peepl-small

প্ৰতাপগড় চাহ বাগিচাৰ শ্ৰমিক অমিত তাছাৰ বাসগৃহত চাহ খাই কি কথা পাতিলে প্ৰিয়ংকা গান্ধীয়ে?

PUBLISHED:

গুৱাহাটীঃ আজি কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱদ্ৰাৰ অসম ভ্ৰমণৰ দ্বিতীয় দিন। দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে এইকেইদিন  নিৰ্বাচনী প্ৰচাৰ চলাই আছে, যাৰ বাবে তেওঁ বাৰ্তালাপ কৰিছে বহুকেইখন জিলাৰ জনসাধাৰণৰ লগত।

বিশ্বনাথৰ সেউজীয়া চাহ বাগিচাৰ মোহত পৰিছে কংগ্রেছ নেত্রী প্রিয়ংকা গান্ধী৷ ভোটভিক্ষাৰ  অজুহাতত চাহ শ্রমিকৰ দুখ–দুর্দশাৰ খবৰ লোৱাৰ অভিনৱ নির্বাচনী কৌশলৰ অংশ ৰূপেই আজি পুৱাই বিশ্বনাথৰ প্ৰতাপগড় চাহ বাগিচাত উপস্থিত হয় প্ৰিয়ংকা গান্ধী। এঘণ্টাৰো অধিক সময় চাহ বাগিচাত চাহ শ্ৰমিকৰ সৈতে কটায় প্ৰিয়ংকাই। এই সময়ছোৱাত শ্ৰমিকৰ সৈতে কেঁচা পাত তোলা দেখা গ’ল নেত্ৰীগৰাকীক।

ইয়াৰ পাছতে প্ৰিয়ংকা উপস্থিত হয়গৈ প্রতাপগড় চাহ বাগিচাৰ অমিত তাছাৰ বাসগৃহত৷ বাগিচাখনৰ শ্ৰমিক অমিত তাছাৰ বাসগৃহত উপস্থিত হৈ মত বিনিময় কৰি ফিকা চাহৰ সোৱাদ লয় প্ৰিয়ংকাই।

এই সময়ছোৱাত কংগ্ৰেছ নেত্ৰীগৰাকীক শ্ৰমিক অমিত তাছাই চাহ বাগিচাখনত শ্ৰমিকসকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ বিষয়ে অৱগত কৰে। গেছ চিলিণ্ডাৰৰ লগতে নৈত ব্যৱহাৰ্য সামগ্ৰীৰ দৈনিক ঘটা মূল্যবৃদ্ধিৰ ফলত সাধাৰণ শ্ৰমিকসকলৰ যন্ত্ৰণাৰ কথাও প্ৰিয়ংকা গান্ধীক বিৱৰি কয়।

আনহাতে শ্ৰমিকসকলে দিয়া ওজৰ-আপত্তি শুনি প্ৰিয়ংকাই কয়, “বিজেপি চৰকাৰে যিসমূহ প্ৰতিশ্ৰুতি দিছিল, সকলোতে তাৰ ওলোটা ছবি দেখা গৈছে। আপোনালোকে যোৱা ৫ বছৰে দেখি আহিছে যে সকলো সামগ্ৰীৰে কেনেদৰে মূল্যবৃদ্ধি ঘটিছে। গতিকে আপোনালোকৰ মূল অধিকাৰ হৈছে ভোট। এইবাৰ যিসকল প্ৰতিনিধিয়ে আপোনালোকৰ সমস্যা দূৰ কৰিব বুলি আপোনালোকে বিশ্বাসত ল’ব, সেইজন প্ৰতিনিধিকে নিজৰ ভোট প্ৰদান কৰিব।”

উল্লেখ্য যে সোমবাৰে প্রিয়ংকা গান্ধীয়ে পুৱাৰ ভাগত গুৱাহাটীত উপস্থিত হৈ পোনে পোনে তেওঁ শক্তিপীঠ কামাখ্যালৈ যায়৷  কামাখ্যাৰ আশিস লৈ তেওঁ বিমানযোগে লখিমপুৰলৈ উৰা মাৰে৷ শক্তিপীঠত মা কামাখ্যাৰ আশিস লৈ   সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে বহু বছৰ ধৰি তেওঁ শক্তিপীঠ কামাখ্যালৈ আহিব বিচাৰি আছিল৷ আজি তেওঁ আহিছে৷ মাৰ ওচৰত তেওঁ নিজৰ বাবে, পৰিয়ালৰ বাবে প্রার্থনা কৰাৰ লগতে অসমৰ জনসাধাৰণ যাতে সুখত থাকে, তাৰ বাবে প্রার্থনা জনাইছে৷

RELATED ARTICLES