peepl-small

পাণ্ডুত গার্ডৱাল খহি বৃদ্ধাৰ মৃত্যুঃ আহত তিনি

PUBLISHED:

গুৱাহাটী: বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন স্থানত পুনৰ সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা৷ শুকুৰবাৰে পুৱা প্রায় ৪.৩০ বজাত পাণ্ডুৰ ৱাটাৰ ৱর্ক কলনীৰ হিল ছাইডত সংঘটিত হয় এক ভয়াৱহ ভূমিস্খলন৷ কৃষ্ণকান্ত দে’ নামৰ লোকজনৰ চৌহদৰ গার্ডৱাল খহি সোমানন্দ বণিকৰ বাসগৃহত পৰে৷ কাহিলিপুৱাতে সংঘটিত এই ভয়াৱহ ভূমিস্খলনত শুই থকা অৱস্থাতে কলনীটোৰ প্রতিমা বণিক (৭৩) নামৰ বৃদ্ধাগৰাকীৰ মৃত্যু হয়৷ এই ভূমিস্খলনত ৰাজদীপ বণিক, সুজিত বণিক আৰু সোমা বণিক নামৰ তিনিগৰাকী লোক গুৰুতৰভাৱে আহত হয়৷ আহত লোককেইজনক স্থানীয় লোকে উদ্ধাৰ কৰি জি এম চি এইচলৈ প্রেৰণ কৰে৷

বিগত কেইবাদিনো ধৰি হোৱা বৰষুণৰ ফলতেই পাণ্ডু কলেজ গেটৰ সমীপৰ ৱাটাৰ ৱর্ক কলনীৰ হিল ছাইডত এই ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয় বুলি স্থানীয় লোকে জানিবলৈ দিছে৷ এই ভূমিস্খলনৰ ঘটনাৰ পিছতে পাহাৰ অঞ্চলটোত বসবাস কৰা লোকসকলৰ মাজত আতংক বিৰাজ কৰিছে৷ ইফালে, দুদিন পূর্বে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰ সংযোগী নতুনকৈ নির্মাণ কৰা পথতো দুটাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল৷

উল্লেখ্য যে বিগত বর্ষত মহানগৰীৰ খাৰঘুলিত সংঘটিত ভয়াৱহ ভূমিস্খলনত প্রিয়ংকা বড়ো নামৰ এগৰাকী প্রতিভাৱান ছাত্রীৰ মৃত্যু হৈছিল৷ বাৰিষা সময়ত হোৱা বৰষুণৰ ফলত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত বিশেষকৈ পাহাৰ অঞ্চলত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ মহানগৰীত সংঘটিত ভূমিস্খলনত এতিয়ালৈকে বহু লোকে অকালতে প্রাণ হেৰুৱাবলগীয়া হৈছে৷ মহানগৰীত সংঘটিত হৈ থকা ভূমিস্খলন ৰোধ কৰাৰ বাবে জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে, সেয়া লক্ষণীয় হ’ব৷

RELATED ARTICLES