peepl-small

দুচকীয়া বাহনত উঠিব নোৱাৰিব দুজন পুৰুষঃ মহিলাৰ ক্ষেত্ৰত ৰেহাই

PUBLISHED:

গুৱাহাটীঃ অসম চৰকাৰে সোমবাৰে জাৰি কৰিছে ক’ভিড সম্পৰ্কীয় নতুন নীতি-নিৰ্দেশনা।
বিভিন্ন বাধা-নিষেধৰ লগতে দুচকীয়া বাহনত ‘পিলিয়ন ৰাইডিং’ বন্ধ কৰিছে চৰকাৰে। অৰ্থাৎ মটৰ চাইকেল, স্কুটাৰ আদিত দুজন পুৰুষ উঠিব নোৱাৰিব।
অৱশ্যে মহিলা আৰু শিশুক এই নিষেধাজ্ঞাৰ পৰা ৰেহাই দিয়া হৈছে।

আনহাতে, গুৱাহাটীত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব।

আন্তঃজিলা যাতায়াত পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বন্ধ থাকিব।

দক্ষিণ শালমাৰা মানকাচৰ, মাজুলী, বঙাইগাঁও আৰু চিৰাং জিলাত ৫ বজাৰ পৰা সান্ধ্য আইন প্ৰযোজ্য হ’ব।

ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব।

ডিমা হাছাও, চৰাইদেউতো বিয়লি ৫ বজাৰ পৰা সান্ধ্য আইন আৰম্ভ হ’ব।

আনহাতে কঠোৰ পৰ্যবেক্ষণত থাকিব কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও আৰু শোণিতপুৰ জিলা। পৰিস্থিতি উন্নত নহ’লে এই ৫ জিলাত শীঘ্ৰেই অধিক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

আন জিলাসমূহত দিনৰ পৰা ১ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইন থাকিব।

দোকান-পোহাৰ সময়ৰ ক্ষেত্ৰত পূৰ্বৰ নিৰ্দেশনাই বাহাল থাকিব।

Photo by Nathan Salt from Pexels

RELATED ARTICLES