peepl-small

কাজিৰঙাত গুলীবিদ্ধ মণিপুৰৰ চোৰাং চিকাৰী

PUBLISHED:

গুৱাহাটী: বোকাখাত আৰক্ষীৰ এনকাউণ্টাৰত কালি পুৱতিনিশা আহত হৈছে এটা চোৰাং চিকাৰী৷ আনহাতে, এনকাউণ্টাৰৰ সময়ত আহত হয় এজন আৰক্ষী কনিষ্টবলো৷ আৰক্ষীৰ সূত্রই জনোৱা অনুসৰি, কাজিৰঙাৰ দাঁতিকাষৰীয়া পাণবাৰী ৰিজার্ভ ফ’ৰেষ্টত সংঘটিত হয় এই ঘটনা৷ চোৰাং চিকাৰীটোৰ নাম থাংগৌসিং ভি খামফৌপ’৷

উল্লেখ্য যে ১৩ জুলাইত মণিপুৰৰ চূডাচান্দপুৰৰ পৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল জেমী ৰিভলিউচনাৰী আর্মীৰ সদস্য তথা গঁড হত্যাকাৰী থাংগৌসিং ভি খামফৌপ’ক৷ ২০২০ চনত মণিপুৰৰ চূডাচান্দপুৰৰ পৰা চিঞ্জাচাম ভাল্টে নামৰ এটা গঁড হত্যাকাৰীক গ্রেপ্তাৰৰ পিছতেই চিকাৰীটোৰ তথ্যৰ ভিত্তিত ১৯৫/২০ নম্বৰৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰা হৈছিল খামফৌপ ওৰফে পাঠানক৷ পূর্বে এন. এছ. চি. এন (আই. এম.) গোটৰ সদস্য আৰু বর্তমানৰ জেমী ৰিভলিউচনাৰী আর্মী নামৰ উগ্রপন্থী সংগঠনটোৰ সদস্য বুলি তথ্য লাভ কৰা পাঠানক অসম আৰক্ষী আৰু মণিপুৰ আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানত গ্রেপ্তাৰ কৰা হৈছিল৷

তাৰ পিছতেই বোকাখাত মহকুমা ন্যায়িক আদালতত হাজিৰ কৰাই প্রথমে ৪ দিন আৰু পিছত ৬ দিনৰ জিম্মাত লৈছিল চিকাৰীটোক৷ অধিক তথ্যৰ সন্ধানত চিকাৰীটোক আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছিল৷

আৰক্ষীৰ তথ্যত প্রকাশ পোৱা অনুসৰি, বুধবাৰে মাজনিশা চিকাৰীটোৱে লুকুৱাই থোৱা মাৰণাস্ত্র উদ্ধাৰ কৰিবলৈ মহকুমা আৰক্ষী বিষয়া অনিতা হাজৰিকাৰ নেতৃত্বত চিকাৰীটোক লৈ যোৱা হৈছিল৷ সেই সময়তে আৰম্ভ হৈছিল প্রচণ্ড বতাহ আৰু বৰষুণ৷ তাৰ মাজতেই চিকাৰীটোক লৈ আৰক্ষীৰ দলে পাণবাৰী সংৰক্ষিত বনাঞ্চলত মাৰণাস্ত্র বিচাৰি থাকোঁতেই হঠাৎ সুযোগ বুজি চিকাৰীটোৱে কনিষ্টবল জুৱেল গগৈৰ ওপৰত জঁপিয়াই পৰে আৰু বন্দুক কাঢ়ি লয়৷

ইফালে, আৰক্ষীক লক্ষ্য কৰি চিকাৰীটোৱে গুলী কৰিব খোজোঁতেই আৰক্ষীয়েও চিকাৰীটোৰ ভৰিত গুলী কৰাত চিকাৰীৰ লগতে কনিষ্টবল গগৈ গুৰুতৰভাৱে আঘাতপ্রাপ্ত হয়৷ দুয়োকে বোকাখাতত প্রাথমিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্রেৰণ কৰা হয়৷

RELATED ARTICLES