peepl-small

গৌৰৱান্বিত অসমঃ বাজেট অধিৱেশনত ৰাষ্ট্ৰপতিৰ মুখত অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা

PUBLISHED:

গুৱাহাটীঃ আজি সংসদৰ বাজেট অধিৱেশনত দেখা গ’ল অসম আৰু অসমীয়াক গৌৰৱান্বিত কৰা এক অনবদ্য ঘটনা।

স্বয়ং দেশৰ সৰ্বোচ্চ নাগৰিকগৰাকীয়ে গৌৰৱান্বিত কৰিলে অসমক। আজিৰ পৰা আৰম্ভ হোৱা সংসদৰ যুটীয়া অধিৱেশনত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আওৰালে অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ কবিতা।

নিজ অভিভাষণৰ মাজতে ৰাষ্ট্ৰপতি কোবিন্দে উল্লেখ কৰে-  ‘ভাৰত যেতিয়াৰ পৰা একলগ হৈছে, তেতিয়াৰ পৰা অসম্ভৱ যেন লগা লক্ষ্যক প্ৰাপ্ত কৰিছে। এই ভাবনাকে অভিব্যক্ত কৰি অসমৰ দেশপ্ৰেমী কবি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে লিখিছিল

ওঁম তৎসৎ ভাৰত মহৎ,

এক চেতনাত, এক ধিয়ানত,

এক সাধনাত এক আবেগত,

এক হৈ যা এক হৈ যা।’

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কবিতাটোৰ অৰ্থ ব্যক্ত কৰি লগতে উল্লেখ কৰে যে ঐক্যৰ জৰিয়তেহে ৰাষ্ট্ৰৰ মংগল আৰু উন্নতি সম্ভৱ।

RELATED ARTICLES