peepl-small

নিৰ্বাচনী প্ৰচাৰ অন্তঃ নিশা ধন বিতৰণৰ অভিযোগ প্ৰমীলা ৰাণী ব্ৰহ্মৰ বিৰুদ্ধে

PUBLISHED:

গুৱাহাটী: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিছতে নিশা প্ৰমীলা ৰাণী ব্ৰহ্মৰ বাসগৃহৰ সন্মুখত উত্তপ্ত পৰিস্থিতি।

পূব কোকাৰাঝাৰ সমষ্টিৰ ৰাইজৰ মাজত ধন বিতৰণৰ গুৰুতৰ অভিযোগ ব্ৰহ্মৰ বিৰুদ্ধে।

ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে চত্ৰভংগ দিয়ে ৰাইজক। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে জেৰা।

নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পাছতো এইদৰে সমষ্টিৰ ৰাইজক গোট খোৱাৰ পাছতে আৰক্ষীয়ে ছত্ৰভংগ দিয়ে সমবেত ৰাইজক ।

“নিশা ৯ বজাত আমি পে’ট্ৰলিং দি থাকোতে দেখা পাইছিলো যে প্ৰমীলা ৰাণী ব্ৰহ্মৰ গৃহত বহু মানুহৰ সমাগম হৈছে। লগে লগে তাত উপস্থিত হৈ সকলোকে ক’লো যে এতিয়া ১৪৪ ধাৰা বলবৎ হৈ থকাৰ বাবে ৫ জন মানুহতকৈ বেছি মানুহ এটা ঠাইত সমবেত হ’ব নোৱাৰিব।”-এগৰাকী শীৰ্ষ আৰক্ষীয়ে এইদৰে সংবাদ মাধ্যমক কয়।

RELATED ARTICLES