peepl-small

ভৱানীপুৰৰ মিত্রজোঁটৰ প্রার্থীৰ ঘৰত পেট্র’ল বোমা নিক্ষেপ

PUBLISHED:

বজালী জিলা সদৰ পাঠশালা নগৰৰ মাজমজিয়াত যোৱানিশা সংঘটিত এক পেট্র’ল বোমা নিক্ষেপৰ ঘটনাই পাঠশালাৰ লগতে সমগ্র বজালীত চাঞ্চল্য সৃষ্টি কৰিছে৷

ঘটনা সন্দর্ভত জানিব পৰা অনুসৰি যোৱানিশা প্রায় ৯ বজাত পাঠশালাৰ আগশাৰীৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ ড০ ৰঞ্জিত ডেকাৰ পাঠশালা আৰক্ষী চকীৰ অন্তর্গত কৃষ্ণনগৰস্থিত বাসভৱনত কোনো অচিনাক্ত দুর্বৃত্তই পেড্র’ল বোমা নিক্ষেপ কৰে৷ ফলত এক প্রচণ্ড শব্দ হৈ বাসভৱনটোৰ প্রথম মহলাৰ খিৰিকীৰ গ্লাছ ভাঙি পর্দাত জুই লাগে৷ এই ঘটনাৰ পাছতে ঘৰত থকা লোকসকলে কেনেবাকৈ অগ্নি নির্বাপণ কৰি আৰক্ষীক খবৰ দিয়ে৷

এই ঘটনাৰ তথ্য লাভ কৰি বজালী জিলাৰ আৰক্ষী অধীক্ষক ধর্মেন্দ্র দাস ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে৷ প্রাপ্ত খবৰ অনুসৰি ঘটনা সংঘটিত হোৱা সময়ত ড০ ডেকা নিজ গৃহত উপস্থিত নাছিল আৰু ঘটনাটো সংঘটিত হোৱাৰ কিছু সময় পাছতে তেওঁৰ পত্নীক কোনো অচিনাক্ত ব্যক্তিয়ে ফোন কৰি ধমকি দি কয় যে যদিহে তেওঁলোকৰ দাবী মানি লোৱা নহয়, তেন্তে অনাগত দিনত অধিক ক্ষতিৰ সন্মুখীন হ’ব লাগিব৷

ড০ ডেকাৰ পত্নী নন্দিতা ডেকাই জনোৱা অনুসৰি তেওঁলৈ অহা অচিনাক্ত ফোন ক’লটোৱে ‘ধমাকা কেইচা লগা’ বুলি হিন্দীত সুধি তেওঁলোকৰ দাবী অনতিপলমে মানি ল’বলৈ কয়৷ ইয়াৰ পাছতে নন্দিতা ডেকাই তেওঁলোকৰ দাবী কি বুলি সোধাত পাছত পুনৰ ফোন কৰি জনাব বুলি সংযোগ বিচ্ছিন্ন কৰি দিয়ে৷

ইপিনে ঘটনা সন্দর্ভত তৎকালে তদন্ত আৰম্ভ কৰিছে বজালী আৰক্ষীয়ে৷ আৰক্ষীৰ এটা দলে ঘটনাস্থলী পৰিদর্শন কৰি ক’ল ৰেকর্ডিঙকে আদি কৰি বিভিন্ন তথ্যৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে৷ এই ঘটনাটোৱে সমগ্র বজালীতে চাঞ্চল্য সৃষ্টি কৰিছে৷

উল্লেখ্য যে অসমৰ এখন আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আনন্দৰাম বৰুৱা একাডেমীৰ ৰেক্টৰ তথা অধ্যক্ষ ড০ ৰঞ্জিত ডেকাই বিগত বিধানসভা নির্বাচনত ৪১নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ পৰা বিজেপি–অগপ–ইউ পি পি এল মিত্রজোঁটৰ মনোনীত প্রার্থী হিচাপে নির্বাচনতো অৱতীর্ণ হৈছিল৷

ইপিনে ড০ ৰঞ্জিত ডেকাৰ বাসগৃহত দুর্বৃত্তই পেট্র’ল বোমা নিক্ষেপ কৰি আক্রমণ কৰা ঘটনাক তীব্র ভাষাৰে গৰিহণা দিছে ইউ পি পি এলৰ শালবাৰী জিলা সমিতিৰ সাধাৰণ সম্পাদক বিনোদ মুছাহাৰী, দলৰ যুৱ শাখাৰ শালবাৰী জিলা সমিতিৰ সভাপতি সত্যজিৎ বডো আৰু মহিলা কোষৰ কেন্দ্রীয় সাধাৰণ সম্পাদিকা বিউটী বসুমতাৰীয়ে৷ ইউ পি পি এলৰ তৰফৰ পৰা এনেধৰণৰ জঘন্য ঘটনাৰ সৈতে জডিত দুর্বৃত্তক প্রশাসনে ২৪ ঘণ্টাৰ ভিতৰত কৰায়ত্ত কৰি উচিত শাস্তি প্রদানৰ দাবী জনাইছে৷ লগতে চৰকাৰৰ তৰফৰ পৰা ড০ ৰঞ্জিত ডেকাৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবেও দাবী জনাইছে ইউ পি পি এল দলে৷

RELATED ARTICLES