peepl-small

তিনিদিনত ভোটগ্রহণ কেন্দ্রৰ অসুবিধা দূৰীকৰণৰ নির্দেশ জিলা উপায়ুক্তৰ

PUBLISHED:

গুৱাহাটীঃ কামৰূপ মহানগৰ জিলাৰ অন্তর্গত চাৰি সমষ্টিৰ ভোটগ্রহণৰ বাবে নির্ধাৰণ কৰা একাংশ ভোটগ্রহণ কেন্দ্রত পৰিলক্ষিত হোৱা অসুবিধাসমূহ তাৎক্ষণিক দূৰীকৰণৰ ব্যৱস্থা গ্রহণ কৰিবলৈ সংশ্লিষ্ট বিভাগসমূহলৈ নির্দেশ দিছে কামৰূপ মহানগৰ জিলা নির্বাচন কর্তৃপক্ষই৷ কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কার্যালয়ৰ সভাকক্ষত মঙলবাৰে শিক্ষা বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত এক সভাত অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাসে যিবোৰ ভোটগ্রহণ কেন্দ্রত এইপর্যন্ত ৰেম্প, যাৱতীয় আচবাব, পানী যোগান, অনাময় আদিৰ সু–ব্যৱস্থা কৰা নাই, সেই কেন্দ্রসমূহত অহা তিনিদিনৰ ভিতৰত অসুবিধাসমূহ দূৰ কৰাটো নিশ্চিত কৰিবলৈ নির্দেশ দিয়ে৷

তেওঁ লগতে মহিলা ভোটাৰসকলৰ বাবে ভোটগ্রহণ কেন্দ্রসমূহত অনাময়ৰ সু–ব্যৱস্থা কৰিবলৈ নির্দেশ দিয়ে৷ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে যিবোৰ বিদ্যালয়গৃহ অথবা প্রতিষ্ঠানত একাধিক ভোটগ্রহণ কেন্দ্রৰ ব্যৱস্থা কৰা হৈছে তাত যাৱতীয় পৃথকীকৰণৰ ব্যৱস্থা যথোচিতভাৱে কৰা হ’ব৷ সহকাৰী উপায়ুক্ত কংকনজ্যোতি শইকীয়াৰ উপৰি শিক্ষা বিষয়া আৰু খণ্ড উন্নয়ন বিষয়াসকলে সভাত অংশগ্রহণ কৰে৷

RELATED ARTICLES