peepl-small

ONGCৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডত জড়িত আৰক্ষী!

PUBLISHED:

গুৱাহাটীঃ অএনজিচি’ৰ তিনি কৰ্মচাৰীৰ অপহৰণ কাণ্ডই লৈছে চাঞ্চল্যকৰ মোৰ। স্বয়ং আৰক্ষীৰ লোকেই অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে।

ৰাজ্যজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা অপহৰণ কাণ্ডটোত জড়িত থকাৰ অভিযোগত পলাতক হৈ থকা কনিষ্টবল বসন্ত বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে। ২৫ APBN-ৰ জোৱান বসন্ত বুঢ়াগোহাঁইক শদিয়াৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। অপহৰণ কাণ্ড সংঘটিত হোৱা দিনটোত তেওঁ তৈলখাদটোৰ নিৰাপত্তাৰ দায়িত্বত আছিল।

উল্লেখ্য যে আলফা স্বাধীনে অপহৰণ কৰা অএনজিচি’ৰ দুই কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক সেনাই অভিযান চলাই উদ্ধাৰ কৰিছে যদিও এই পৰ্যন্ত সন্ধান ওলোৱা নাই তৃতীয়জন অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ।

RELATED ARTICLES