৭৫সংখ্যক স্বাধীনতা দিৱসৰ কার্যসূচী শান্তিপূর্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে মহানগৰ আৰক্ষীয়ে বিগত ১০ দিন ধৰি নিয়মীয়াকৈ তালাচী চলাই আহিছে৷ মহানগৰীৰ প্রৱেশ–প্রস্থান পথ, ৰে’লৱে ষ্টেচনৰ লগতে ব্রহ্মপুত্রৰ চৰ–চাপৰিত অভিযান তীব্রতৰ কৰি তুলিছে৷
স্বাধীনতা দিৱসৰ পূর্বে কোনো দুষ্কৃতিকাৰীয়ে যাতে কূটাঘাতমূলক কার্য সংঘটিত কৰিব নোৱাৰে, তাৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষী আৰু পাণ্ডু নদী আৰক্ষীয়ে ব্রহ্মপুত্রত নিয়মীয়াকৈ টহল দি অহাৰ লগতে নদীৰে যাতে কূটাঘাতকাৰীয়ে গুৱাহাটীত প্রৱেশ কৰিব নোৱাৰে, তাৰ প্রতি তীক্ষ্ণ দৃষ্টি ৰাখিছে৷
ইফালে, চন্দ্রপুৰ আৰক্ষীয়েও ব্রহ্মপুত্রত তীক্ষ্ণ নজৰ ৰখাৰ লগতে চৰ–চাপৰি অঞ্চলত ঘৰে ঘৰে গৈ জনসাধাৰণক সজাগ কৰিছে৷
Also Read: BJP Politician Rupesh Sawarkar: Farmers are the backbone of India