আছে ৰাম কুমাৰ আৰু আনুষ্ঠানিকতাৰ পাছত অসমলৈ প্ৰেৰণ কৰা হ’ব।

উল্লেখ্য যে যোৱা ২১ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দায়ুনৰ পৰা আলফা(স্বা) আৰু এনএছচিএনৰ সদস্যই প্ৰতিষ্ঠানটোৰ দুই বিষয়া অসমৰ শিৱসাগৰৰ প্ৰণৱ কুমাৰ গগৈ আৰু বিহাৰৰ ৰাম কুমাৰক অপহৰণ কৰি মুক্তিপণ হিচাপে কেবাকোটি টকাও ধন দাবী কৰা বুলি বাতৰি প্ৰকাশ পাইছিল।

ইপিনে সংবাদমাধ্যমক প্ৰনৱ কুমাৰ গগৈয়ে কয় যে যোৱা ৪ মাৰ্চত ৰাম কুমাৰক তেখেতৰ পৰা আলাফা(স্বাঃ)নে পৃথক কৰি দিছিল।

RELATED ARTICLES