peepl-small

লাভলীনাৰ ঘৰলৈ যোৱা বোকাময় পথ পকীকৰণৰ কাম আৰম্ভ কৰিছে লোকনিৰ্মাণ বিভাগে

PUBLISHED:

গোলাঘাট: দুৰ্বাৰ ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্রমৰ ফলত টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি কোৱাৰ্টাৰ ফাইনেলত জয় লাভ কৰা অসম জীয়ৰী লাভলীনা বৰগোহাঁইয়ে প্ৰবেশ কৰিলে ছেমি ফাইনেলত।

উল্লেখ্য ছেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে  টকিঅ’ অলিম্পিকত লাভলীনাই দেশৰ হৈ এটা পদক পোৱাটো নিশ্চিত হ’ল। কিন্তু,  লাভলীনাৰ বৰপথাৰৰ বাৰমুখীয়া গৃহলৈ যোৱা পথৰ অৱস্থা একেবাৰে শোচনীয়, গতিকে শুক্ৰবাৰে  সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকন আৰু গৰকাপ্তানী বিভাগৰ সহযোগত লাভলীনাক উপহাৰ স্বৰূপে বোকা মই পথৰ পকীকৰণৰ কাম আৰম্ভ কৰিছে।

আৰু লাভলীনাৰ সফলতাত উৎফুল্লিত হৈ পৰিছে বিধায়ক গৰাকী। লগতে ,টকিঅ’ অলিম্পিকত সোণৰ পদক লৈ ঘৰলৈ উভতি আহিব বুলি আশা প্ৰকাশ কৰে তেওঁ। ৪ তাৰিখে তুৰস্কৰ বুচেনাজ চুৰমেনেলিৰ বিৰুদ্ধে ৰিঙত সোমাব ৰিঙৰ ৰাণী লাভলীনাই।

চেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে আনন্দৰ লহৰ উঠে বক্সাৰ গৰাকীৰ জন্মস্থান বৰপথাৰত। ফটকা ফুটাই আবতৰীয়া দেৱালী উদযাপন কৰাৰ লগতে বিহু গীত গাই আনন্দ কৰে জনতাই।

RELATED ARTICLES