peepl-small

এটা পষেকত পেট্র’লত ৩.২৪ ডিজেলত ৩.৮৮ টকা বৃদ্ধি

PUBLISHED:

গুৱাহাটীঃ সর্বকালৰ শিখৰত ইন্ধনৰ মূল্য৷ বিগত ১৪ দিন ধৰি পইচা পইচাকৈ প্রতি লিটাৰ পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈ থকাৰ ফলতেই দেশৰ প্রান্তে প্রান্তে ইন্ধন দুবিধৰ মূল্যই সর্বকালৰ অভিলেখ ভংগ কৰিছে৷ আজি প্রতিলিটাৰ পেট্র’লৰ মূল্য ২৪ পইচাকৈ বৃদ্ধি কৰাৰ বিপৰীতে ডিজেলৰ মূল্য ২৯ পইচাকৈ বৃদ্ধি কৰাৰ লগে লগে ইন্ধন দুবিধৰ মূল্যই সর্বকালৰ শিখৰত স্থান পালে৷ ভাৰতীয় তেল নিগমৰ ৱেবছাইটত প্রকাশিত তথ্য অনুসৰি বিগত ১৪ দিন ধৰি পেট্র’ল–ডিজেলৰ মূল্য বৃদ্ধি কৰাত প্রতিলিটাৰ পেট্র’লত ৩.২৮ টকা বৃদ্ধি পাইছে৷ আনপিনে, প্রতিলিটাৰ ডিজেলত ৩.৮৮ টকা বৃদ্ধি পালে৷ ইয়াকে লৈ দেশৰ ৰাজধানী দিল্লীত প্রতি লিটাৰ পেট্র’লৰ মূল্য ৯৩.৬৮ টকাৰ বিপৰীতে প্রতি লিটাৰ ডিজেলৰ মূল্য ৮৪.৬১ টকা৷

আনপিনে, বাণিজ্যিক ৰাজধানী হিচাপে স্বীকৃত মুম্বাইত প্রতি লিটাৰ পেট্র’লৰ মূল্য ৯৯.৯৪ টকা আৰু ডিজেলৰ মূল্য ৯১.৮৭ টকা৷ কলকাতাত পেট্র’লত ৯৩.৭২ আৰু ডিজেলত ৮৭.৪৬, বাংগালুৰুত পেট্র’লত ৯৬.৮০ আৰু ডিজেলত ৮৯.৭০ টকা, চেন্নাইত পেট্র’লত ৯৫.২৮ আৰু ডিজেলত ৮৯.৩৯ টকা৷ লক্ষণীয় যে পেট্র’লৰ মূল্য ৰাজস্থান, মধ্যপ্রদেশ আৰু মহাৰাষ্ট্রৰ কেইবাখনো চহৰত ১০০ টকা অতিক্রম কৰিছে৷ তথ্য মতে ভূপালত ১০০ টকা অতিক্রম কৰিছে৷ ভূপাল হৈছে দেশৰ কোনো এখন ৰাজধানীক ১০০ টকা অতিক্রম কৰা প্রথমখন ৰাজধানী৷ আনপিনে, ৰাজস্থানৰ জয়পুৰতো পেট্র’লৰ মূল্য ১০০.১৭ টকা৷

প্রসংগক্রমে উনুকিয়াওঁ যে দেশৰ চাৰি ৰাজ্য আৰু এখন কেন্দ্রীয়শাসিত অঞ্চলত নির্বাচনৰ ফলাফল ঘোষণা কৰাৰ কেইদিনমান পাছৰে পৰা অর্থাৎ ফলাফল ঘোষণা কৰাৰ এসপ্তাহৰ পাছতে পেট্র’ল আৰু ডিজেলৰ মূল্যবৃদ্ধিৰ প্রক্রিয়া ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে আৰম্ভ কৰি দিছে৷ বিগত ১৪ দিন ধৰি ধীৰে ধীৰে পেট্র’ল–ডিজেলৰ মূল্যবৃদ্ধি কৰি থকাৰ ফলত দেশত দুয়োবিধ ইন্ধনৰ মূল্য সর্বকালৰ অভিলেখ ভংগ কৰে৷ লক্ষণীয় যে প্রতি লিটাৰ পেট্র’লত কেন্দ্র আৰু চৰকাৰ মিলি ৬০ শতাংশ কৰ সংগ্রহ কৰাৰ বিপৰীতে প্রতি লিটাৰ ডিজেলত ৫৪ শতাংশ কৰ সংগ্রহ কৰে৷ অর্থাৎ প্রতি লিটাৰ পেট্র’লত কেন্দ্রীয় চৰকাৰে ৩২.৯০ টকা লাভ কৰাৰ বিপৰীতে প্রতি লিটাৰ ডিজেলত ৩১.৮০ টকা লাভ কৰে৷ গুৰুত্বপূর্ণ যে আন্তর্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য আৰু প্রতি মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্রাৰ মূল্যৰ আধাৰত প্রতিদিনেই ৰাজহুৱা খণ্ডৰ তেল কোম্পানীসমূহে ইন্ধনৰ মূল্য বৃদ্ধি কৰাৰ প্রক্রিয়া চলি আহিছে৷

RELATED ARTICLES