peepl-small

মহাজোঁট নেতা–নীতিহীন মহাঝুঠ: প্রধানমন্ত্রী নৰেন্দ্র মোদী

PUBLISHED:

গুৱাহাটীঃ প্রথম পর্যায়ৰ নির্বাচনলৈ দুটা দিন বাকী থকা অৱস্থাত বুধবাৰে দুখনকৈ বিশাল নির্বাচনী সভাৰে পুনৰ কংগ্রেছ, এ আই ইউ ডি এফ আৰু বাঁওপন্থী দলৰ বিৰুদ্ধে সৰৱ হৈ পৰিল প্রধানমন্ত্রী নৰেন্দ্র মোদী৷ ইতিমধ্যে তিনিখনকৈ সভাত অংশগ্রহণেৰে বিজেপিৰ নির্বাচনী প্রচাৰ তুংগত তোলা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে আজি পুনৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া আৰু ছিপাঝাৰত বিশাল জনসভাত অসমবাসীক সম্বোধন কৰি বিৰোধীক তুলাধুনা দিলে৷ মোদীৰ স্পষ্ট বক্তব্য– কংগ্রেছ, এ আই ইউ ডি এফ আৰু বাঁওপন্থীয়ে বিজেপিৰ বিৰুদ্ধে গঢ়ি তোলা এয়া মহাজোঁট নহয়, এয়া হ’ল মহাঝুঠ৷ কংগ্রেছৰ নেতৃত্বত অসমত গঠন হোৱা মহাজোঁটৰ না বিচাৰ আছে, না সংস্কাৰ আছে৷ এয়া এনে মহাজোঁট, যাৰ নেতাও নাই, নীতিও নাই৷ কংগ্রেছৰ মহাজোঁটে কেৱল অনুপ্রৱেশ আৰু লুণ্ঠনৰহে গেৰাণ্টী দিব পাৰে৷ এনে মহাজোঁট যিয়ে অসমৰ নামঘৰ, সত্র আৰু অভয়াৰণ্যত অনুপ্রৱেশত গেৰাণ্টী দিব পাৰে৷

বিহপুৰীয়া সমষ্টিৰ বিজেপিৰ বিধায়ক অমিয় কুমাৰ ভূঞা, নাওবৈচা সমষ্টিৰ মিত্রজোঁট অগপৰ প্রার্থী জয়ন্ত খাউণ্ড, লখিমপুৰ সমষ্টিৰ প্রার্থী মানৱ ডেকা, গহপুৰ সমষ্টিৰ প্রার্থী উৎপল বৰাৰ সমর্থনত নির্বাচনী প্রচাৰ চলাবলৈ সোমবাৰে বিয়লি তিনি বজাত বিহপুৰীয়াৰ খামটি পথাৰত উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ ভাষণত শ্রীমন্ত শংকৰদেৱ আৰু মাধৱদেৱক স্মৰণ কৰি কয়– গুৰু দুজনাৰ পৰম্পৰাক বিজেপি চৰকাৰে জীয়াই ৰাখিছে৷ এই পৰম্পৰাক আপোনালোকে বিনষ্ট হ’বলৈ নিদিব৷ মিচিং আৰু অসমীয়াত সম্বোধন কৰি প্রধানমন্ত্রীগৰাকীয়্ আজি সুধাকণ্ঠ ভূপেন হাজৰিকাৰ ‘জিলিকাব লুইতৰে পাৰ’ আৰু শংকৰ–মাধৱৰ মহান সৃষ্টিৰ গীতেৰে ভাষণ আৰম্ভ কৰি কয়– দেশৰ ক’ৰোনাতংকৰ সময়ত ৰাজ্যৰ বিজেপি চৰকাৰ আৰু কার্যকর্তাসকলে যি সেৱাৰ মনোভাবেৰে কাম কৰিলে, সেই সংস্কাৰ মহাপুৰুষ দুজনাৰ পৰা আহিছে৷ কিন্তু অসমৰ পৰম্পৰা আৰু এই সংস্কাৰক এতিয়া ধূলিসাৎ কৰিবলৈ নামি পৰিছে কংগ্রেছ দল৷ মই আপোনালোকক জগাবলৈ আহিছোঁ৷ কংগ্রেছৰ হাতে আজি এনেকুৱা লোকৰ সংগ লৈছে, যাৰ আধাৰ কেৱল অসমৰ অস্তিত্ব ধ্বংস কৰা৷ যি দল অনুপ্রৱেশৰ কোলাত ডাঙৰ–দীঘল হোৱা, আজি সেইসকলৰ ভোটবেংকৰ জৰিয়তে শাসনলৈ অহাৰ চেষ্টাত নামিছে কংগ্রেছ৷ এনে কংগ্রেছৰ হাতত অসমৰ শাসনৰ চাবি–কাঠী দিব লাগে নে নালাগে, সেয়া ৰাইজে নির্ধাৰণ কৰক৷ কংগ্রেছ এনে এটা দল, যি দলে ক্ষমতাৰ বাবে অসমৰ গৌৰৱ চাহক বিশ্ববাসীৰ ওচৰত বদনাম কৰিছে৷ এই কংগ্রেছৰ দিনতে সত্র–নামঘৰৰ ভূমি বেদখলৰ কবলত পৰিছে৷ সেয়া বিজেপি চৰকাৰে মুক্ত কৰিলে৷ ঐতিহাসিক বটদ্রৱা থানো বেদখলৰ কবলত আছিল৷ কিন্তু এই পৱিত্র স্থানৰ বেদখল মুকলি কৰাৰ বাবে কংগ্রেছে একো নকৰিলে৷ বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰে এই পৱিত্র বটদ্রৱা থানক সংৰক্ষণ আৰু সংবর্ধনৰ আঁচনিৰে উজলাই তোলাৰ প্রচেষ্টাত নামি পৰিছে৷ সেয়াই নহয়, ৰাজ্যখনৰ বহু সত্র–ধর্মীয় অনুষ্ঠানক ন–ৰূপত গঢ়ি তোলা হ’ব৷ বিজেপি ক্ষমতালৈ আহিলে মহাপুৰুষ মাধৱদেৱ কলাক্ষেত্র নির্মাণৰ কাম অতি ক্ষিপ্রতাৰে কৰা হ’ব৷ শিৱসাগৰক ঐতিহাসিক স্থান ৰূপে গঢ়ি তোলা হ’ব৷

প্রধানমন্ত্রীয়ে কয়– কংগ্রেছ হৈছে ভেদভাবৰ প্রতীক৷ ভোটৰ বাবে কংগ্রেছে সকলো কৰিব পাৰে৷ সকলোৰে সহায় ল’ব পাৰে আৰু প্রয়োজন হ’লে কংগ্রেছে প্রতাৰণাও কৰিব পাৰে৷ কংগ্রেছৰ ১৫ বছৰীয়া শাসনকালত অসমৰ চাহ বাগিচাৰ জনগোষ্ঠীৰ বাবে কংগ্রেছে একো নকৰিলে বুলি আঙুলিয়াই প্রধানমন্ত্রী মোদীয়ে কংগ্রেছে চাহ জনগোষ্ঠীৰ মজুৰি বৃদ্ধি হোৱা নাই বুলি কৈ ভুৱা প্রচাৰ চলাইছে বুলিও অভিযোগ তোলে৷ তেওঁ কয়– কংগ্রেছ হ’ল মিছা কথা কোৱা দল৷ এন ডি এ চৰকাৰে আজি চাহ জনগোষ্ঠী তথা আদিবাসীসকলক সুৰক্ষা দিছে৷ এইবাৰ কেন্দ্রীয় চৰকাৰে এক হাজাৰ কোটি টকা কেৱল আদিবাসীসকলৰ উন্নয়নৰ বাবে ধার্য কৰিছে৷ আজি অসমৰ সর্বতোপ্রকাৰৰ বিকাশৰ বাবে বিজেপিয়ে প্রতিশ্রুতি দিছে৷ বিজেপিয়ে যি সংকল্প দাঙি ধৰিছে, তাৰ জৰিয়তে অসমৰ নিৰন্তৰ উন্নয়ন আৰু সাংস্কৃতিক বিকাশৰ সংকল্পৰ কথা তুলি ধৰা হৈছে৷ ৰাজ্য আৰু কেন্দ্রত চলা ডাবল ইঞ্জিনৰ চৰকাৰে ৰাজ্যখনৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে বিকাশৰ দিশতো আগুৱাই নিবলৈ সক্ষম হৈছে অসমক৷

ইয়াৰ পূর্বে নির্বাচনী সভাখনত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে বিগত ছবছৰে প্রধানমন্ত্রী হিচাপে নৰেন্দ্র মোদীয়ে অসমক দেশৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে যি অৱদান আগবঢ়ালে, সেই কথা অসমৰ জনসাধাৰণে কেতিয়াও পাহৰিব নোৱাৰে৷ অসমীয়া জাতিৰ মাটি–ভেটি, কৃষ্টি–সংস্কৃতি, ভাষা–সাহিত্য, ঐতিহ্য, গৌৰৱ আৰু অস্তিত্ব ৰক্ষাৰ বাবে অসম চৰকাৰক প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যি সহায়–সহযোগিতা আগবঢ়াই আহিছে, তাৰ বাবে অসম ক্ষিপ্রতাৰে উন্নয়নৰ দিশত আগবাঢ়ি যাবলৈ সক্ষম হৈছে৷ সাংসদ পল্লৱলোচন দাসে আঁত ধৰা নির্বাচনী সভাখনত বিজেপিৰ প্রার্থীসকলৰ লগতে দেউৰী শ্বায়ত্তশাসিত পৰিষদৰ অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীৰ লগতে বিজেপিৰ কেইবাজনো বয়োজ্যেষ্ঠ নেতা উপস্থিত থাকে৷
ছিপাঝাৰত বিশাল জনসভাক সম্বোধন প্রধানমন্ত্রীৰঃ শান্তি
আৰু বিকাশৰ বাবেই ডাবল ইঞ্জিনৰ চৰকাৰক পুনৰ ভোট দিয়াৰ আহ্বান
ছিপাঝাৰৰ মংগলতীর্থ পথাৰত অনুষ্ঠিত এখন বিশাল জনসভাক সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে শান্তি, প্রগতি আৰু উন্নয়নৰ স্বার্থতে পুনৰ এবাৰ ডাবল ইঞ্জিনৰ চৰকাৰক অধিষ্ঠিত কৰাৰ বাবে অসমৰ ৰাইজলৈ আহ্বান জনায়৷ মঙলদৈ লোকসভা সমষ্টিৰ অন্তর্গত দহটাকৈ বিধানসভা সমষ্টি ক্রমে ছিপাঝাৰ, মঙলদৈ, কলাইগাঁও, দলগাঁও, মাজবাট, ওডালগুৰি, পানেৰী, ৰঙিয়া, কমলপুৰ আৰু নলবাৰী সমষ্টিৰ মিত্রজোঁটৰ প্রার্থীকেইগৰাকীৰ সমর্থনত প্রচাৰ চলাবলৈ উপস্থিত হোৱা প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ ভাষণত কংগ্রেছ চৰকাৰৰ পোন্ধৰ বছৰীয়া শাসনৰ তুলনাত বিজেপিৰ পাঁচ বছৰীয়া কার্যকালৰ তুলনা দাঙি ধৰি কয় যে কংগ্রেছে কেৱল লুণ্ঠনৰ বাবেহে শাসনলৈ আহে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে অসমৰ অস্তিত্ব ৰক্ষা আৰু সুৰক্ষাৰ বাবে কাম কৰি আহিছে৷ অসমৰ সভ্যতা–সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে বিজেপি চৰকাৰ দায়বদ্ধ৷ এখন আত্মনির্ভৰশীল, দুর্নীতিমুক্ত আৰু সুৰক্ষিত অসম গঢ়ি তুলিবলৈ বিজেপি বদ্ধপৰিকৰ বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে ৰাজ্যিক বিজেপিয়ে মুকলি কৰা সংকল্প পত্রৰ বাবেও বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰে৷

কংগ্রেছ চৰকাৰৰ কার্যকালত অসম সর্বদিশতে পিছপৰি যোৱা বুলি প্রকাশ কৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ বিজেপিৰ দিনত ধলা–শদিয়া, শৰাইঘাটৰ দ্বিতীয়খন দলং আৰু বগীবিল দলং নির্মাণ সম্পূর্ণ কৰি অসমক যাতায়াত–যোগাযোগ আৰু বিকাশৰ ক্ষেত্রত বহুদূৰ আগবঢ়াই নিয়া বুলি উল্লেখ কৰে৷ কংগ্রেছে কেৱল বিনাশৰহে গেৰাণ্টী দিয়ে বুলি সমালোচনা কৰি বিজেপিয়ে দুখীয়া–গৰিবৰ সেৱাৰ বাবে সদায় আগবাঢ়ি যায় বুলি কয়৷ বিশেষকৈ ঘৰে ঘৰে ৰন্ধন গেছ সংযোগ, স্বচ্ছতাৰ ক্ষেত্রত গ্রহণ কৰা পদক্ষেপ আদিও উল্লেখ কৰে৷ অসমক অনাগত দিনত আত্মনির্ভৰশীল কৰি গঢ়ি তোলাৰ বাবে চৰকাৰৰ বিভিন্ন পৰিকল্পনা দোহাৰি কংগ্রেছৰ দিনত বহু উদ্যোগ বন্ধ হোৱাৰ বিপৰীতে বিজেপিৰ পাঁচ বছৰত নতুন উদ্যোগ স্থাপনৰ বিষয়ে উল্লেখ কৰে৷ আনকি গুৱাহাটী মহানগৰীক কেন্দ্র কৰি এটা ঔদ্যোগিক কৰিড’ৰ গঢ়ি তোলাৰ প্রচেষ্টাৰ বিষয়েও উল্লেখ কৰে৷

কৃষি ক্ষেত্রৰ বাবেও চৰকাৰে গ্রহণ কৰা প্রসংগৰে বিগত পাঁচ বছৰত পূর্বতকৈ পাঁচ গুণ বেছি ধান ক্রয় কৰা বুলি উল্লেখ কৰে৷ আজি বিজেপি চৰকাৰৰ দিনত দুখীয়া লোকৰ ৰেচন কার্ড পর্যন্ত ডিজিটেল কৰা হোৱা বুলি উল্লেখ কৰি আত্মনির্ভৰশীলতাৰ বাবে আৰু ৰাইজৰ আকাংক্ষা পূৰণৰ বাবেই আকৌ এবাৰ বিজেপি চৰকাৰক ভোট দিয়াৰ বাবে ৰাইজক আহ্বান জনায়৷ ইফালে বিহপুৰীয়াৰ সভাৰ পৰা পোনে পোনে আহি ছিপাঝাৰৰ সভাত অংশ লোৱা মোদীয়ে উপস্থিত ৰাইজক সম্বোধন কৰিয়েই দৰঙৰ অপূর্ব কলা–সংস্কৃতিৰ প্রশংসাত পঞ্চমুখ হৈ পৰে৷ দৰং মানেই কলা–সংস্কৃতিৰ ৰঙেৰেই সমৃদ্ধ বুলি উল্লেখ কৰি দৰঙৰ পৰিৱেশ্য কলা ওজাপালিৰো বিষয়ে উল্লেখ কৰে৷

একেদৰে দৰঙীয়া ৰাইজৰ দেশপ্রেম আৰু আত্মত্যাগক স্মৰণ কৰি পথৰুঘাটৰ বীৰ শ্বহীদলৈও প্রণিপাত জনায় বক্তব্যৰ আৰম্ভণিতে৷ প্রায় ৪০ মিনিটজোৰা মোদীৰ ভাষণত মূলতঃ অসমৰ ডাবল ইঞ্জিনৰ চৰকাৰক আকৌ এবাৰ সুযোগ দি অসমক সর্বদিশতে বিকাশৰ ক্ষেত্রত আগবঢ়াই নিয়াৰ আহ্বান জনায়৷ পূর্বেও দৰঙলৈ অহাৰ অভিজ্ঞতা স্মৰণ কৰি আজিৰ জনসমাগম দেখি অভিভূত হোৱাই নহয়, এই অভূতপূর্ব জনসমাগমে আগৰ সকলো অভিলেখ ভংগ কৰিলে বুলিও স্বীকাৰ কৰে৷ ইয়াৰ আগেয়ে মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই আদৰণী বক্তব্য দাঙি ধৰি প্রধানমন্ত্রীগৰাকীক্ উষ্ম আদৰণি জনোৱাৰ লগতে মহামিলনৰ তীর্থ ছিপাঝাৰৰ মংগলতীর্থত নৰেন্দ্র মোদীৰ উপস্থিতিয়ে অধিক উজ্জীৱিত কৰি তুলিছে বুলি উল্লেখ কৰে৷

ছিপাঝাৰৰ প্রার্থী পৰমানন্দ ৰাজবংশীয়ে বক্তব্য আগবঢ়াই ৰাইজৰ আশীর্বাদ বিচৰাৰ লগতে বিজেপি চৰকাৰে অসমৰ ভাষা–সাহিত্য উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপৰ শলাগ লয়৷ নলবাৰীৰ বিজেপি প্রার্থী জয়ন্ত মল্ল বৰুৱাই আঁত ধৰা সভাখনত ৰাইজক সম্বোধন কৰি ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিগত পাঁচ বছৰত সমষ্টি উন্নয়নৰ লগতে দলটোৰ ভেটি গঠনৰ বাবে গ্রহণ কৰা পদক্ষেপ উল্লেখ কৰি অনাগত দিনতো এই ধাৰা অব্যাহত ৰাখিব বুলি আশা কৰি প্রত্যেকগৰাকী প্রার্থীক শুভেচ্ছা জনায়৷ উল্লেখ্য যে অনুষ্ঠানত বি টি আৰৰ মুখ্য কার্যবাহী প্রমোদ বডোৱে জাতি–জনগোষ্ঠীৰ উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপৰ শলাগ লয়৷ কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰ, সাংসদ ভুবনেশ্বৰ কলিতা, কুইন ওজাকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই অংশ লয়৷

RELATED ARTICLES