peepl-small

ব্ৰইলাৰৰ মূল্যবৃদ্ধি হল ১০০ টকা, থলুৱা কুকুৰাৰ ১৪০ টকা

PUBLISHED:

গুৱাহাটী: অসমত নির্বাচনী ধামখুমীয়াৰ মাজতে বজাৰত জ্বলিছে মূল্যবৃদ্ধিৰ জুই৷ ৰাজ্যত তিনিটা পর্যায়ত অন্ত পৰা নির্বাচনী যুঁজখনৰ মাজতে সন্তর্পণে বৃদ্ধি কৰা হৈছে দাইল, মিঠাতেল, ৰিফাইন তেল, বুট, মাংস আদিৰ দাম৷ এনে অৱস্থাত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ বাবে এনে অত্যাৱশ্যকীয় সামগ্রী ক্রয় কৰাটো একপ্রকাৰ দুঃসাধ্য হৈ আহিছে৷

উল্লেখ্য যে যোৱা এমাহৰ ভিতৰতে ৰাজ্যৰ প্রতিখন বজাৰত এইকেইবিধ সামগ্রীৰ মূল্য বৃদ্ধি হৈছে৷ ইয়াৰ ভিতৰত বিভিন্ন ব্রেণ্ডৰ মিঠাতেল আৰু ৰিফাইন তেলৰ মূল্য ৩০ শতাংশ পর্যন্ত বৃদ্ধি হৈছে৷ সেইদৰে ব্রইলাৰ মাংস আৰু থলুৱা কুকুৰাৰ মাংস কিলোইপতি ১০০ টকাৰ পৰা ১৪০ টকালৈ বৃদ্ধি কৰা হৈছে৷ তদুপৰি ছাগলীৰ মাংসত কিলোইপতি ৫০ টকাকৈ বৃদ্ধি কৰা হৈছে৷ মহানগৰীৰ উজান বজাৰ আৰু পল্টন বজাৰৰ একাংশ খুচুৰা বিক্রেতাই জনোৱা মতে যোৱা এমাহৰ ভিতৰত উল্লিখিত অত্যাৱশ্যকীয় সামগ্রীকেইবিধৰ মূল্য বৃদ্ধি হৈছে৷ মিঠাতেল, ৰিফাইন তেল, দাইল, বুট আদিৰ দাম হঠাৎ কি কাৰণে বৃদ্ধি হৈছে, সেই বিষয়ে তেওঁলোক জ্ঞাত নহয় যদিও ব্রইলাৰৰ মাংস, থলুৱা কুকুৰা আৰু ছাগলীৰ মাংসৰ মূল্যবৃদ্ধি হৈছে মূলতঃ টোলগেটৰ বাবে৷

বিশেষকৈ বহিঃৰাজ্য আৰু ৰাজ্যৰ বিভিন্ন প্রান্তৰ পৰা লৈ অহা ব্রইলাৰ, থলুৱা কুকুৰা, ছাগলী মাংসৰ উপৰি পাচলিৰ বাবদ প্রতিখন বাহনে অতিৰিক্তভাৱে ধন ভৰিব লগা হোৱাৰ বাবে বজাৰত এনে সামগ্রীসমূহৰ মূল্যবৃদ্ধি হৈছে৷ বিশেষকৈ ব্রইলাৰৰ দাম বাঢ়িছে টোলগেটত দিব লগা অতিৰিক্ত ধনৰ উপৰি যাতায়াত খৰচ, লাইটৰ খৰচ আৰু চোৱাচিতা কৰা লোকক হাজিৰা দিব লগা হোৱাৰ বাবে৷ উল্লেখ্য যে বর্তমান ৰাজ্যৰ প্রতিখন বজাৰত এমাহ পূর্বে কিলোইপতি ৭৪ টকাকৈ বিক্রী কৰা মজলীয়া আকাৰৰ মচুৰ দাইল বর্তমান ৭৬ টকাকৈ বিক্রী কৰা হৈছে৷ সেইদৰে কিলোইপতি ৭৬ টকাকৈ বিক্রী কৰা মচুৰ দাইল (সৰু আকাৰৰ) বর্তমান ৮১ টকাকৈ বিক্রী কৰি থকা হৈছে৷ একেদৰে এমাহ পূর্বে কিলোইপতি ৯২ টকাকৈ বিক্রী হোৱা মগুদাইল বর্তমান ১০৪ টকাকৈ বিক্রী কৰা হৈছে৷ ইফালে এমাহ পূর্বে লিটাৰেপতি ১১২ টকাকৈ বিক্রী হোৱা মিঠাতেলৰ দাম হৈছেগৈ ১৫৪ টকা৷ অনুৰূপ ধৰণে এমাহ পূর্বে লিটাৰেপতি ৯৫ টকাকৈ বিক্রী হোৱা মহাকোশ ব্রেণ্ড ৰিফাইন তেল ১৩৮ টকাকৈ বর্তমান বিক্রী কৰি থকা হৈছে৷ লিটাৰেপতি ১১৫ টকাকৈ বিক্রী কৰা ফর্চুন ব্রেণ্ডৰ ৰিফাইন তেল এমাহৰ পিছত বর্তমান ১৫৫ টকাকৈ বিক্রী কৰা হৈছে৷ খুচুৰা ব্যৱসায়ীকেইজনে জনোৱা মতে এমাহৰ ভিতৰত বিভিন্ন ব্রেণ্ডৰ মিঠাতেল আৰু ৰিফাইন তেলৰ দাম ৩০ শতাংশ পর্যন্ত বৃদ্ধি হৈছে৷

একেদৰে এমাহ পূর্বে বিক্রী কৰা দামত বর্তমান বজাৰত মাংস ক্রয় কৰিবলৈ পোৱা নাযায়৷ এমাহ আগতে গোট হিচাপত ১২০ টকাকৈ বিক্রী কৰা ব্রইলাৰৰ দাম বর্তমান ২০০ টকাকৈ বিক্রী কৰা হৈছে৷ সেইদৰে এমাহ আগত কাটি বিক্রী কৰা ব্রইলাৰ মাংস কিলোইপতি ২০০ টকাকৈ বিক্রী কৰা হৈছিল যদিও বর্তমান ৩০০ টকা দৰত গ্রাহকে মাংস ক্রয় কৰিব লগা হৈছে৷ আনহাতে, থলুৱা কুকুৰাৰ মাংস এমাহ আগত কিলোইপতি ৪০০ টকাকৈ বিক্রী হৈছিল যদিও বর্তমান ইয়াৰ দাম হৈছেগৈ ৫৪০ টকা৷ কেৱল মিঠাতেল, দাইল আৰু মাংসই নহয় বজাৰত বুট, মাহ আদিৰ লগতে পাচলিৰো মূল্যবৃদ্ধি ঘটিছে৷ এমাহ আগত কিলোইপতি ৮০ টকাকৈ বিক্রী কৰা ডাঙৰ আকাৰৰ কাবুলী বুট বর্তমান ৮৬ টকাকৈ আৰু ৮২ টকাকৈ বিক্রী কৰা সৰু আকাৰৰ কাবুলী বুট বর্তমান ৯৪ টকাকৈ বিক্রী কৰা হৈছে৷

সেইদৰে পাচলিৰ বজাৰত বর্তমান কেইবিধমান পাচলিৰ দাম কিছু পৰিমাণে হ্রাস পাইছে যদিও বর্তমান কেইবিধমান সামগ্রীৰ মূল্যবৃদ্ধি হৈছে৷ বিশেষকৈ জিকা, ভেণ্ডি, মটৰ, ভাতকেৰেলা কিলোপতি ১০০ টকাৰ পৰা ১৫০ টকাকৈ বজাৰত বিক্রী হৈ আছে৷ লক্ষণীয়ভাৱে বজাৰত এনে জুই লগাৰ পিছতো নির্বিকাৰ ভূমিকা গ্রহণ কৰিছে প্রশাসনে৷ এনে অত্যাৱশ্যকীয় সামগ্রীৰ ঊর্ধ্বমুখী দাম নিয়ন্ত্রণৰ ক্ষেত্রত প্রশাসনে কোনো পদক্ষেপেই গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷ যাৰ ফলত খুচুৰা বজাৰত গ্রাহকে বস্তু কিনিবলৈ গৈ এবাৰ চিন্তা কৰি চাবলগীয়া অৱস্থা হৈছে৷

RELATED ARTICLES