peepl-small

পুনৰ উত্তপ্ত বাঘজান প্রতিবাদীক আৰক্ষীৰ লাঠী–ৰাবাৰ গুলী

PUBLISHED:

গুৱাহাটীঃ পুনৰ উত্তপ্ত হৈ পৰিছে তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ অভিশপ্ত বাঘজান অঞ্চল৷ যোৱা বছৰ বাঘজান বি জি আৰ–৫নং তৈলক্ষেত্রত অগ্ণিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ পাছত বাঘজানৰ ঘটনাস্থলীত থকা অইল ইণ্ডিয়া লিমিটেডৰ যন্ত্রাংশ আৰু সামগ্রীসমূহ তাৰ পৰা নিয়াৰ পূর্বে ক্ষতিগ্রস্ত ৰাইজক উচিত ক্ষতিপূৰণ দিয়াৰ দাবী জনাইছিল বাঘজানবাসী দুর্ভগীয়া ৰাইজে৷ কিন্তু শনিবাৰে প্রশাসনৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডে যন্ত্রাংশ আৰু সামগ্রীসমূহ উক্ত স্থানৰ পৰা নিবলৈ আহোঁতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷

অভিশপ্ত বাঘজান বি জি আৰ–৫নং তৈলক্ষেত্রৰ আশে–পাশে থকা যন্ত্রাংশ আৰু সামগ্রীসমূহ নিবৰ বাবে প্রশাসনৰ লোক শনিবাৰে বাঘজানত উপস্থিত হোৱাৰ সম্ভেদ লাভ কৰি ক’ভিড পৰিস্থিতিৰ বাবে জিলাখনত জাৰি কৰা ১৪৪ ধাৰাক নেওচি গাঁওখনৰ যথেষ্টসংখ্যক পুৰুষ–মহিলা পথলৈ ওলাই আহি সামগ্রীসমূহ নিয়াত বাধা প্রদান কৰি প্রতিবাদকাৰীসকলে এই ঘটনাত ক্ষতিগ্রস্ত ৬১২টা পৰিয়ালক অইল ইণ্ডিয়াৰ তৰফৰ পৰা অন্তর্ৱর্তীকালীন সাহায্য আগবঢ়াইছে যদিও সম্পূর্ণ উচিত ক্ষতিপূৰণ নিদিয়ালৈকে সামগ্রীসমূহ নিবলৈ দিয়া নহ’ব বুলি পথৰ ওপৰতে বহি প্রতিবাদ কৰিবলৈ আৰম্ভ কৰে৷

আনহাতে ৰাইজৰ এনে প্রতিবাদত প্রশাসনৰ তৰফৰ পৰা এই সমগ্র বিষয়টো বিচাৰাধীন হৈ আছে আৰু তেনে ক্ষেত্রত অইল ইণ্ডিয়া অথবা জিলা প্রশাসনে ক্ষতিপূৰণ দিয়া সন্দর্ভত কোনো ধৰণৰ সিদ্ধান্ত দিব নোৱাৰে বুলি স্পষ্ট কৰি দি প্রতিবাদ প্রত্যাহাৰ কৰিবলৈ আহ্বান জনাই কিছু সময় বান্ধি দিয়ে৷ কিন্তু নিজৰ প্রাপ্য লাভৰ দাবীত অটল হৈ থকা গাঁওবাসীয়ে প্রশাসনৰ নির্দেশক গুৰুত্ব নিদি প্রতিবাদ অব্যাহত ৰখাত আৰক্ষীয়ে প্রথমতে প্রতিবাদকাৰীসকলৰ ওপৰত মৃদু লাঠীচালনা কৰি ছত্রভংগ দিয়াবলৈ চেষ্টা কৰে৷

আনহাতে আৰক্ষীয়ে লাঠীচালনা কৰাৰ পাছতেই হাতে হাতে বাঁহৰ টুকুৰা, শিলগুটি লৈ অহা প্রতিবাদকাৰীসকলে আৰক্ষীক প্রত্যুত্তৰ দি শিলগুটি নিক্ষেপ কৰাত প্রতিবাদকাৰীৰ ওপৰত আৰক্ষী জঁপিয়াই পৰে আৰু লাঠীচালনাৰ লগতে কন্দুৱা গেছ আৰু ৰাবাৰ গুলী নিক্ষেপ কৰে৷ এই ঘটনাৰ ফলত বাঘজান অঞ্চলৰ সবিলা বৰা, আদিত্য মৰাণ, দন্দেশ্বৰ বৰা, ভাস্কৰ মৰাণ, প্রাঞ্জল গগৈ, বিনোদ মৰাণ, ৰণ্টু মৰাণ, বর্ণালী মৰাণ, কেহুবৰ হাজৰিকা, প্রকাশ হাজৰিকা, তীক্ষ্ণজ্যোতি হাজৰিকা, মাইনু হাজৰিকা, বিৰেশ্বৰী বৰুৱা, চাণ্টি মৰাণ, গুণৱতী হাজৰিকা, কাজলি শইকীয়া, জ্যোতিস্না হাজৰিকা, সুৰভি হাজৰিকা, কৰীশ্মা নেওগসহ বহুকেইগৰাকী প্রতিবাদকাৰী আহত হয়৷ ইয়াৰ কেহুবৰ হাজৰিকা, নন্দেশ্বৰ বৰা, ৰণ্টু মৰাণ, বিনোদ মৰাণ, প্রকাশ হাজৰিকা আৰু বর্ণালী মৰাণৰ আঘাত গুৰুতৰ হোৱাত আটাইকেইজনকে তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷

RELATED ARTICLES