peepl-small

নাঙল যাব মিউজিয়ামত ট্রেক্টৰ যাব দিছপুৰতঃ ড০ শর্মা

PUBLISHED:

গুৱাহাটী: অহা ৬ এপ্রিলত তৃতীয় পর্যায়ত ভোটগ্রহণ হ’বলগীয়া সমষ্টিসমূহত বৃহস্পতিবাৰৰ পৰা বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই হাইভ’ল্টেজ নির্বাচনী প্রচাৰ আৰম্ভ কৰে৷ মন্ত্রী ড০ শর্মাই আজি পুৱাৰ ভাগত পাটাছাৰকুছি সমষ্টিত এক বিশাল ৰোড শ্ব’ৰে সমষ্টিটোৰ বিজেপি প্রার্থী ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ হৈ নির্বাচনী প্রচাৰ চলায়৷ ইয়াৰ পাছতেই তেওঁ বৰমা সমষ্টিৰ মিত্রদল ইউ পি পি এলৰ প্রার্থী ভূপেন বড়ো, ধর্মপুৰ সমষ্টিৰ বিজেপি প্রার্থী চন্দ্রমোহন পাটোৱাৰী, দুধনৈ সমষ্টিৰ বিজেপি মিত্রজোঁটৰ প্রার্থী শ্যামজিৎ ৰাভা, পলাশবাৰী সমষ্টিৰ বিজেপি প্রার্থী হেমাংগ ঠাকুৰীয়া আৰু হাজোৰ বিজেপি প্রার্থী সুমন হৰিপ্রিয়াৰ হৈ নির্বাচনী ৰণডংকা বজায়৷ ৰোড শ্ব’ আৰু নির্বাচনী সমাৱেশসমূহত মন্ত্রী ড০ শর্মাই কংগ্রেছ দলৰ লগতে বদৰুদ্দিন আজমল আৰু হাগ্রামা মহিলাৰীক ক্ষুৰধাৰ সমালোচনা কৰি জনসাধাৰণৰ দুর্যোগৰ সময়ত বিশেষকৈ ক’ভিড কালত বিজেপি দল আৰু চৰকাৰে ৰাইজক আগবঢ়োৱা সহায়–সহযোগিতাৰ বিষয়ে উল্লেখ কৰে৷ আনকি প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈ ক’ভিডত আক্রান্ত হোৱাৰ সময়ত বিজেপি কর্মীয়েহে প্লাজমা দান কৰিছিল বুলি ভাষণত উল্লেখ কৰে৷ সেইদৰে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ নাঙল এইবাৰ মিউজিয়ামত যোৱাৰ বিপৰীতে ইউ পি পি এলৰ ট্রেক্টৰ এইবাৰ দিছপুৰলৈ যাব বুলি ভাষণত কয়৷

বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’লে টিহু মহকুমা পূর্ণ ৰূপত কার্যকৰী কৰাৰ প্রতিশ্রুতি ড০ শর্মাৰ

আজি পাটাছাৰকুছি সমষ্টিৰ টিহুত নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এক বিশাল ৰোড শ্ব’ত অংশগ্রহণ কৰে৷ টিহু হাটখলাৰ পৰা ৰোড শ্ব’ আৰম্ভ কৰি মহাত্মা গান্ধী ভৱনৰ সন্মুখেৰে টিহু নগৰৰ মুখ্য পথত উপস্থিত হয়৷ তাৰ পাছত টিহু–সর্থেবাৰী পথেৰে যাত্রা কৰি টিহু হাইস্কুল খেলপথাৰত উপস্থিত হয়৷ এই যাত্রাকালত তেওঁক অসংখ্য জনাতাই গামোচা পিন্ধোৱাৰ লগতে মত বিনিময় কৰে৷ টিহু হাইস্কুল খেলপথাৰত অনুষ্ঠিত এখন বিশাল জনসভাত অংশগ্রহণ কৰি ড০ শর্মাই কংগ্রেছ দলক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে বিজেপিয়ে ৰাইজক দিয়ে আস্থা আৰু বিশ্বাস৷ ইয়াৰ বিপৰীতে কংগ্রেছে ৰাইজক দিয়ে মাত্র গেৰাণ্টী৷ কংগ্রেছ দলে ৰাইজক লুঙি–ধুতী–সূতা–কম্ব দিয়া বুলি কটাক্ষ কৰি তেওঁ কয় যে বিজেপিয়ে বিভিন্ন আঁচনিৰে ৰাইজক উপকৃত কৰি আহিছে৷

বিজেপি মিত্রজোঁটে পুনৰ চৰকাৰ গঠন কৰিলে বন্ধন আৰু মাইক্র’ ফাইনেঞ্চৰ পৰা ঋণ লোৱাসকলক ঋণ ৰেহাই দিয়াৰ লগতে অৰুণোদয় আঁচনিৰ ধন সকলো দুখীয়া আৰু নিম্ন মধ্যবিত্ত পৰিয়ালক প্রদান কৰা হ’ব আৰু আঁচনিৰ ধন ৮৩০ টকাৰ পৰা তিনি হাজাৰ টকালৈ বৃদ্ধি কৰা হ’ব৷ যিসমূহ মহিলা আত্মসহায়ক গোটে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকা লাভ কৰিছে, সেই গোটসমূহক পৰৱর্তী সময়ত এক লাখৰ পৰা দুই লাখ টকা প্রদান কৰা হ’ব৷ স্নাতক আৰু স্নাতকোত্তৰ পর্যায়ৰ ছাত্রীক স্কুটী প্রদানৰ লগতে পাঠদানত উপস্থিত থকা শিক্ষার্থীক প্রতিদিনে এশ টকাকৈ প্রদান কৰা হ’ব৷ অহা এটা বছৰত ৩৯টা বিভাগত এক লাখ নিবনুৱাক চাকৰি দিয়াৰ লগতে বছৰি দুই লাখ নিবনুৱাক স্বয়ম আঁচনি প্রদান কৰা হ’ব৷ মন্ত্রী ড০ শর্মাই এ আই ইউ ডি এফৰ সভাপতি বদৰুদ্দিন আজমলক তীব্র সমালোচনা কৰি কয় যে আজমলে তেওঁলোকৰ চৰকাৰ হ’লে মাদ্রাছা খুলিব বুলি কৈছে৷

ইয়াৰ বিপৰীতে বিজেপিৰ চৰকাৰ হ’লে মেডিকেল কলেজ, অভিযান্ত্রিক কলেজ খোলা হ’ব৷ নির্বাচনী সমাৱেশখনত অজাপৰ কার্যকৰী সভাপতি তথা পাটাছাৰকুছি সমষ্টিৰ প্রার্থী পবিন্দ্র ডেকাক সমালোচনা কৰি কয় যে পাটাছাৰকুছিত জাহাজ ডুবি সাগৰতলি পাব৷ সমষ্টিটোত পদুম ফুলি দিছপুৰ পাব৷ যোৱা বছৰ ক’ভিড কালৰ সময়ত পবিন্দ্র ডেকা ক’ত আছিল বুলিও তেওঁ প্রশ্ণ উত্থাপন কৰে৷ ভাষণত তেওঁ আৰু কয় যে বিজেপি মিত্রজোঁটে চৰকাৰ গঠন কৰিলে টিহু মহকুমা পূর্ণ ৰূপত কার্যকৰী কৰাৰ লগতে টিহু অঞ্চলৰ সর্বাংগীণ দিশৰ উন্নয়ন সাধন কৰি অঞ্চলটো জাকত জিলিকা হিচাপে গঢ়ি তোলা হ’ব৷ সমষ্টিটোৰ বিজেপি মিত্রজোঁটৰ প্রার্থী ৰঞ্জিত কুমাৰ দাসে ভাষণত এইবাৰ ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ নিশ্চিত বুলি দাবী কৰে৷

নাঙল যাব মিউজিয়ামত, ট্রেক্টৰ যাব দিছপুৰতঃ বৰমাত ইউ পি পি এলৰ হৈ ড০ শর্মাৰ নির্বাচনী প্রচাৰ

নিয়মীয়া বার্তা, বৰমা ঃ বৰমা সমষ্টিৰ মিত্রদল ইউ পি পি এলৰ প্রার্থী ভূপেন বড়োৰ হৈ নির্বাচনী প্রচাৰ চলাই মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এইবাৰ নির্বাচনৰ পাছত হাগ্রামা মহিলাৰীৰ নাঙল মিউজিয়ামত যোৱাৰ বিপৰীতে ইউ পি পি এলৰ ট্রেক্টৰ দিছপুৰলৈ যাব বুলি মন্তব্য কৰে৷ বৰমাৰ কদমতল চ’কত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই কয় যে বিজেপি, অগপ আৰু ইউ পি পি এলে মিলি এইবাৰ দিছপুৰ দখল কৰাটো খাটাং৷ হাগ্রামা মহিলাৰী আৰু বদৰুদ্দিন আজমলৰ মাজত ইলু ইলু চলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে ট্রেক্টৰ মানেই পদুম আৰু পদুম মানেই ট্রেক্টৰ৷ তামুলপুৰৰ বি পি এফৰ প্রার্থী ৰংজা খুংগুৰ বসুমতাৰীয়ে কালি বিজেপিত যোগদান কৰিছে আৰু পৰৱর্তী সময়ত গৰিষ্ঠসংখ্যক বি পি এফৰ নেতা–কর্মীয়ে বিজেপি বা ইউ পি পি এলত যোগদান কৰিব৷

ধর্মপুৰত চন্দ্রমোহন পাটোৱাৰীৰ হৈ ড০ শর্মাৰ প্রচাৰ

ক’ভিডক বিজেপিয়েহে পৰাভূত কৰিছে৷ ক’ভিডৰ ভয়াৱহতাৰ সময়ত কংগ্রেছ গাঁতত সোমাই আছিল৷ কংগ্রেছ সমর্থকে ক’ভিডৰ সময়ত এবটল প্লাজমাও দান কৰা নাছিল প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈক৷ প্রয়াত গগৈক বিজেপি কর্মীয়েহে প্লাজমা দান কৰিছিল৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ ধর্মপুৰ সমষ্টিৰ বিজেপি প্রার্থী চন্দ্রমোহন পাটোৱাৰীৰ হৈ বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজিত এখন নির্বাচনী সমাৱেশত মন্ত্রী ড০ শর্মাই কয় যে হজৰত মহম্মদে পৃথিৱীত ইছলাম ধর্ম আনিছিল৷ তেওঁ কেতিয়াও নিজকে আল্লাৰ লগত সমান বুলি কোৱা নাছিল৷ তেওঁ নিজকে আল্লাৰ দূত বুলি ভাবিছিল৷ কিন্তু বদৰুদ্দিন আজমলে ওপৰত আল্লা তলত আজমল বুলি কৈ ইছলামক অপমান কৰাৰ লগতে অসমীয়া জাতিক প্রত্যাহ্বান জনাইছে৷ ধর্মপুৰ সমষ্টিৰ অজাপৰ প্রার্থী ড০ শিখৰ কুমাৰ শর্মাৰ প্রসংগ উত্থাপন কৰি তেওঁ কয় যে কংগ্রেছৰ ছুপাৰি লৈ বিজেপিৰ ভোট ভাঙিবলৈ শিখৰ শর্মা নির্বাচনত নামিছে৷ অজাপ ডুবন্ত জাহাজ টাইটানিক৷ শিখৰ শর্মাক উদ্দেশ্যি তেওঁ কয় যে অধ্যাপক মানুহ ক’ৰবাত উপাচার্য হ’ব লাগে৷ ৰাজনীতি কৰিব কিয় আহিছে? ৰাজনীতিৰ বিষয়ে কি জানে? ৰাজ্যত বিজেপি মিত্রজোঁটৰ চৰকাৰ হ’লে বেলশৰৰ ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত প্রধানমন্ত্রী থাকিব পৰা এটা অতিথিশালা নির্মাণ কৰাৰো তেওঁ প্রতিশ্রুতি দিয়ে৷

দুধনৈৰ বনগাঁৱত শ্যামজিৎ ৰাভাৰ হৈ ড০ শর্মাৰ প্রচাৰ

দুধনৈৰ বনগাঁৱত ৰাভা হাছং যৌথ সংগ্রাম সমিতি তথা বিজেপি মিত্রজোঁটৰ প্রার্থী শ্যামজিৎ ৰাভাৰ হৈ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নির্বাচনী প্রচাৰ চলায়৷ সমষ্টিটোৰ বনগাঁৱত আয়োজিত নির্বাচনী সমাৱেশখনত মন্ত্রী ড০ শর্মাই কংগ্রেছক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্রেছে অকল ধুতী–লুঙি–সূতা–কম্ব বিতৰণ কৰিয়েই দায়িত্ব সামৰিছে৷ তাকো পাঁচ বছৰত এবাৰ৷ সেইদৰে বদৰুদ্দিন আজমলক সমালোচনা কৰি কয় যে ৰাইজক মাদ্রাছা লাগে নে কলেজ–বিশ্ববিদ্যালয়্ লাগে? বিজেপি চৰকাৰে যোৱা পাঁচটা বছৰত কৰা উন্নয়নমূলক কাম–কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে পুনৰ ক্ষমতালৈ আহিলে কৰিবলগীয়া বিভিন্ন আঁচনিৰ বিষয়েও ৰাইজক অৱগত কৰি সমষ্টিটোৰ জনসাধাৰণক শ্যামজিৎ ৰাভাক জয়যুক্ত কৰাৰ আহ্বান জনায়৷ নির্বাচনী সভাখনত সাংসদ ৰামেশ্বৰ তেলী, ৰাভা হাছং স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী সদস্য টংকেশ্বৰ ৰাভা, ৰাভা হাছং যৌথ সংগ্রাম সমিতি আৰু বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷

বিজেপিৰ বিশ্বাস আছে বাবে গেৰাণ্টী নিদিয়েঃ পলাশবাৰীত নির্বাচনী সমাৱেশত ড০ শর্মা

গেৰাণ্টী কোনে দিয়ে, যাৰ গেৰাণ্টী নাই৷ কংগ্রেছৰ গেৰাণ্টী নাই বাবে এইবেলি পাঁচটা গেৰাণ্টী লৈ আহিছে৷ বিজেপি চৰকাৰৰ বিশ্বাস আছে বাবে গেৰাণ্টী নিদিয়ে৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ পলাশবাৰী সমষ্টিৰ বিজেপি প্রার্থী হেমাংগ ঠাকুৰীয়াৰ হৈ আজি সমষ্টিটোৰ মির্জাস্থিত পলাশবাৰী আৰ বি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত এখন বিশাল নির্বাচনী সমাৱেশত অংশগ্রহণ কৰি মন্ত্রী ড০ শর্মাই কয় যে যোৱা বছৰ ক’ভিডৰ সময়ত কংগ্রেছ দলৰ নেতা–কর্মীসকল গাঁতত সোমাই আছিল৷ এইবাৰ নির্বাচনত কংগ্রেছ দলে গেৰাণ্টী লৈ আহিছে৷ কিন্তু আজিকালি বজাৰৰ সামগ্রীৰে গেৰাণ্টী নাই৷ ভাষণত তেওঁ বিজেপি মিত্রজোঁটৰ চৰকাৰখনে যোৱা পাঁচটা বছৰত কৰা কাম–কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে পুনৰ ক্ষমতালৈ আহিলে কৰিবলগীয়া কাম–কাজৰ বিষয়েও উল্লেখ কৰে৷ পলাশবাৰীত এইবাৰ হেমাংগ ঠাকুৰীয়াক বিপুল ভোটত জয়যুক্ত কৰাই সমষ্টিটো জাকত জিলিকা কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়৷

প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈৰ ক’ভিডৰ সময়ত প্লাজমা দান

কৰিছিল বিজেপি কর্মীয়েঃ হাজোৰ নির্বাচনী সমাৱেশত মন্ত্রী ড০ শর্মাৰ মন্তব্য

নিয়মীয়া বার্তা, হাজো ঃ বিশ্বাসেই হৈছে জীৱনৰ আদিমূল৷ বিশ্বাস কৰি চলি থাকিলে কোনেও বিপদত নপৰে৷ কংগ্রেছ দলৰ বিশ্বাস নাই, সেয়ে কংগ্রেছে গেৰাণ্টী দিয়ে৷ কিন্তু বিজেপিয়ে বিশ্বাসত চলে৷ –এই মন্তব্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ আজি হাজো বিধানসভা সমষ্টিৰ ক্ষেত্রীহাৰদিয়াত সমষ্টিটোৰ বিজেপি প্রার্থী সুমন হৰিপ্রিয়াৰ হৈ নির্বাচনী প্রচাৰ চলাই মন্ত্রী ড০ শর্মাই কয় যে ক’ভিডৰ সময়ত প্রয়াত মুখ্যমন্ত্রী তৰুণ গগৈক বিজেপি কর্মীয়ে প্লাজমা দান কৰিছিল৷ বদৰুদ্দিন আজমলকো সমালোচনা কৰি কয় যে আজমলে ওপৰত আল্লা আৰু তলত তেৱেঁই আল্লা বুলি দাবী কৰিছে৷ সেই আজমলে মহিলাসকলক সন্তান জন্ম দিয়া মেচিন হিচাপে ব্যৱহাৰ কৰে৷ আজমলৰ তেনে অপ্রাসংগিক কথাই মহিলাসকলক অপমান কৰাই নহয়, সমাজত হেয় প্রতিপন্ন কৰিছে৷ কংগ্রেছকো ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্রেছৰ দিনত বিতৰণ কৰা ধুতী–লুঙি–আঁঠুৱা–কম্ মূল্য অতি নগণ্য৷ কিন্তু বিজেপি চৰকাৰৰ দিনত ৰূপায়ণ কৰা অভিলাষী আঁচনিৰ মূল্য অনেকগুণে ওপৰত৷ হাজো বিধানসভা সমষ্টিৰ কংগ্রেছ আৰু অজাপৰ প্রার্থীক তীব্র ভাষাৰে সমালোচনা কৰি তেওঁ সমষ্টিটোৰ উন্নয়নৰ স্বার্থত পুনৰ বিজেপি প্রার্থী সুমন হৰিপ্রিয়াক নির্বাচিত কৰিবলৈ আহ্বান জনায়৷

RELATED ARTICLES