peepl-small

নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰে প্রফুল্ল কুমাৰ মহন্তই আনুষ্ঠানিক ঘোষণা পত্নী জয়শ্রী গোস্বামী মহন্তৰ

PUBLISHED:

 

গুৱাহাটী: বঢ়মপুৰ সমষ্টি বিজেপিক এৰি দিয়াৰ পাছত প্রাক্তন মুখ্যমন্ত্রী প্রফুল্ল কুমাৰ মহন্তৰ পৰৱর্তী ৰাজনৈতিক পদক্ষেপক লৈ চলি অহা জল্পনা–কল্পনা অৱশেষত অৱসান ঘটিল৷ আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে প্রাক্তন মুখ্যমন্ত্রী মহন্তই৷ আজি সংবাদ মাধ্যমক এই কথা আনুষ্ঠানিকভাৱে সদৰী কৰে মহন্তৰ পত্নী জয়শ্রী গোস্বামী মহন্তই৷ অসম গণ পৰিষদৰ বর্তমান নেতৃত্বৰ ওপৰত তীব্র অসন্তুষ্টি প্রকাশ কৰিয়েই প্রাক্তন মুখ্যমন্ত্রীগৰাকীয়ে এই সিদ্ধান্ত গ্রহণ কৰিছে বুলি সদৰী কৰি জয়শ্রী গোস্বামী মহন্তই কয় যে বর্তমান দলটোৰ কোনো আদর্শ নাই৷ অত্যন্ত স্বার্থলোভী এচাম মানুহৰ সংকীর্ণ চিন্তাধাৰাৰ বাবে দলটোৰ আজিৰ এই অৱস্থা হৈছে বুলি উল্লেখ কৰি মহন্ত পত্নীয়ে কয়– ‘আজি এনে কিছুসংখ্যক মানুহৰ হাতত অগপ দলটো পৰিল যে তেওঁলোকে নিজৰ টিকট বিচাৰি ৰাষ্ট্রীয়তাবাদী দলৰ সন্মুখত হাজিৰ হ’বলগীয়া হ’ল৷ বেলেগ এটা ৰাষ্ট্রীয় দলৰ কার্যালয়ত ঘোষণা কৰা হ’ল যে কোন সমষ্টিত অগপই প্রতিদ্বন্দ্বিতা কৰিব৷ কেইজনমান মন্ত্রী অথবা অধ্যক্ষ পদ পালেই তেওঁলোক সন্তুষ্ট৷’

নির্বাচনত অৱতীর্ণ নহ’লেও ৰাজ্যবাসীৰ সৈতে প্রফুল্ল কুমাৰ মহন্ত সদায় থাকিব বুলি উল্লেখ কৰি পত্নী জয়শ্রী মহন্তই কয় যে নিজে গঠন কৰা দলটোত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে প্রাক্তন মুখ্যমন্ত্রীগৰাকী যথেষ্ট অসন্তুষ্ট হৈছে৷ বর্তমানৰ নেতৃত্বই অসমবাসী ৰাইজক প্রতাৰণা কৰিছে বুলি উল্লেখ কৰি জয়শ্রী গোস্বামী মহন্তই কয়–‘দলটোৰ এজনেই সাংসদ৷ অসমবাসীৰ হৈ তেওঁ মাত মাতিব বুলি আমি সকলোৱে ভাবিছিলোঁ৷ ৰাজ্যসভাত ‘কা’ৰ বিৰুদ্ধে ভাষণ দিলে৷ অথচ ভোট দিলে ‘কা’ৰ সপক্ষে৷ এয়া অসমীয়া জাতিক কৰা প্রৱঞ্চনা৷’

ইপিনে, আগন্তুক সময়ত দিছপুৰত চৰকাৰী বাসগৃহ এৰি খাৰঘুলিস্থিত বাসগৃহত মহন্ত পৰিয়ালসহ থকাৰ ইংগিতো আজি প্রদান কৰে পত্নী জয়শ্রী গোস্বামী মহন্তই৷ উল্লেখ্য যে প্রফুল্ল কুমাৰ মহন্তৰ সমষ্টি বঢ়মপুৰত এইবাৰ বিজেপিৰ প্রার্থীয়ে প্রতিদ্বন্দ্বিতা কৰিব৷ এই কথা আনুষ্ঠানিকভাৱে ঘোষণা হোৱাৰ লগে লগে ৰাজ্যজুৰি ৰাজনৈতিক মহলত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ আনকি মহন্তই মহাজোঁটৰ সমর্থনেৰে বঢ়মপুৰত প্রতিদ্বন্দ্বিতা কৰিব বুলি বাতৰি ওলাইছিল৷ অৱশ্যে আজিৰ ঘোষণাৰ লগে লগে এই সমগ্র জল্পন–কল্পনাৰ অৱসান ঘটিল৷

RELATED ARTICLES